Logo
image

ৰাহুলবাহিনীক চিআইডিৰ চমন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ কংগ্ৰেছৰ কেইবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতালৈ চমন জাৰি কৰিছে চি আই ডিয়ে৷ ২৩ ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০ বজাত গুৱাহাটী উলুবাৰীস্থিত চি আই ডিৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে তদন্তকাৰী সংস্থাটোৱে৷ ৰাহুল গান্ধী, কে চি বেনুগোপাল, জিতেন্দ্ৰ সিং, কানহায়া কুমাৰ, জয়ৰাম ৰমেশ, ভূপেন বৰা, গৌৰৱ গগৈ, দেবব্ৰত শইকীয়া, জাকিৰ হুছেইন শিকদাৰ আৰু ৰমেন কুমাৰ শৰ্মালৈ চমন জাৰি কৰিছে চি আই ডিয়ে৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পদ ধবংস কৰাৰ অভিযোগত দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ১২০ বি ১৪৩/১৪৭/২৮৩/২৫৩/৩৩২/৩৩৩/১৮৮/৪২৭ ধাৰা আৰু ৰাজহুৱা সম্পদ ধবংস বিৰোধী আইনৰ ৩ নং ধাৰাৰ অধীনত ৰুজু কৰা ৬৫/২০২৪ গোচৰৰ বিপৰীতে কংগ্ৰেছ নেতা কেইজনৰ বিৰুদ্ধে চমন জাৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ চমনত কেউজন নেতাক ১০ টা বিশেষ নিৰ্দেশনা দিয়া হৈছে৷ এই নিৰ্দেশনাসমূহ মানি যথা সময়ত উপস্থিত নাথাকিলে ফৌজদাৰী আইনৰ ৪১ ক (৩) অনুসৰি গ্ৰেপ্তাৰ কৰা হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে চি আই ডিৰ চি আই ডিৰ পৰিদৰ্শক কেইখোচেহ চিমটে স্বাক্ষৰিত চমনত৷ চমনত উল্লেখ কৰা মতে অভিযুক্তসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ তথ্য নষ্ট কৰিব নোৱাৰিব, কাকো এই সন্দৰ্ভত ভয়-ভাবুকি প্ৰদৰ্শন কৰিব নোৱাৰিব, তদন্তকাৰী বিষয়াই বিচৰা ধৰণে তদন্তত সহযোগ কৰিব লাগিব ইত্যাদি৷ চি আই ডিয়ে চমন দিয়া সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–বিজেপিৰ সমৰ্থকে বিভিন্ন সময়ত অনুমতি নোলোৱাকৈ, হেলমেট নিপিন্ধাকৈ শোভাযাত্ৰা উলিয়াই আহিছে৷ এনে সময়ত আইন উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা দেখা নগ’ল৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ক্ষেত্ৰত আমি যেতিয়া ক’লো আমাৰ যাত্ৰা পথটো দিয়ক আমি বিচৰা যাত্ৰা পথৰ এটা অংশও নিদিলে৷ আমাক ক’লে আপোনালোক ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব লাগিব৷ আমি বিচাৰিছোঁ মানুহৰ লগত সম্পৰ্ক কৰিবলৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথত নাথাকে৷ গুৱাহাটীত আমি ক’তো জনসম্পৰ্ক কৰিবই নোৱাৰিলোঁ৷ আমি বিচাৰিছিলোঁ অন্ততঃ জয়ানগৰলৈ অলপ আহিবলৈ দিয়ক বা মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ আহিবলৈ দিয়ক৷ কিন্তু তেওঁলোকে নিদিলে৷ তেতিয়া আমাৰ কিছু সংখ্যকে ক’লে অলপ গুৱাহাটীৰ ভিতৰলৈ যাও বুলি৷ গুৱাহাটীৰ ভিতৰলৈ অলপ যাবলৈ চেষ্টা কৰাত অলপ হেঁচা ঠেলা হৈছে৷ সেইখিনি কৰাত আৰক্ষীয়েও বাধা দিয়াত আমাৰ সমৰ্থকেও অলপ দুখ পাইছে৷ আৰক্ষীৰ লোকেও দুখ পোৱা বুলি কৈছে৷ এই ঘটনাটোক লৈ এটা সাধাৰণ গোচৰ ৰুজু কৰিব পাৰিলেহেঁতেন৷ কিন্তু সেইটোকে সাংঘাটিক কিবা ঘটনাৰ ৰূপ দিবলৈ এনেদৰে ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ নেতাক চমন দিছে৷ চৰকাৰখনে আমাৰ ওপৰত আক্ৰোশমূলকভাৱে এনে কিছুমান অদ্ভূত ধাৰা লগাই দিছে যাতে আমাৰ নেতা-কৰ্মীৰ মনোবল ভাঙি দিব পাৰি৷ ইয়াৰ জৰিয়তে নেতাসকলক হাৰাশাস্তি কৰিব বিচাৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷