Logo
image

বিজেপিৰ নতুন ট্ৰেণ্ড ‘মোদী কা পৰিৱাৰ’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ মাৰ্চঃ বিজেপিৰ সৈতে দীৰ্ঘদিন ধৰি ‘সংঘ পৰিবাৰ’ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল৷ এতিয়া হঠাতে তাৰ ঠাই লৈছে ‘মোদী পৰিবাৰে’৷ দেশৰ বিৰোধী ৰাজনৈতিক দলে কেন্দ্ৰত শাসনাধিষ্ঠিত গেৰুৱা দলটোক কটাক্ষ কৰি কৈছে– বিজেপিয়ে সততে আওৰাই থকা ‘দেশ আগত, তাৰ পাছত দল আৰু সৰ্বশেষত নেতা’ ধাৰণাটোৰ সম্প্ৰতি অবলুপ্তি ঘটিছে আৰু এতিয়া ‘মোদী সবাৰে আগত, বাকী সকলো পাছত’ বুলি এটা নতুন ধাৰণাৰ জন্ম হৈছে৷ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ৰে’লমন্ত্ৰী লালুপ্ৰসাদ যাদবে দেওবাৰে মোদীৰ পৰিয়ালেই নাই বুলি কৰা এটা বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিয়ে কৰা প্ৰত্যাক্ৰমণৰ ফলত এই নতুন বিতৰ্কই গা কৰি উঠিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰক্ষা কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতাই গ্ৰহণ কৰা এটা পদক্ষেপে নতুন এই ধাৰণাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিৰোধীয়ে বিজেপিক আক্ৰমণৰ সুযোগ লাভ কৰিছে৷ আন আন বিষয়ত বিজেপিয়ে চলোৱা প্ৰত্যাক্ৰমণ ফলপ্ৰসূ হোৱাৰ বিপৰীতে এইবাৰ বিজেপিৰ প্ৰত্যাক্ৰমণ সঠিকভাৱে আগবঢ়াই নিব নোৱাৰিলে ‘বুমেৰাং’ হোৱাৰো আশংকা কৰা হৈছে৷ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত মোদীক বিৰোধীয়ে চাহ বিক্ৰেতা বুলি উপহাস কৰোঁতে বিজেপিয়ে ‘চাই পে চৰ্চা’ ধাৰণাৰ জন্ম দি সমালোচনাক শক্তিলৈ ৰূপান্তৰ কৰিছিল৷ একেদৰে নিজকে চৌকিদাৰ বুলি কোৱা মোদীক উপলুঙা কৰোঁতে ২০১৯ চনৰ নিৰ্বাচনত দেশৰ লক্ষ লক্ষ বিজেপি সমৰ্থকে ছ’চিয়েল মিডিয়াত নিজৰ বায়ো ‘মে চৌকিদাৰ হু’লৈ সলনি কৰি ধুমুহাৰ সৃষ্টি কৰিছিল৷ কিন্তু এইবাৰ ‘মোদী কা পৰিবাৰ’ হিতে বিপৰীত হোৱাৰ আশংকা কৰা হৈছে৷
দেওবাৰে পাটনাত বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত লালুপ্ৰসাদ যাদবে মোদীৰ পৰিয়াল নাই আৰু সেয়ে তেওঁ প্ৰকৃত হিন্দু নহয় বুলি কুৰুচিপূৰ্ণ বক্তব্যৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছিল৷ লালুপ্ৰসাদ যাদবে কৈছিল, মোদীয়ে বাৰে বাৰে পৰিয়ালতন্ত্ৰৰ কথা উত্থাপন কৰে, কিন্তু তেওঁৰতো পৰিয়ালেই নাই৷ লালুপ্ৰসাদৰ এই মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে৷ ইয়াৰ পাছতে বিজেপিৰ শীৰ্ষনেতা অমিত শ্বাহ, জে পি নড্ডাকে ধৰি অধিকাংশই ছ’চিয়েল মিডিয়াৰ বায়োত নিজৰ নামৰ কাষত ‘মোদী কা পৰিবাৰ’ বুলি লিখি বিজেপিৰ সকলোৱেই মোদীৰ পৰিয়ালৰ সদস্য বুলি বুজাই নৰেন্দ্ৰ মোদীক সমৰ্থন জনাই ছ’চিয়েল মিডিয়াত অভিযান আৰম্ভ কৰে৷ পিছে ২০১৪ আৰু ২০১৯ৰ দৰে এইবাৰৰ বিজেপিৰ অভিযানত বিৰোধী হতোদ্যম নহৈ দুগুণ উৎসাহেৰে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে৷ মধ্য প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে বিজেপিৰ এই অভিযানক দেশবাসীক মূৰ্খ সজোৱা অভিযান বুলি মন্তব্য কৰিছে. তেওঁ কৈছে– ‘তেওঁলোকে সকলোকে সদায় মূৰ্খ সজায়৷ ইমানদিনে বিজেপিয়ে কৈ আহিছিল– দেশ সকলোৰে আগত, তাৰ পাছত দল, তাৰো পাছত নেতা৷ এতিয়া মোদীক আক্ৰমণ কৰাৰ লগে লগে সকলো তল পৰিল৷ মোদী আগলৈ আহিল, দেশ-দল পিছলৈ গ’ল৷ তেওঁলোকে মোদীক আগলৈ আনি দলত ব্যক্তিতন্ত্ৰ প্ৰতিষ্ঠা হোৱা প্ৰমাণ কৰি দিলে৷ বিজেপিত মোদীয়ে একনায়ক, তাকো প্ৰমাণ কৰিলে৷’ আনহাতে, কংগ্ৰেছ দলে বিজেপিক আক্ৰমণ কৰি কয়– ইমানদিনে সংঘ পৰিবাৰ ধাৰণা এটা বিজেপিয়ে আগবঢ়াই নিছিল৷ কাৰণ সংঘ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিজেপিৰ আদৰ্শগত আৰু তাত্বিক পথ প্ৰদৰ্শক৷ সংঘ পৰিবাৰৰ আদৰ্শ অনুসৰিয়েই বিজেপি আগবাঢ়িছিল৷ এতিয়া সংঘ পৰিবাৰ এৰি বিজেপিয়ে মোদী পৰিবাৰত শৰণ লৈ দলত ব্যক্তিপূজা আৰম্ভ কৰিছে৷