Logo
image

বগৰী খেতিৰে স্বাৱলম্বী খাৰুপেটীয়াৰ জেহেৰুল ইছলাম

‘আমাৰ অসম’ৰ খাৰুপেটীয়াৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যত বগৰীৰ খেতি নতুন নহয় যদিও ১০ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে খাৰুপেটীয়াৰ এজন খেতিয়কে৷ খেতিয়কজনে বিঘাই বিঘাই বগৰী খেতি কৰি আৰ্থিক ভাৱে লাভবান হোৱাৰ লগতে নিবনুৱা যুৱকৰ বাবে কঢ়িয়াই আনিছে জীৱিকাৰ পথ৷ উল্লেখ্য, পাচলিৰ দাম আৰু চাহিদা ক্ৰমাৎ হ্ৰাস পোৱাত দৰঙৰ বহু কৃষকে বিকল্প হিচাপে বাচি লৈছে ফল-মূলৰ খেতি৷ বিভিন্ন শাক-পাচলি উৎপাদনত ৰাজ্যখনৰ ভিতৰতে বিখ্যাত দৰঙৰ খাৰুপেটীয়াত পাচলি খেতিৰ লগতে এইবাৰ জৈৱিক পদ্ধতিৰে বিঘাই বিঘাই বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰে জেহেৰুল ইছলাম নামৰ এজন কৃষকে৷ খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজানী গাঁৱত জেহেৰুলে প্ৰতি বিঘাত ৫০ হাজাৰ টকা খৰচ কৰি ১০ বিঘা মাটিত মিছ ইণ্ডিয়া, বল সুন্দৰী, থাইলেণ্ড আৰু সেন্দূৰী প্ৰজাতিৰ উন্নত জাতৰ বগৰী খেতি কৰি বিঘাই প্ৰতি তিনিগুণ উপাৰ্জন কৰি আৰ্থিকভাৱে  লাভবান হ’বলৈ সক্ষম হৈছে৷ ৰাজ্যৰ বিভিন্ন জিলাৰ বেপাৰীসকলে খেতি পথাৰৰ পৰা ক্ৰয় কৰা পৰিলক্ষিত হৈছে কুইণ্টলে কুইণ্টলে সতেজ বগৰী৷ এই সমূহ বগৰী ৰপ্তানি হৈছে ৰাজ্যৰ বিভিন্ন জিলালৈ৷