Logo
image

ৰন্ধন গেছ ৰাহি কৰিবলৈ এই নিয়ম মানি চলক

গেছ চিলিণ্ডাৰৰ দাম প্ৰায়ে বৃদ্ধি পোৱাৰ বাবে সৰ্বসাধাৰণৰ বাজেটতো ই যথেষ্ট প্ৰভাৱ পেলায়৷ সেইবাবে গেছ কমকৈ খৰচ কৰিবলৈ চেষ্টা কৰিব লাগে৷ 
(১) কোনো খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই লোৱাৰ উপৰি গেছ সদায় কমকৈ জ্বলাব লাগে৷ বেছিকৈ গেছ জ্বলালে পাত্ৰৰ বাহিৰলৈও জুই বিয়পি পৰাৰ বাবে প্ৰয়োজনতকৈ বেছি গেছ খৰচ হয়৷ 
(২) গেছৰ বাৰ্ণাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ নীলা জুইৰ পৰিৱৰ্তে ৰঙা বা হালধীয়া জুই ওলালে সতৰ্ক হ’ব লাগে৷ নীলা জুইৰ পৰিৱৰ্তে ৰঙা বা হালধীয়া জুই ওলালে বুজিব লাগিব যে বাৰ্ণাৰ অপৰিষ্কাৰ হৈ আছে৷ 
(৩) যিকোনো খাদ্য প্ৰস্তুত কৰোঁতে ঢাকনি ব্যৱহাৰ কৰিব লাগে৷ তেতিয়া খাদ্য সোনকালে সিদ্ধ হয়৷ 
(৪) খাদ্য প্ৰস্তুত কৰোঁতে পানীৰ পৰিমাণ সঠিক হ’ব লাগে৷ তেতিয়া সোনকালে খাদ্য প্ৰস্তুত হৈ উঠে৷ 
(৫) ফ্ৰীজত থকা শাক-পাচলি আদি ৰন্ধাৰ পূৰ্বে আধাঘণ্টামান স্বাভাৱিক অৱস্থাত ৰাখিব লাগে৷ ঠাণ্ডা ভাব আঁতৰি গ’লেহে ৰান্ধিব লাগে৷ অন্যথা ঠাণ্ডা ভাব আঁতৰাবলৈ গেছ বেছিকৈ খৰচ হয়৷ এইকেইটা নিয়ম মানি চলিলেও গেছ যথেষ্ট পৰিমাণে ৰাহি হয়৷