Logo
image

স্বামী পলাতকঃ বিছনাতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ, বিষপান কৰোৱাই হত্যা কৰাৰ সন্দেহ

'আমাৰ অসম'ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ২০ ফেব্ৰুৱাৰীঃ নলবাৰীত সোমবাৰে নিশা সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। নলবাৰীৰ বৰসৰকুছিত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। ঘৰৰ ভিতৰত বিছনাতে উদ্ধাৰ হৈছে মাতৃ-পুত্ৰৰ মৃতদেহ। মাতৃ-পুত্ৰক বিষপান কৰোৱাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। 

ঘটনাৰ বিৱৰণী মতে, মাতৃ কবিতা হালৈ আৰু ১৫ বছৰীয়া বিশেষভাৱে সক্ষম পুত্ৰ হৃষিকেশ কাশ্যপৰ মৃতদেহ সোমবাৰে নিশা আত্মীয় তথা স্থানীয় একাংশ লোকে ঘৰৰ ভিতৰত উদ্ধাৰ কৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিশেষভাৱে সক্ষম পোন্ধৰ বছৰীয়া হৃষিকেশৰ সোমবাৰে আছিল ওপজা দিন। সেইমৰ্মে পুত্ৰৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰে পৰিয়ালটোৱে। কিন্তু নিশাৰ ভাগত ৰহস্যজনকভাৱে বিছনাত উদ্ধাৰ হয় মাতৃ-পুত্ৰৰ মৃতদেহ। ইফালে, উক্ত লোমহৰ্ষক ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে পিতৃ জগদীশ হালৈ। 

আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে পুৱাৰ ভাগত জগদীশ হালৈয়ে এগৰাকী আত্মীয়ক ফোনযোগে তেওঁলোকৰ ঘৰলৈ মাতি পঠায়। সেই মৰ্মে, আত্মীয়গৰাকী দুপৰীয়া জগদীশ হালৈৰ ঘৰলৈ আহি ঘৰৰ দুৱাৰত তলা লগা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত তেওঁ নিজৰ ঘৰলৈ উভতি যায় যদিও পৰৱৰ্তী সময়ত সন্দেহ ওপজাত সন্ধিয়া কেইবাজনো আত্মীয় পুনৰ জগদীশ হালৈৰ ঘৰলৈ আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহযোগত ঘৰত প্ৰৱেশ কৰি চৌহদত চাবি পৰি থকা দেখা পায়। পিছত ঘৰৰ তলা খুলি ভিতৰত প্ৰৱেশ কৰি বিছনাত মাতৃ-পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়। 

ইফালে, নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত জগদীশ হালৈৰ ম'বাইল ফোনটোৰ ছুইচ বন্ধ হৈ আছে। উল্লেখ্য যে উক্ত ঘটনাৰ পিছতেই জগদীশ হালৈয়ে নিজৰ স্কুটিখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এখন ধাবাত এৰি থৈ অন্তৰ্ধান হৈ থাকে। এনে পৰিস্থিতিত জগদীশ হালৈয়ে পৰিকল্পিতভাৱে পত্নী-পুত্ৰক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে আত্মীয়ই। উক্ত চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।  বাতৰি লিখা পৰলৈকে পলাতক হৈ আছে পিতৃ জগদীশ হালৈ। সেয়ে আৰক্ষীৰ তদন্ততহে ওলাব এই লোমহৰ্ষক ঘটনাৰ ৰহস্য।