Logo
image

এয়াই নেকি উন্নয়নঃ বিধ্বস্ত পথৰ বাবে নাযায় এম্বুলেঞ্চ, ঠেলাৰে ৰোগী কঢ়িয়াই নিলে স্বাস্থ্য কেন্দ্ৰলৈ

'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ বিজেপি চৰকাৰে ৰাজ্যত প্ৰায় ৮ বছৰ শাসন কৰাৰ পাছতো উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বকো সমষ্টিৰ বৃহত্তৰ টুপামাৰী অঞ্চল৷ সমষ্টিটোৰ অন্যতম ব্যস্ত অঞ্চলটোৰ প্ৰায় প্ৰতিটো বাট-পথৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে । বাট-পথৰ এনে দুৰৱস্থাৰ বাবেই অঞ্চলটোৰ উন্নয়ন বাধাগ্ৰস্ত হোৱাৰ লগতে বিভিন্ন সময়ত চিকিৎসাজনিত কাৰণত নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে। বিধ্বস্ত বাট-পথৰ বাবেই বৃহত্তৰ টুপামাৰী অঞ্চলৰ লোকসকলে ঠেলা, সাঙি, ঘোঁৰা গাড়ীৰে ৰোগীক চিকিৎসালয়লৈ কঢ়িয়াই নিব লগীয়া হয়। আজিও তেনে এক পৰিস্থিতিৰ সৃষ্টি হয় ৩ নং টুপামাৰী গাঁওত। 

গাঁওখনৰ ছুফিয়া খাতুন (৬২) নামৰ এগৰাকী মহিলাক টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে পৰিয়ালৰ লোকে এখন ঠেলা ব্যৱহাৰ কৰিবলগীয়া হোৱাত অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ প্ৰকৃত ছবি উন্মোচিত হৈছে। জানিব পৰা মতে, কিছুদিন পূৰ্বে অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰি প্লাষ্টিক ছাৰ্জাৰী কৰাই ঘৰলৈ লৈ আনে পৰিয়ালৰ লোকে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মঙলবাৰে মহিলাগৰাকীক নিয়মীয়া পৰীক্ষাৰ লগতে পৰিস্কাৰ কৰিবলৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব লগীয়া হয় যদিও বাট-পথৰ বিধ্বস্ত অৱস্থাৰ বাবে এখন ঠেলাৰে লৈ যায়। 

ইফালে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়িকা নন্দিতা দাসে প্ৰদান কৰা টাটা মেজিক গাড়ীৰ এম্বুলেঞ্চখন বহু সময়ত প্ৰয়োজন অনুসৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই। এনে পৰিস্থিতিত উপায়ন্তৰ হৈ মহিলা গৰাকীৰ পৰিয়ালৰ লোকে এখন ঠেলাৰেই টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যলৈ কঢ়িয়াই লৈ যাব লগীয়া হয় । বিধায়ক নন্দিতা দাসৰ অকৰ্মণ্যতাৰ বিৰুদ্ধেও ক্ষোভ উজাৰে পৰিয়ালৰ লোকৰ লগতে একাংশ সচেতন লোকে । বিভিন্ন সভা সমিতিত উন্নয়ণৰ ফটা ঢোল বজোৱা বিধায়ক নন্দিতা দাসক টুপামাৰী অঞ্চলৰৰ বাট-পথৰ কি কি কাম কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে। অঞ্চলটোৰ বাট-পথ সমূহ পকীকৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৰাইজে ।