Logo
image

শৰ্কৰা নিয়ন্ত্ৰণত ৰখাৰ বাবে তিতা কেৰেলা খাওক

তিতা কেৰেলা নিয়মীয়াকৈ খালে স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী৷ তিতা কেৰেলাত আছে বিভিন্নধৰণৰ ঔষধি গুণ৷ তিতা কেৰেলাত পটেছিয়াম, আইৰন, বিটাকেৰ’টিন,  ভিটামিন বি -ৰ ভিটামিন বি-২ ৰ থকাৰ উপৰি প্ৰচুৰ পৰিমাণে ভিটামিন চি উপলব্ধ৷ যাৰ বাবে তিতা কেৰেলা খাদ্য তালিকাত ৰাখিলে কেইবাটাও ৰোগৰ পৰা হাত সাৰিব পাৰি৷ 
- হজম শক্তি বৃদ্ধিঃ তিতা কেৰেলাত থকা বিভিন্ন ঔষধি গুণে বদ হজমজনিত সমস্যা সমাধান কৰে৷ 
- মেলেৰিয়া প্ৰতিৰোধঃ তিতা কেৰেলা নিয়মীয়াকৈ খালে মেলেৰিয়া ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ তদুপৰি তিতা কেৰেলাই কৰ্কট ৰোগৰ প্ৰতিৰোধক ৰূপে কাম কৰে৷ 
- শৰ্কৰা নিয়ন্ত্ৰণ থাকেঃ তিতা কেৰেলাই তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷ মধুমেহ ৰোগীৰ বাবে ই মহৌষধ স্বৰূপ৷ 
- চৰ্ম ৰোগ উপশমঃ যিকোনোধৰণৰ চৰ্ম ৰোগত তিতা কেৰেলাই সুফল দিয়ে৷ তিতা কেৰেলাৰ পাত সিজাই সেই পানীৰে স্নান কৰিলে খজুৱতি আদিৰ পৰা উপশম পাব পাৰি৷ কিন্তু আলচাৰজনিত ৰোগত আক্ৰান্তসকলে তিতা কেৰেলা এৰাই চলিব লাগে৷