Logo
image

যুৱৰাজ-সিদ্ধুৱে বিজেপিত যোগ দিয়াৰ চৰ্চা

অমৃতসৰ, ২৩ ফেব্ৰুৱাৰীঃ প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধু আৰু যুৱৰাজ সিঙে অচিৰেই বিজেপিত যোগ দিব৷ দুয়োজন প্ৰাক্তন ক্ৰিকেটাৰে গেৰুৱা দলটোৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিব বুলি এটা সূত্ৰই দাবী কৰিছে৷ সেই অনুসৰি লোকসভা নিৰ্বাচনত অমৃতসৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে সিদ্ধু৷ আনহাতে, যুৱৰাজ সিঙক বিজেপিয়ে গুৰুদাসপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি বিজেপিৰ এটা সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানসমূহে বাতৰি পৰিৱেশন কৰিছে৷ উল্লেখ্য, বিগত কিছুদিনৰ পৰা যুৱৰাজে বিজেপিত যোগ দি ৰাজনীতিত প্ৰৱেশ কৰিব বুলি জল্পনা-কল্পনা চলি আছে৷ শেহতীয়াকৈ তেওঁক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে এক বৈঠকত মিলিত হোৱাও দেখা যায়৷ এই সন্দৰ্ভত এখন আলোক চিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ আলোক চিত্ৰখনত মাতৃ শ্ববনম সিঙৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত গাডকাৰীয়ে যুৱৰাজক এখন গ্ৰন্থ উপহাৰস্বৰূপে দিয়া দেখা যায়৷ ইয়াৰ পাছৰে পৰা যুৱৰাজে বিজেপিত যোগ দিয়াটো নিশ্চিত হোৱা বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলত চৰ্চা আৰম্ভ হয়৷ উল্লেখ্য যে গুৰুদাসপুৰ সমষ্টিত ইয়াৰ পূৰ্বে বিজেপিৰ হৈ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল অভিনেতা ছানী দেউলে৷ কিন্তু তেওঁক লৈ কিছুদিন ধৰি বিতৰ্ক আৰম্ভ হোৱাৰ লগতে অভিনেতাজনে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহী নোহোৱাৰ বাবে গেৰুৱা দলটোৱে সমষ্টিটোত যুৱৰাজ সিঙক প্ৰাৰ্থী কৰিব বিচাৰিছে৷ তদুপৰি সাংসদ হিচাপে ছানী দেউলক দীৰ্ঘদিন ধৰি সমষ্টিটোত দেখিবলৈ পোৱা নাই গুৰুদাসপুৰবাসীয়ে৷ আনহাতে, ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত সিদ্ধুৱে বিজেপিৰ টিকটেৰে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷ বিজেপিৰ টিকটেৰে সাংসদো হৈছিল সিদ্ধু৷ পাছত তেওঁ বিজেপি ত্যাগ কৰি নিজাকৈ দল গঠন কৰে৷ কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দি তেওঁ পঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হয়৷ পঞ্জাৱৰ মন্ত্ৰিত্বও লাভ কৰে সিদ্ধুৱে৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে ঘনিষ্ঠ সিদ্ধুৰ কিছুদিন ধৰি পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে মনোমালিন্য ঘটিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছতে তেওঁ ‘পুৰণি দল’ বিজেপিলৈ উভতি যাব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হয়৷ অৱশেষত উক্ত  জল্পনা-কল্পনাক সঁচা প্ৰমাণিত কৰি গেৰুৱা দলটোত যোগদান কৰিবলৈ ওলাইছে নৱজ্যোৎ সিং সিদ্ধুৱে৷