Logo
image

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত গ্ৰন্থালাপ অনুষ্ঠান; ধৰ্মই কেতিয়াও জাতি নবচাই, জাতি বচাই মাতৃভাষাইহেঃ মনোজ কুমাৰ গোস্বামী

'আমাৰ অসম'ৰ পলাশবাৰী প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ দক্ষিণ কামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত শুকুৰবাৰে গ্ৰন্থালাপ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা 'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ উদ্যোগত গ্ৰন্থালাপ নামেৰে বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে ইয়াৰ আগতে এনেধৰণৰ যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা তেওঁ ব্যক্তিগতভাৱে বিৰত আছিল আৰু যাৰ বাবে বহু সময়ত অভিজ্ঞতা আহৰণ কৰিব পৰা নাছিল বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত এনেধৰনৰ আলাপ-আলোচনাত অংশগ্ৰহণ কৰিব বুলিও ভাষণত কয়। 

মহাবিদ্যালয়খনৰ ডিজিটেল শ্ৰেণীকোঠাত অনুষ্ঠিত হোৱা এই গ্ৰন্থালাপ অনুষ্ঠানত মাতৃভাষাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। ভাষণত মনোজ কুমাৰ গোস্বামীয়ে ধৰ্মই কেতিয়াও জাতি নবচাই, জাতি বচাই মাতৃভাষাইহে, মাতৃভাষাৰ ওপৰত গুৰুত্ব নিদিলে সকলো জাতি  ধ্বংস হ'ব বুলি কয়। কেৱল এটা ভাষা জানিলেও নহ'ব, আন বিভিন্ন ভাষাৰ ওপৰতো কিছু হলেও জ্ঞান থাকিব লাগে বুলিও কয়। 

গোস্বামীৰ ভাষণৰ পূৰ্বে গামোচা, শৰাই আৰু কিতাপৰ টোপোলা উপহাৰ দি আদৰণি জনায়। তাৰ পাছত গ্ৰন্থাগাৰিক কিশোৰ শৰ্মাই মনোজ কুমাৰ গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিৰ ব্যাখ্যা আগবঢ়ায়। সাংবাদিকতা আৰু অসমীয়া সাহিত্য জগতত আগবঢ়োৱা বৰঙণিৰ বিষয়েও বৰ্ণনা কৰা হয়। মহাবিদ্যালয়খনত মনোজ কুমাৰ গোস্বামীয়ে গ্ৰন্থাগাৰটো পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ নৰকান্ত অধিকাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক- অধ্যাপিকাৰ লগতে ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।