Logo
image

নগাঁও, ধুবুৰীক লৈ চূড়ান্ত অন্তৰ্কন্দলঃ কংগ্ৰেছত চলিছে বঙহৰ যুঁজ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ বিজেপিক ৰুধিবলৈ হ’লে কংগ্ৰেছ হ’ব লাগিছিল বিজেপিৰ কাৰণে প্ৰত্যাহ্বান৷ কিন্তু বিজেপিৰে যুঁজাৰ পৰিৱৰ্তে কংগ্ৰেছত লাগিছে এতিয়া বঙহৰ যুঁজ৷ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ নেতাৰ মাজতে আৰম্ভ হৈছে এই বঙহৰ যুঁজ৷ নগাঁও লোকসভা সমষ্টিক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত সংঘাত আৰম্ভ হৈছে৷ একেদৰে ধুবুৰী লোকসভাৰ সমষ্টিৰ ক্ষেত্ৰত বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ আব্দুল খালেকৰ মাজত আৰম্ভ হৈছে  শীতল যুদ্ধ৷ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কাৰ্যতঃ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে৷ তেওঁ গৌৰৱ গগৈক কটাক্ষ কৰি কয়– আমি সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই৷ তেওঁ আৰু কয়–মই নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ যিহেতু মই বৰ্তমানেও নগাঁৱৰ সাংসদ৷ দলে নিশ্চয় বিবেচনা কৰিব৷ এইক্ষেত্ৰত দলে নিৰপেক্ষভাৱে কথাটো বিবেচনা কৰিব বুলি মই আশাবাদী৷ গৌৰৱ গগৈয়ে তিনিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে৷ মই কেৱল নগাঁৱৰ বাবেই আবেদন দিছো৷ বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট, কাজিৰঙা আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা বাবে ক্ষুব্ধ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এনেদৰে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ খুলিছে৷ ইফালে, ধুবুৰীত বিধায়ক ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াৰ চৰ্চা চলাৰ সময়ত ধুবুৰীত স্থানীয় লোককহে প্ৰাৰ্থিত্ব দিয়াৰ দাবী কৰিছে সাংসদ আব্দুল খালেকে৷ তেওঁ কয়– বদৰুদ্দিন আজমলক  হৰুৱাবলৈ হ’লে ধুবুৰীত প্ৰয়োজন স্থানীয় নেতাৰ৷ ধুবুৰীৰ স্থানীয় ভাষাৰে স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰিহে কোনোবাই হৰুৱাব পাৰিব আজমলক৷ ষ্ক্ৰীনিং কমিটীৰ তালিকাত ধুবুৰী লোকসভা সমষ্টিৰ বাবে বিধায়ক ৰকিবুল হুছেইনৰ নাম থকা বুলি ৰাজহুৱা হোৱাৰ পাছত সাংসদ খালেকৰ এনে বক্তব্যই বিশেষ তাৎপৰ্যপূৰ্ণ কৰিছে৷ ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাঠাইত ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোষ্টাৰিং কৰিছে ৰকিবুল বিৰোধী গোটে৷ বিলাসীপাৰা, চাপৰত সক্ৰিয় হৈ পৰিছে ৰকিবুল হুছেইন বিৰোধী শিবিৰ৷ ইফালে, নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ টনা-আজাৰা লগাৰ সময়ত দলক একত্ৰিত কৰি ৰখাৰ বাবে নেতৃত্ব সক্ৰিয় হোৱাৰ পোষকতা কৰিছে সাংসদ আব্দুল খালেকে৷ তেওঁ কয়– এই সময়ত এটাই আশা কৰিম যাতে নেতৃত্বই সকলোকে বান্ধি ৰখাৰ প্ৰয়াস কৰে৷ সভাপতি আৰু তত্বাৱধায়কে এই কথাত গুৰুত্ব দিব লাগে, প্ৰচেষ্টা চলাব লাগে৷ দলৰ পৰা পৰুৱা এটা গ’লেও দলৰ ক্ষতি৷ গতিকে সকলোকে বান্ধি ৰখাৰ প্ৰয়াস কৰিব লাগে৷ মানুহ খেদি দল কেতিয়াও শক্তিশালী নহয়৷’ নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টিক লৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হৈছে অসম কংগ্ৰেছৰ নেতৃত্ব৷ দলৰ সন্মুখত সৃষ্টি হোৱা অচলাৱস্থা কিদৰে দূৰ কৰিব পাৰি সেই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে আলোচনা কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আহ৩ান জনোৱা হৈছে বুলি দলৰ এটা সূত্ৰই সদৰি কৰিছে৷ 

অবাধ্য বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’বঃ জিতেন্দ্ৰ সিং

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ বেলেগ দলক সমৰ্থন জনোৱা অবাধ্য বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ দৰাচলতে যিসকল কংগ্ৰেছী বিধায়কে বেলেগ দলক সমৰ্থন আগবঢ়াইছে তেওঁলোকে বিজেপিৰ ‘চামচাগিৰি’ কৰিছে৷ সোমবাৰে দিল্লীত সাংবাদিকৰ আগত এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙে৷ বিজেপিমুখী কংগ্ৰেছী বিধায়কসকলক লৈ আলোচনাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়নী দলৰ নেতা দেবব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰা সিঙৰ মতে, বিজেপিমুখী বিধায়কসকলে কংগ্ৰেছৰ ভোটত জয়ী হৈ এতিয়া ৰাইজৰ বিৰুদ্ধে থিয় দিছে৷ ইপিনে, বিজেপিক সমৰ্থন কৰা বিধায়ক কমলাক্ষ দে পুৰকায়স্থ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত কয়– ৰাহুল গান্ধীয়ে যেতিয়া মাজুলীত নাওৰে পাৰ হৈছিল তেতিয়া এই কমলাক্ষইহে ৰাহুলক জনাইছিল যে মুখ্যমন্ত্ৰীয়ে হেনো ৩০ টকাকৈ চুপাৰিৰ কমিচন লাভ কৰে৷ এতিয়া সেইজন মুখ্যমন্ত্ৰী সন্দৰ্ভত কমলাক্ষই কি ক’ব? অতি শীঘ্ৰে দলৰ বিৰোধিতা কৰা বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বৰাই লগতে জনাই দিয়ে৷ তেওঁ আৰু কয়– এতিয়া বিজেপিক চলাই থকা মানুহসকলে আগতে বিজেপিত নাছিল৷ পিছে আমি যেনেদৰে মা-দেউতা সলনি কৰিব নোৱাৰো ঠিক সেইদৰে আমি দেলা সলনি কৰিব নোৱাৰো৷ দল সলনিক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াৰ তাতপৰ্যপূৰ্ণ মন্তব্য– মোৰ মাতৃয়ে এই সন্দৰ্ভত মোক সতৰ্ক কৰি দিছে গতিকে মই কেতিয়াও বিজেপিলৈ নাযাও৷ আজি টেলিফোনত মায়ে মোক কৈছে যে জেগা নসলাবি আৰু মই মোৰ মাৰ কথা মানিবই লাগিব৷ লক্ষণীয়ভাৱে সোমবাৰে সন্ধিয়া ৬ বজাত এ আই চি চিৰ মুখ্য কাৰ্যালয়ত জীতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূৰ্বে শইকীয়াই সাংবাদিকৰ আগত কোনো লুক-ঢাক নৰখাকৈ স্পষ্টকৈ জনাইছে যে আমাৰ বিধায়কসকলে দল সলনি কৰাৰ বিষয়টোৰ ওপৰত আমাক মাতি পঠিওৱা হৈছে৷ পিছে বৈঠকৰ পাছত জীতেন্দ্ৰ সিং কিম্বা প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই বিধায়কৰ দল সলনিক লৈ সাংবাদিকৰ আগত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ জীতেন্দ্ৰ সিঙৰ মতে, লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈহে আজিৰ বৈঠকত আলোচনা কৰা হৈছে৷ তেওঁ কয় যে অতি শীঘ্ৰে কংগ্ৰেছে অসমৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব৷ তদুপৰি বৈঠকত কংগ্ৰেছে কি দৰে প্ৰচাৰ চলাব, কি ইছু্য লৈ আগবাঢ়িব সেই সন্দৰ্ভত আলোচনা কৰা হৈছে৷ অসমৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰখনক আমি কি দৰে ৰুধিব পাৰি তাৰো ৰণনীতি তৈয়াৰ কৰা হৈছে বৈঠকত৷ আনহাতে দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত বৰাই কয় যে আমি আশাবাদী– দেশৰ আন ৰাজ্যবোৰে তালিকা প্ৰকাশ কৰাৰ আগতেই অসমত কংগ্ৰেছ তথা ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব৷ ইপিনে ভুল পথেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ চি আই ডিয়ে জাৰি কৰা চমনকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জীতেন্দ্ৰ সিঙে কয় যে এতিয়ালৈকে ৰাহুল গান্ধী কিম্বা মই কোনো ধৰণৰ চমন লাভ কৰা নাই৷ এই প্ৰসংগত দেবব্ৰত শইকীয়াৰ বক্তব্য– যোৰহাটত আৰক্ষীয়ে আমাক ভুল ৰাস্তাৰে যাবলৈ নিৰ্দেশ দিছিল৷ আমাক যদি পূৰ্বতেই যাত্ৰা পথ ঠিক কৰি দিলেহেঁতেন তেনেহ’লে আৰক্ষীয়ে বিচৰা মতেই আমি সেই পথেৰে গ’লোহেঁতেন৷ শইকীয়াই আৰু কয় যে যাত্ৰাৰ পূৰ্বে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবে আমাৰ সৈতে সহযোগ কৰিম বুলি কৈছিল৷ কিন্তু পাছত তেওঁলোকে সহযোগ নকৰিলে৷ চি আই ডিয়ে আমাক মাতিছে গতিকে আমি যাম৷ আমি সহযোগ কৰিম৷