Logo
image

কামাখ্যা মন্দিৰত নিজৰ কিতাপ উন্মোচন কৰিলে চেতন ভগতে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত লেখক, ঔপন্যাসিক চেতন ভগতে অসমৰ ভূমিত উন্মোচন কৰিলে নিজৰ নৱতম গ্ৰন্থখন৷ বেষ্ট ছেলাৰ গ্ৰন্থ হাফ গাৰ্লফ্ৰেণ্ডৰ স্ৰষ্টা চেতন ভগতে অভিনৱ পৰিকল্পনাৰে শক্তিপীঠ কামাখ্যা দেৱালয়ত উন্মোচন কৰে তেওঁৰ ‘১১ ৰুল্‌ছ ফৰ লাইফ’শীৰ্ষক নতুন গ্ৰন্থখন৷ সোমবাৰে পুৱাই কামাখ্যা দেৱালয়ত উপস্থিত হৈ নিজ হাতে নতুন গ্ৰন্থখন উন্মোচন কৰি শুভাকাংক্ষী আৰু পঢ়ুৱৈৰ মাজত চমক সৃষ্টি কৰে৷ শক্তিপীঠ কামাখ্যাত নৱতম গ্ৰন্থখন উন্মোচন কৰাৰ খবৰ সামাজিক মাধ্যমযোগে নিজেই ৰাজহুৱা কৰিছে চেতন ভগতে৷ নিজৰ গ্ৰন্থখন পৱিত্ৰ কামাখ্যা মন্দিৰত উন্মোচনৰ সুযোগ লাভ কৰি সৌভাগ্যৱান বুলিও অভিহিত কৰিছে চেতন ভগতে৷ ভাৰতীয় সাহিত্যৰ বিক্ৰীৰ তালিকাত বেষ্ট ছেলাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা ভগতৰ ‘ফাইভ পইণ্ট ছামৱান’ শীৰ্ষক গ্ৰন্থখনৰ কাহিনীৰ আধাৰত বলীউডৰ জনপ্ৰিয় ছবি ‘৩ ইডিয়ট্‌ছ’ নিৰ্মাণ কৰা হৈছিল৷ চেতন ভগৱত ২ ষ্টেট্‌ছ, হাফ গাৰ্লফ্ৰেণ্ড আদি গ্ৰন্থই যুৱ-প্ৰজন্মক আজিও ৰোমাঞ্চিত কৰি ৰাখিছে৷ ৪৯ বছৰীয়া বিশ্ব প্ৰসিদ্ধ লেখকজনৰ আন কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ ভিতৰত আছে ‘ওৱান নাইট এ কল  চেণ্টাৰ’, ‘ৰিভ’লিউছন-২০২০’ আদি৷ এজন সাধাৰণ লেখক হিচাপে চেতন ভগত বিখ্যাত টাইম্‌ছ মেগাজিনৰ বিশ্বৰ শ্ৰেষ্ঠ ১০০জন ক্ষমতাশালী ব্যক্তিৰ তালিকাতো স্থান পাইছে৷ উল্লেখ্য, মানৱ জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ ভিত্তিতে চেতন ভগতে নৱতম গ্ৰন্থখন লিখি উলিওৱা বুলি প্ৰকাশ কৰিছে৷ গ্ৰন্থখনৰ মাজত প্ৰতিজন লোকেই জীৱনৰ মূলমন্ত্ৰ বিচাৰি পাব বুলিও লেখক ভগতে সদৰী কৰিছে৷