Logo
image

ছুপাৰ স্প্ৰেডাৰ কোন?

বিমানবন্দৰত পুনৰ পৰীক্ষা আৰম্ভ

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ কৰ’না ভাইৰাছৰ এটা নতুন প্ৰজাতিক লৈ দেশত যিমান আতংকৰ সৃষ্টি হৈছে, কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ ক্ষেত্ৰত ঠিক সিমানেই দায়ী ছুপাৰ স্প্ৰেডাৰো৷ দেশৰ বিভিন্ন স্থানত ৰাজনৈতিক নেতাক সম্প্ৰতি কৰ’না ভাইৰাছ সংক্ৰমণৰ ছুপাৰ স্প্ৰেডাৰ হিচাপে  আখ্যা দিয়া হৈছে৷ উপসৰ্গবিহীন অথচ শৰীৰত কৰ’না ভাইৰাছ কঢ়িয়াই লৈ ফুৰা ৰাজনৈতিক নেতা দৈনিক অসংখ্য লোকৰ সংস্পৰ্শলৈ আহে আৰু সভা-সমিতি, ৰ’ড শ্ব’ ইত্যাদিত অংশগ্ৰহণ কৰি সাধাৰণ লোকৰ শৰীৰলৈ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাত সহায় কৰে৷ নতুন কৰ’নাৰ ভাৰতীয় প্ৰজাতিতকৈও এনে ছুপাৰ স্প্ৰেডাৰক অধিক সংক্ৰমণকাৰী হিচাপে দেশত চিহ্নিত কৰিছে কৰ্ণাটকৰ ক’ভিড বিশেষজ্ঞ দলৰ সদস্য ভি ৰবিয়ে৷ এখন সৰ্বভাৰতীয় সংবাদপত্ৰত দিয়া সাক্ষাৎকাৰত ভি ৰবিয়ে দাবী কৰে যে, কেৱল নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছক দোষী কৰাটো সাম্প্ৰতিক আৰু সদ্য অতীতৰ সংক্ৰমণৰ ক্ষেত্ৰত উচিত নহয়৷ দেশত অধিক মাত্ৰাত কৰ’না ভাইৰাছ বিয়পি পৰা আৰু বিস্তাৰ লাভ কৰাৰ ক্ষেত্ৰত ভয়ংকৰ ভূমিকা পালন কৰিছে ছুপাৰ স্প্ৰেডাৰে৷ ৰবিৰ মতে মহাৰাষ্ট্ৰত এই ঘটনা অতি সুলভ হৈ পৰিছে৷ 

সাধাৰণ মানুহে ক’ভিডৰ আতংকত এতিয়াও জুমৰ মাজত  মিলি যোৱাৰ পৰা আঁতৰি আছে৷  সৰহসংখ্যক মানুহৰ সমাগম দেখিলে আঁতৰি অহা লোকৰ সংখ্যা দেশত নিচেই কম নহয়৷ এনে সাধাৰণ মানুহৰ বিপৰীতে ছুপাৰ স্প্ৰেডাৰ হিচাপে দেশত পৰিগণিত হৈছে আৰু হ’ব পাৰে ৰাজনৈতিক নেতা৷ শৰীৰত কৰ’না ভাইৰাছ থাকিও উপসৰ্গ  নোহোৱাকৈ ৰাজনৈতিক নেতাই মেলে-মিটিঙে ভাগ লৈ সাধাৰণ জনতাৰ মাজত কৰ’না ভাইৰাছ বিয়পাই দিছে৷ সম্প্ৰতি পশ্চিমবংগ আৰু আমাৰ অসমত  ৰাজনৈতিক নেতাই সামাজিক ব্যৱধানৰ ধাৰণা মষিমূৰ কৰি সাধাৰণ জনতাৰ মাজত অতি ভয়ংকৰভাৱে সোমাই পৰিছে৷ শেহতীয়াকৈ বিটিএডিত হোৱা নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কেইবাজনো শীৰ্ষস্থানীয় মন্ত্ৰী আৰু শীৰ্ষ নেতা বিপজ্জনকভাৱে জনতাৰ মাজত সোমাই পৰিছিল৷ সেই সময়তে অসম চৰকাৰৰ এজন শীৰ্ষস্থানীয় মন্ত্ৰী ৰোগত আক্ৰান্তও হৈছিল৷ বহুতেই মন্ত্ৰীজন ক’ভিডত আক্ৰান্ত হোৱা বুলি চৰ্চা চলালেও তেওঁ পেটৰ বিষত ভোগা বুলিহে আনুষ্ঠানিকভাৱে জনোৱা হৈছিল৷  পিছে প্ৰকৃততে তেওঁ কি ৰোগতনো ভুগিছিল সেয়া আজিলৈ স্পষ্ট নহ’ল৷ অথচ সেই সময়ত তেওঁ জনতাৰ মাজত ঘূৰি সামাজিক ব্যৱধান পৰিহাৰ কৰি আৰু মুখত মাস্ক পৰিধান নকৰাকৈ দায়িত্বজ্ঞানহীনৰ দৰে আচৰণ কৰিছিল৷ 

এতিয়া পুনৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত উপসৰ্গবিহীন অথচ শৰীৰত কৰ’না ভাইৰাছ কঢ়িয়াই ফুৰা ৰাজনৈতিক নেতাই অসমতো ছুপাৰ স্প্ৰেডাৰৰ ভূমিকা লোৱাৰ আশংকা কৰা হৈছে৷ কিয়নো শেহতীয়াকৈ দুই-তিনি মাহত আনৰ কথা বাদেই অসমৰ স্বয়ং স্বাস্থ্যমন্ত্ৰীয়েও মাস্ক নিপিন্ধাকৈ প্ৰায় সকলো ৰাজহুৱা আৰু চৰকাৰী অনুষ্ঠানত ভাগ লৈ আছে৷ অসমৰ আগন্তুক নিৰ্বাচনৰ বাবে এতিয়া ইখনৰ পাছত সিখন নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব৷ সেই সভাত একে ধৰণে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক ব্যৱধান নমনাকৈ ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিলে সাধাৰণ লোকৰ বাবে সেয়া বিপদজনক ঘটনা হৈ পৰিব৷ নেতা-মন্ত্ৰীয়ে এনেদৰে ছুপাৰ স্প্ৰেডাৰৰ ভূমিকা লোৱাটো সাধাৰণ জনতাৰ বাবে হৈ পৰিব পাৰে ভয়ংকৰ ঘটনা৷ শেহতীয়াকৈ দেশৰ মুঠতে ১০ খন ৰাজ্যত কৰ’নাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাইছে৷ ইপিনে শুকুৰবাৰে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিধানসভা নিৰ্বাচন ঘোষণা কৰা হৈছে৷ অসমকে ধৰি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই পাঁচখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত নিৰ্বাচনৰ পাছত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাটো  নিশ্চিত৷

কেইবাখনো ৰাজ্যত সংক্ৰমণ বৃদ্ধি পোৱা দেখি কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰণালয়ে দেশীয় বিমানযাত্ৰীৰ ক্ষেত্ৰত ক’ভিডৰ নতুন বিধি আৰোপ কৰিছে৷ সেই অনুসৰি মহাৰাষ্ট্ৰলৈ যোৱা সকলো বিমানযাত্ৰীয়ে বিমানবন্দৰতে আৰ টি-পি চি আৰ পৰীক্ষা কৰিব লাগিব৷ পৰীক্ষাক পজিটিভ হোৱা সকলক প্ৰাতিষ্ঠানিক কোৱাৰেণ্টীন কৰা হ’ব৷ ইয়াৰ উপৰি কেৰালা, কৰ্ণাটক, ওড়িশাৰ পৰা দেশৰ যিকোনো স্থানলৈ যোৱা বিমানযাত্ৰীয়ে আৰ টি-পিচিআৰ পৰীক্ষা কৰিব লাগিব৷ উপসৰ্গহীন কৰ’না পজিটিভ ব্যক্তি হোম কোৱাৰেণ্টীনত থাকিব লাগিব৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণৰ ক্ষেত্ৰত থকা বিধি নিষেধ অসামৰিক পৰিবহণ মন্ত্ৰণালয়ে অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে৷ অৰ্থাৎ যিকেইখন দেশৰ সৈতে এতিয়া বিমান যোগাযোগ চলি আছে তেওঁলোকৰ বাহিৰে আন দেশৰ বিমান ভাৰতলৈ আহিব নোৱাৰিব  আৰু ভাৰতৰ পৰাও সেই দেশলৈ যাব নোৱাৰিব৷