Logo
image

মেট্ৰিক বিসংগতি ২.০

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ মেট্ৰিক পৰীক্ষা আৰু বিতৰ্ক এতিয়া যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিত পৰিণত হৈছে৷ স্কুলীয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাত কেতিয়াবা যদি প্ৰশ্নকাকত ফাদিল, আন কেতিয়াবা আকৌ গৰুৱে উত্তৰ বহী খোৱাৰ দৰে আজৱ ঘটনা সংঘটিত হৈ আহিছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বছৰে বছৰে প্ৰশ্নকাকত ফাদিল বা আন গুৰুতৰ বিসংগতি হৈ অহাৰ পাছতো পূৰ্বৰ ভুলৰ পৰা যেন কোনো শিক্ষা ল’ব নিবিচাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই৷ আশ্বৰ্যজনক বিষয়টো হৈছে প্ৰতি বছৰে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল বা আন আন চৰম বিসংগতি উন্মোচন হৈ আহিলেও অজ্ঞাত কাৰণত শিক্ষা বিভাগে অৱসৰী আমোলাৰ পৰা ছেবাক মুক্ত কৰিব নিবিচাৰে৷ এইবাৰৰ মেট্ৰিকৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষাৰ আধা ঘণ্টাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল যদিও নাও বুৰিলেও টিঙৰ পৰা ননমা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মোবাইলে মোবাইলে প্ৰশ্নকাকত ভাইৰেল হোৱাৰ তথ্য প্ৰমাণকো অস্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ প্ৰথম দিনা বিতৰ্কৰ মাজেৰে ইংৰাজী পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত এইবাৰ মেট্ৰিকৰ দ্বিতীয় দিনাৰ পৰীক্ষাও বিতৰ্কৰ পৰা বাদ নপৰিল৷ সোমবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা৷ কিন্তু কোকৰাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ পৰিৱৰ্তে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা অহাত ১৫ মিনিট পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হ’ল পৰীক্ষা৷ বি টি এ ডিৰ অন্তৰ্গত কোকৰাঝাৰৰ সদৰস্থিত ডি এন হিম্মৎসিংকা হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰত এই আজৱ ঘটনা সংঘটিত হয়৷ পৰীক্ষা কেন্দ্ৰত প্ৰশ্ন কাকতৰ টোপোলা খোলাত সমাজ বিজ্ঞানৰ পৰিৱৰ্তে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত দেখি হতভম্ব হৈ পৰে প্ৰধান শিক্ষকৰ লগতে নিৰীক্ষকসকল৷ ফলত নতুনকৈ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত আনি ১৫ মিনিট পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰে৷ অৱশ্যে বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰশ্নকাকতৰ মূল পেকেটৰ ওপৰত সমাজ বিজ্ঞান লিখা আছিল যদিও ভিতৰৰ পেকেটত সাধাৰণ বিজ্ঞানৰ লেবেল দেখা পাই প্ৰশ্নকাকত সাল-সলনি হোৱাৰ বিষয়টো নিশ্চিত কৰা বুলি দাবী কৰিছে৷ লক্ষণীয়ভাৱে মেট্ৰিকৰ দ্বিতীয় দিনাৰ পৰীক্ষাৰ কোনো প্ৰশ্নকাকত ফাদিল হোৱা খবৰ প্ৰচাৰ হোৱা নাই যদিও বিপৰীতে খোদ শিক্ষাগুৰুৱে ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক নকল যোগান দিয়াৰ ঘটনাৰ পোহৰলৈ আহিছে৷ পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’বলগীয়া হ’ল প্ৰধান শিক্ষকসহ চতুৰ্থবৰ্গৰ কৰ্মচাৰী৷ ধেমাজি জিলাৰ মূৰ্কংচেলেক বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত নকল যোগানৰ অপচেষ্টা কৰি আটক হয় নিৰীক্ষক তথা স্থানীয় এখন ভেন্সাৰ স্কুলৰ প্ৰধান শিক্ষক পদ্ম কুলি, তৃতীয় বৰ্গৰ কৰ্মচাৰী লীলাধৰ পায়েং, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দেৱেন পাতিৰ আৰু এটা কম্পিউটাৰ চেণ্টাৰৰ মালিক ধীৰাজ দুৱৰা৷ পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতেই চাহ-মিঠাই আনিবলৈ স্কুটি লৈ ওলাই যোৱা চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনক ঘূৰি অহাৰ সময়ত প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীয়ে তালাচী চলোৱাত স্কুটীৰ ডিকিৰ ভিতৰত ওলাই পৰে পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু শ্ৰেণীকোঠাৰ নম্বৰসহ নকলৰ জাপ৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক আটক কৰি সোধা-পোছা কৰাৰ পাছতেই নকল যোগান কাণ্ডত জড়িতসকলৰ তথ্য পোহৰলৈ আহে৷ ইফালে শিক্ষকে নকল যোগানৰ দ্বিতীয়টো ঘটনা সংঘটিত হয় নগাঁও জিলাৰ ধিঙত৷ স্থানীয় ডুমডুমীয়া বালিসত্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অসৎ উপায় অৱলম্বন কৰাৰ  সময়ত হাতে লোটে ধৰা পেলাই বহিঃ নিৰীক্ষকে এজন পৰীক্ষাৰ্থীক বহিস্কাৰ কৰে৷ উক্ত পৰীক্ষাৰ্থীজনক কৰ্তব্যৰত আছিক ইকবাল ওৰফে জনতা নামৰ শিক্ষকজনে নকল যোগান ধৰাৰ অভিযোগ উঠাত বিদ্যালয়খনৰ মহিবুৰ ইছলাম নামৰ আন এজন সহঃ শিক্ষকে অভিযুক্ত শিক্ষকজনক পলোৱাই পঠোৱাৰ অভিযোগ উঠিছে৷ আনকি নকল যোগান ধৰাৰ বাবদ পৰীক্ষাৰ্থীজনৰ অভিভাৱকৰ পৰা শিক্ষক আছিক ইকবালে ২০ হাজাৰ টকা লোৱাৰ অভিযোগ উঠিছে৷ ইফালে পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বনত সহায় কৰাৰ অভিযোগত ধিঙৰ ধূপগুড়িৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ দায়িত্বৰ পৰা  প্তজন শিক্ষক বহিষ্কাৰ কৰা হৈছে৷ বহিষ্কৃত শিক্ষক কেইজন হৈছে ক্ৰমে–ধূপগুড়ি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাছিদা খাতুন, চলাপথাৰ হাইস্কুলৰ শিক্ষক আনোৱাৰ হুছেইন, ফজৰ আলী, কদমণি হাইস্কুলৰ শিক্ষক চুলতানা চৌধুৰী আৰু হাইডুবি হাইস্কুলৰ শিক্ষক জাকিৰ হুছেইন৷  এক কথাত ধনৰ বিনিময়ত খোদ শিক্ষাগুৰুৱেই এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীক নকল যোগান ধৰাত নামি পৰিছে৷

জোনাইত নকলৰ টোপোলাসহ ধৃত শিক্ষক, দুই কৰ্মচাৰী আৰু কম্পিউটাৰ দোকানী

‘আমাৰ অসম’ৰ জোনাই প্ৰতিবেদকঃ এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু৷ জোনাইৰ মূৰ্কংচেলেক বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ত বৃহৎ পৰিমাণৰ নকলসহ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে আটক কৰা হয় এজন শিক্ষক, এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু এজন কম্পিউটাৰ দোকানীক৷ উল্লেখ্য, পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বিদ্যালয়খনৰ চকীদাৰজনে স্কুটী লৈ চাহ আনিবলৈ যায়৷ তেওঁ উভতি আহি পৰীক্ষা কেন্দ্ৰত পোৱাৰ সময়ত দায়িত্ব থকা আৰক্ষীয়ে চকীদাৰজনৰ স্কুটী পৰীক্ষা কৰোঁতে ওলাই পৰে জোলোঙাৰ মেকুৰী৷ স্কুটীৰ ভিতৰত চাহ-চিঙৰাৰ পৰিৱৰ্তে জাপে জাপে ওলাল নকল৷ চকীদাৰজনক আটক কৰি সোধা-পোছা কৰাত অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ এজন শিক্ষক, এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু এজন কম্পিউটাৰ দোকানী এই নকল যোগান ঘটনাৰে জড়িত থকাৰ কথা পোহৰলৈ আহে৷ আৰক্ষীয়ে তেওঁলোককো আটক কৰে৷ উল্লেখ্য, জব্দকৃত নকল কোন নম্বৰ পৰীক্ষা গৃহৰ কোনজন পৰীক্ষাৰ্থীক যোগান ধৰিব সেই পৰীক্ষাৰ্থীজনৰ ৰোল নম্বৰ আৰু নামসহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ ধৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পদ্ম কুলি, তৃতীয় বৰ্গৰ কৰ্মচাৰী লীলাধৰ পায়েং, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দেৱন পাতিৰ আৰু কম্পিউটাৰ দোকানৰ মালিক ধীৰাজ দুৱৰা৷ ইফালে, আৰক্ষীয়ে জোনাই ৰাংকপ তিনিআলিস্থিত Rangkap Digital JGA Computer Education Centre নামৰ জেৰক্স চেণ্টাৰটোত অভিযান চলাই নকল জেৰক্স কৰা মেচিনো জব্দ কৰে৷ এই ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

বটদ্ৰৱাত ছাত্ৰ বহিস্কৃত, নকল যোগানকাৰী শিক্ষকৰ পলায়ন

‘আমাৰ অসম’ৰ ধিং আৰু বটদ্ৰৱাৰ প্ৰতিবেদকঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত এজন ছাত্ৰ বহিষ্কাৰ কৰাৰ ঘটনাক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰীক্ষা কেন্দ্ৰটোৰ এজন নিৰীক্ষকেই ছাত্ৰজনক যোগান ধৰিছিল নকলৰ কপি৷  নকল কপি যোগান ধৰা শিক্ষকজনৰ নাম ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰ৷ তেওঁ জাৰামাৰী চৰ দি কে বি হাইস্কুলৰ শিক্ষক৷ বহিস্কৃত ছাত্ৰজন একে বিদ্যালয়ৰে, নাম আলফাজ উদ্দিন (Roll ০৬০৪. 0604. N0. 0278)৷ পাছত একাংশ পৰীক্ষা নিয়ন্ত্ৰকে শিক্ষকজনক আৱদ্ধ কৰি ৰাখিছিল যদিও অন্য একাংশ নিৰীক্ষকে ইকবাল হুছেইন ওৰফে জনতা মাষ্টৰক পলাবলৈ সুবিধা কৰি দিয়ে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, নিৰীক্ষক ইকবাল হুছেইনে বহু ছাত্ৰ-ছাত্ৰীৰ পৰা ২০১ পৰা ৩০ হাজাৰ টকাকৈ উৎকোচ লৈ এনেদৰে পৰীক্ষাত অসৎ কাৰ্য সম্পাদন কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰজন বহিষ্কৃত হোৱাৰ পিছত ডুমডুমীয়া বালিসত্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ঘটনা সন্দৰ্ভত ডুমডুমীয়া বালিসত্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় বিদ্যালয়ৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ দেৱনাথে কোনো মন্তব্য প্ৰদান কৰা নাই৷ উল্লেখযোগ্য যে, ডুমডুমীয়া বালিসত্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ এইবেলি পৰীক্ষা বহিঃনিয়ন্ত্ৰক বিষয়া হিচাপে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক প্ৰাঞ্জল হাজৰিকাই দায়িত্ব পালন কৰি আছে৷ 

ছিপাঝাৰত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু

‘আমাৰ অসম’ৰ ছিপাঝাৰৰ প্ৰতিবেদকঃ  ছিপাঝাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ উল্লেখ্য যে পৰীক্ষাৰ প্ৰথম দিনটোতেই অৰ্থাৎ শুকুৰবাৰে পৰীক্ষা হলত মূৰ্ছা গৈছিল ছিপাঝাৰ বি জে বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অনন্যা বৰুৱা নামৰ ছাত্ৰীগৰাকী৷ অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীক তৎকালীনভাৱে ছিপাঝাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল গুৱাহাটীলৈ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ছাত্ৰীগৰাকীৰ৷ ছিপাঝাৰৰ মাৰৈ গাঁৱৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে৷