Logo
image

গ্ৰেজুৱেট চোৰঃ ফ্লেট ক্ৰয়ৰ বাবেহে গোলাপ বৰাই চুৰি কৰিছিল কইনাৰ গহনা-কাপোৰ

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক ১৯ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ মঠঘৰীয়াস্থিত 'দ্যা ক্ৰাউন' বিবাহ ভৱনত কইনাৰ  সোণৰ অলংকাৰ, কাপোৰ ভৰ্তি বেগ চুৰি কৰি পলায়ন কৰা চোৰক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে নুনমাটি আৰক্ষীয়ে।

চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি আৰু ম'বাইলৰ লোকেশ্যনৰ ওপৰত ভিত্তি কৰি আৰক্ষীৰ দলে সোমবাৰে পুৱা প্ৰায় ৯ মান বজাত নুনমাটিৰ মছজিদ গলিত অভিযান চলাই গোলাপ বৰা নামৰ  চোৰটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে চুৰি হোৱা কইনাৰ সোণৰ অলংকাৰ আৰু কাপোৰৰ বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে মছজিদ গলিত ভাৰতীয়া হিচাপে থকা ধৃত গোলাপ বৰাই গুৱাহাটী কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ এটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীত কৰ্মৰত হৈ আছিল। আৰক্ষীৰ জেৰাত ফ্লেট ক্ৰয় কৰাৰ বাবে ধৃত গোলাপ বৰাই এই চুৰি কাণ্ড সংঘটিত কৰা বুলি  স্বীকাৰোক্তি দিছে। ধৃত চোৰটোৱে পূৰ্বে গাড়ী চুৰি কাৰ্যতো জড়িত থকা বুলি  আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয়ে মঠঘৰীয়াৰ দ্যা ক্ৰাউন বিবাহ ভৱনত তেওঁৰ বিবাহৰ মাংগলিক অনুষ্ঠানৰ দিনা বৰযাত্ৰী হৈ অহা গোলাপ বৰা নামৰ চোৰটোৱে অতি কৌশলেৰে দৰাই কইনাক দিয়া সোণৰ গহনা, কাপোৰ ভৰ্তি বেগ লুটি লৈ গৈছিল। পিছত দৰাৰ পৰিয়ালে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি এজন অচিনাক্ত যুৱকে কইনাৰ গহনা-কাপোৰ ভৰ্তি বেগ লৈ যোৱা দৃশ্য ধৰা পেলাইছিল। ঘটনা সন্দৰ্ভত দৰা বিবেক ৰায়ে নুনমাটি থানাত দাখিল কৰাত আৰক্ষীয়ে অতি তৎপৰতাৰে চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।