Logo
image

‘ইণ্ডিয়া’ আগবাঢ়িছেঃ হাৰিয়ানা-গুজৰাটসহ ৫ ৰাজ্যত বুজাবুজি কংগ্ৰেছ-আপৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ফেব্ৰুৱাৰীঃ ‘ইণ্ডিয়া’ জোঁটৰ লোকসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি আপ আৰু কংগ্ৰেছে হাৰিয়ানা, গুজৰাট, দিল্লী, চণ্ডীগড় আৰু গোৱাত বুজাবুজি চূড়ান্ত কৰিছে৷ শনিবাৰে কংগ্ৰেছ আৰু আপে যুটীয়া সংবাদ মেলত উভয় দলৰ মাজত সম্পন্ন হোৱা আসন বুজাবুজিৰ সবিশেষ প্ৰকাশ কৰিছে৷ সেই অনুসৰি দিল্লীত আপে ক্ৰমে নতুন দিল্লী, পশ্চিম দিল্লী, দক্ষিণ দিল্লী, পূব দিল্লী আসনত আৰু কংগ্ৰেছে ক্ৰমে চান্দনি চ’ক, উত্তৰ দিল্লী আৰু উত্তৰ-পশ্চিম দিল্লী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ হাৰিয়ানাত কংগ্ৰেছে ৯খন আসনত আৰু আপে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আনহাতে গুজৰাটত কংগ্ৰেছে ২৪ খন আসনত আৰু আপে দুখন আসন ক্ৰমে ভাবনগৰ আৰু ভাৰুছ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব৷ ভাৰুছ সমষ্টি কংগ্ৰেছে আপক এৰি দিয়াৰ বাবে আহমেদ পেটেলৰ কন্যা মুমতাজ পেটেলে অসন্তুষ্টি ব্যক্ত কৰিছে৷ ছোনিয়া গান্ধীৰ এসময়ৰ ৰাজনৈতিক সচিব প্ৰয়াত আহমেদ পেটেলৰ গৃহসমষ্টি আছিল ভাৰুছ৷ সেই সমষ্টিৰ পৰা আহমেদ পেটেলৰ কন্যা মুমতাজে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা কৰিছিল৷ পিছে ভাৰুছ সমষ্টি কংগ্ৰেছে আপক এৰি দিয়াত মুমতাজ পেটেলে সমষ্টিটোৰ ভোটাৰক ক্ষমা বিচাৰিছে৷ বিজেপিয়ে এয়া আহমেদ পেটেলৰ সৈতে থকা ৰাহুল গান্ধীৰ সংঘাতৰ প্ৰতিশোধপূৰণ বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, গোৱা আৰু চণ্ডীগড়ত কংগ্ৰেছ আৰু আপে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিব৷ একেদৰে পঞ্জাবতো দুয়োদলৰ আসন বুজাবুজি হোৱা নাই৷