Logo
image

মুখ্যমন্ত্ৰী নথকাৰ সুযোগ লৈ আমোলা-পত্নীয়ে ততাতৈয়াকৈ পাতিছিল মাৰাথন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ বিতৰ্কই যেন পিছ এৰা নাই দেওবাৰে গুৱাহাটীত অনুষ্ঠিত মাৰাথনৰ৷ অসমত কৰ্মৰত আই এ এছ বিষয়াসকলৰ পত্নীৰ অনুষ্ঠান প্ৰেৰণা আই এ এছ অফিচাৰ্ছ ৱাইফ এছচিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এই মাৰাথনক লক্ষ্য কৰি উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ৷ দেওবাৰে পুৱতি নিশাৰ পৰা দিনৰ ১১ বজা পৰ্যন্ত কোনোধৰণৰ আগজাননী নিদিয়াকৈ সদাব্যস্ত জি এছ ৰোডৰ এটা ফাল খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত বন্ধ কৰি দিয়া হয়৷ ৱান ৱে কৰি দিয়া হয় এই পথছোৱা৷ বন্ধ কৰি দিয়া হয় খানাপাৰাত গুৱাহাটীৰ প্ৰৱেশ পথ৷ এনে ধৰণৰ উদ্ভট কাৰ্যৰ ফলত অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় সৰ্বসাধাৰণ লোক৷ প্ৰায় ছঘণ্টা ধৰি অব্যাহত থাকে যান-জঁটৰ ভয়ানক পৰিস্থিতি৷ জৰুৰীকালীন সেৱাত ব্যস্ত থকা এম্বুলেন্স পৰ্যন্ত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হয় যান-জঁটৰ ফলত৷ নিশা ৰ বজাৰ পৰাই বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰি গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰি দিয়া হয়৷ খানাপাৰাৰ পৰা গণেশগুৰি পৰ্যন্ত আৰক্ষীৰ সহায়ত বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰি জি এছ ৰোডৰ এটা ফাল সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হয়৷ কিন্তু ইয়াতে শেষ নহ’ল মাৰাথনৰ অধ্যায়৷ মাৰাথনত অংশ লোৱা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খেলুৱৈয়ে উদ্যোক্তাৰ অব্যৱস্থা আৰু ব্যাপক খেলিমেলিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ মাৰাথনৰ আয়োজকৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন খেলুৱৈ দীপামণি ডেকাই অভিযোগ কৰা অনুসৰি চৰম অব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হয় এই প্ৰতিযোগিতা৷ চাৰিটা শাখাত অনুষ্ঠিত এই মাৰাথনত অংশ লোৱা প্ৰতিজন প্ৰতিযোগীৰ পৰা উচ্ছ হাৰত মাচুল সংগ্ৰহ কৰা হয়৷ ৪২ কিলোমিটাৰৰ বাবে ভৰ্তি মাচুল ১৫০০ টকা, ২১ কিলোমিটাৰৰ বাবে ১৪০০ টকা, ১০ কিলোমিটাৰৰ বাবে ১২০০ টকা আৰু ৫ কিলোমিটাৰৰ বাবে ১০০০ টকাকৈ সংগ্ৰহ কৰা হয়৷ সাধাৰণতে মাৰাথন প্ৰতিযোগিতাবিলাক বয়সৰ ওপৰত ভিত্তি কৰি শাখা ভগোৱা হয় যদিও দেওবাৰৰ মাৰাথনত বয়সৰ পৰিৱৰ্তে কিলোমিটাৰৰ ওপৰত ভিত্তি কৰিহে শাখাসমূহ ভগোৱা হয়৷ পূৰ্বতে যি পৰিমাণৰ প্ৰাইজমানি ঘোষণা কৰা হৈছিল পৰৱৰ্তী সময়ত এই নিৰিখ কমাই দিয়া হয়৷ শেষত ৪২ আৰু ২১ কিলোমিটাৰ শাখাৰ বিজয়ী প্ৰতিযোগীকহে প্ৰাইজমানি দিয়াৰ কথা কোৱা হয়৷ ১০ আৰু ৫ কিলোমিটাৰ শাখাৰ বিজয়ীসকলক প্ৰাইজমানিৰ পৰিৱৰ্তে উপহাৰহে দিব বুলি আয়োজকসকলে ঘোষণা কৰে৷ ৪২ কিলোমিটাৰ শাখাৰ মাৰাথন পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’বলগীয়া আছিল যদিও এঘণ্টাতকৈ অধিক সময়  পলমকৈ এই প্ৰতিযোগিতা আৰম্ভ হয়৷ অথচ প্ৰতিটো শাখাৰ প্ৰতিযোগীক খেল আৰম্ভ হোৱা সময়ৰ এঘণ্টা আগত খেলপথাৰত উপস্থিত হ’বলৈ কোৱা হৈছিল৷ অন্য শাখাসমূহৰ প্ৰতিযোগিতাও এঘণ্টা পলমকৈ আৰম্ভ হয়৷ অন্তিমটো শাখা ৫ কিলোমিটাৰৰ ফ্লেগঅফ ৭ বজাত হোৱাৰ কথা আছিল যদিও ইয়াতো এঘণ্টা পলম হয়৷ দিনৰ বাৰ মান বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মূল উদ্যোক্তা সকলৰ অনুপস্থিতিত স্বেচ্ছাসেৱক সকলে কোনোমতে পুৰস্কাৰবিলাক বিতৰণ কৰে৷ অভিযোগ অনুসৰি ৪২ আৰু ২১ কিলোমিটাৰ শাখাত পাঁচজনৰ পৰিৱৰ্তে প্ৰথম তিনিজন বিজয়ী প্ৰতিযোগীকহে পুৰস্কাৰ দিয়া হয়৷ ১০ আৰু ৫ কিলোমিটাৰ শাখাৰ বিজয়ীসকলৰ নাম শেষ পৰ্যন্ত ঘোষণা কৰা নহ’ল৷ ফলত তেওঁলোকে উপহাৰ লাভৰ পৰা বঞ্চিত হৈ লাজে-অপমানে উভতি আহিবলৈ বাধ্য হয়৷ প্ৰতিযোগীসকলৰ বাবে প্ৰয়োজনীয় পানী, খাদ্যৰ সুব্যৱস্থা নথকাৰ ফলত তেওঁলোক অভাৱনীয় দুৰ্ভোগৰ সন্মুখীন হয়. অন্য এক অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ অধিকাংশ মন্ত্ৰী দলীয় কাৰ্যসূচীত নতুন দিল্লীত ব্যস্ত থকাৰ সুযোগ লৈ ততাতৈয়াকৈ আয়োজন কৰা হয় এই মাৰাথন৷ সৰ্বসাধাৰণ লোকৰ জীৱন পণবন্দী কৰি আই এছ বিষয়াসকলৰ সক্ৰিয় উপস্থিতি আৰু অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই মাৰাথন৷ যিহেতু বিগত দুই-তিনিদিন ধৰি মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নতুন দিল্লীত ব্যস্ত হৈ আছে সেয়ে ইয়াৰ পূণ সযোগ গ্ৰহণ কৰি আই এছ বিষয়াসকল ব্যস্ত হৈ পৰে এই মাৰাথনক লৈ৷ মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰা হয় মাৰাথনত৷ খেলুৱৈ প্ৰৱঞ্চনা কৰাৰ লগতে খেলুৱৈক লৈ ব্যৱসায় বন্ধ কৰাৰ দাবী জনাইছে দীপামণি ডেকাৰ দৰে  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু খেলুৱৈয়ে৷ পুৰস্কাৰ প্ৰদানত ব্যৰ্থ আয়োজকসকলক পঞ্জীয়ন মাচুল ওভোটাই দিবলৈও দাবী জনায় এইসকল ভুক্তভোগী খেলুৱৈয়ে৷