Logo
image

উক্তি-বক্ৰোক্তি

ৰাজকুমাৰে আহমেদ পেটেলৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই ভাৰুছ সমষ্টিটো আপক এৰি দিছে৷ আহমেদ পেটেলৰ পৰিয়ালৰ সদস্যই যাতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ’ব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ বাবেই কংগ্ৰেছৰ ৰাজকুমাৰৰ এই পদক্ষেপ৷ 
– বিজেপিৰ মিডিয়া চেলৰ মুৰব্বী অমিত মালব্য

গছ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে৷ এতিয়া দেখা গৈছে ডাঙৰ গছবোৰ কাটি গছপুলি ৰোপণ কৰে৷ কিন্তু সেই প্ৰক্ৰিয়া শুদ্ধ নহয়৷ 
– অৰণ্য মানৱ যাদৱ পায়েং

পৰিয়ালতন্ত্ৰ চলাই থকা ৰাজনীতিবিদে সাধাৰণ যুৱকৰ শক্তিলৈ ভয় কৰে৷ সেয়ে পৰিয়ালতন্ত্ৰৰ দেশৰ মূল প্ৰতিনিধিজনে উত্তৰ প্ৰদেশৰ যুৱকসকলক নিচাসক্ত বুলি মন্তব্য কৰিছে৷ তেওঁ অযোধ্যা আৰু কাশীকো বেয়া পায়৷ অযোধ্যাৰ ৰাম মন্দিৰলৈ অহা ভক্তক তেওঁ ৰাজনৈতিক কাৰণত ককৰ্থনা কৰে৷ 
–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মুছলিম বিবাহ আইন পৰিৱৰ্তন কৰিবলৈ অসম চৰকাৰে চলোৱা প্ৰচেষ্টা অনৈতিক৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেৱল হিন্দু লোকক সহায় কৰি মুছলিম ধৰ্মাৱলম্বীক সকলো দিশৰ পৰা বঞ্চিত কৰিছে৷ 
– কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল

উত্তৰ প্ৰদেশত লক্ষ্ণৌৰ পৰা প্ৰয়াগৰাজলৈ চৌদিশে আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ‘লীক’ হোৱাৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠিছে৷ ৰাজধানী লক্ষ্ণৌৰ পৰা মাথোঁ ১০০ কিলোমিটাৰ দূৰত থকা প্ৰধানমন্ত্ৰীয়ে সেই বিষয়টো উপেক্ষা কৰি ৰাজ্যখনৰ যুৱ সম্প্ৰদায়ক আন বিষয়ৰ অৱতাৰণা কৰি প্ৰৰোচিত কৰি আছে৷ 
– কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

কংগ্ৰেছ দল হৈছে এখন সাগৰ৷ যিদৰে সাগৰৰ পৰা পানী ল’লে সাগৰৰ পানী নকমে, সেইদৰে কংগ্ৰেছৰ পৰা দুই-এজন মানুহ গ’লে দলটো দুৰ্বল নহয়৷
– কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

মধ্যপ্ৰদেশৰ কংগ্ৰেছ সদস্য আৰু সাধাৰণ জনতাই ৰাহুল গান্ধীক আদৰণি জনাবলৈ উৎকণ্ঠিত হৈ অপেক্ষা কৰিছে৷ ৰাহুল গান্ধী আমাৰ নেতা৷ তেওঁ ন্যায় যাত্ৰাৰ জৰিয়তে ৰাজপথত নামি বিজেপিৰ অপশাসন, অন্যায়ৰ বিৰুদ্ধে যুঁজ দিছে আৰু সেই অপশাসন ওফৰাবলৈ সংকল্প লৈছে৷ 
– কংগ্ৰেছ নেতা কমল নাথ

কংগ্ৰেছ নিজৰ মাজতে কাজিয়া লাগি ধবংস হৈ যোৱা এটা দল৷ কংগ্ৰেছ এদিন নাইকিয়া হৈ যাব৷ 
 – মন্ত্ৰী পীয়ূষ হাজৰিকা

দুখৰ কথা, পশ্চিমবংগৰ চৰকাৰে ৰাজ্যবাসীৰ বাবে একোৱেই কৰা নাই৷ যিখন ৰাজ্যত মুখ্যমন্ত্ৰী মহিলা, সেইখন ৰাজ্যত মহিলা অত্যাচাৰৰ বলি হোৱাটো অতি লজ্জাৰ কথা৷ পশ্চিমবংগৰ সন্দেশখালিত মহিলা যৌন নিৰ্যাতনৰ বলি হোৱাটোত ৰাজ্যৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীয়ে নীৰৱতা অৱলম্বন কৰিছে৷ 
– কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ