Logo
image

পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে, "গৌৰৱ গগৈ এতিয়া মিঞা ৰাজনীতিত ব্যস্ত"

'আমাৰ অসম'ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ ৰাজহ বিভাগৰ উদ্যোগত শুকুৰবাৰে তিতাবৰ বিধানসভা সমষ্টিত ভূমিহীন খিলঞ্জীয়া লোকক ম্যাদী পট্টা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। তিতাবৰৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত অনুষ্ঠিত পট্টা বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। 

সাংসদজনে কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰত উপস্থিত হৈয়ে বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনাৰ কৰে। সাংসদ মাৰ্ঘেৰিটাই কংগ্ৰেছী সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি কয় যে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ লগত কোনো খিলঞ্জীয়া মানুহ নাই। তেওঁলোক মিঞা ৰাজনীতিত ব্যস্ত হোৱাৰ পৰিৱৰ্তে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যস্ত। 

তদুপৰি সাংসদ মাৰ্ঘেৰিটাই বিজেপি দলক সমালোচনা কৰাৰ আগতে গৌৰৱ গগৈয়ে তেওঁৰ দেউতাকৰ সমষ্টি তিতাবৰলৈ আহি ৰাইজৰ আগত আঁঠু লৈ ক্ষমা বিচাৰিবলৈ আহ্বান জনাই কয় যে তেওঁৰ দেউতাকে তিতাবৰৰ পৰাই নিৰ্বাচিত হৈ ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো এজনো খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াত ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ বাবে তিতাবৰৰ পৰাই অসমৰ ৰাইজক ক্ষমা বিচাৰক। একে সময়তে চৰকাৰখন ৰাইজৰ কৰ-কাটলৰ জৰিয়তেহে চলি থাকে বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে নগৰীয়া মানুহে এডোখৰ মাটি বিক্ৰী কৰিলে কোটি টকা লাভ কৰিব। তেনেক্ষেত্ৰত নগৰীয়া লোকসকলক বিনা টকাত ভূমি পট্টা দিয়াতো সমীচিন নহয়। যদি কিবা কাৰণত কাৰোবাৰ অসুবিধা হয়, চৰকাৰখনে তেওঁলোকৰ কথা নিশ্চয় শুনিব৷

আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ভিতৰুৱাকৈ প্ৰেমৰ ৰাজনীতি চলি আছে বুলি মন্তব্য কৰে। আনহাতে গৌৰৱ গগৈয়ে নিজৰ সমষ্টিয়েই পাহৰিলে বুলি কটাক্ষ কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কজনে কয় যে বৰ্তমান সময়ত কংগ্ৰেছ এখন ডুবন্ত নাও আৰু লোকসভা নিৰ্বাচনত একেবাৰে নিঃশেষ হৈ যাব। কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ভিতৰুৱাকৈ প্ৰেমৰ ৰাজনীতি চলি আছে বুলি আকাৰে ইংগিতে প্ৰদৰ্শন কৰে ৰূপজ্যোতি কুৰ্মীয়ে। বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ প্ৰসংগত অখিল গগৈক তীব্ৰ সমালোচনা কৰি বিধায়ক কুৰ্মীয়ে কয় যে মিছাতে দপদপাই থকা অখিল গগৈৰ নিজা সমষ্টি শিৱসাগৰত এইবাৰ বহুত পৰিবৰ্তন হ'ল। শিৱসাগৰৰ মানুহে অখিল গগৈক চিনিয়ে নাপায় ভালকৈ। এইবাৰ হাজাৰটা অখিল গগৈ আহিলেও শিৱসাগৰত বিজেপিক ৰুধিব নোৱাৰে। 

আনহাতে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক ৰাজনীতি এৰি আকৌ ছাত্ৰ নেতা হ'বলৈ পৰামৰ্শ দিয়াৰ লগতে ছাত্ৰ ৰাজনীতিৰ জৰিয়তে সমাজসেৱা কৰিবলৈ আহ্বান জনায় বিধায়ক কুৰ্মীয়ে। উল্লেখ্য যে অনুষ্ঠানত সমষ্টিৰ ১৪৮২ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত, মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া,  কাৰ্যবাহী দণ্ডাধীশ,  যোৰহাট জিলা পৰিষদৰ সভাপতি, ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, সোণাৰাম শৰ্মা বুঢ়াভকত, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা আদি উপস্থিত থাকে।