Logo
image

কেৰালাত কণমানিহঁতক পঢ়ুৱাইছে এআই শিক্ষয়িত্ৰীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ মাৰ্চঃ এ আই অৰ্থাৎ ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ বা কৃত্ৰিম বুদ্ধিমত্তা সকলো স্তৰৰ, সকলো ক্ষেত্ৰৰ কৰ্মচাৰীৰ প্ৰতি ভাবুকি হৈ উঠাৰ আশংকাই বিশ্বজুৰি উদ্বিগ্নতা সৃষ্টি কৰাৰ সময়তে কেৰালাৰ এখন স্কুলে এ আই শিক্ষিকা নিয়োগ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিক্ষাৰ হাৰত বছৰ বছৰ ধৰি দেশৰ শীৰ্ষস্থান অৰ্জন কৰি থকা দক্ষিণৰ ক্ষুদ্ৰ ৰাজ্যখনে নিয়োগ কৰা এই কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ৰবটটোৰ নাম হৈছে আইৰিছ৷ কেৰালাৰ ৰাজধানী কেটিচিটি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত নিয়োগ কৰা আইৰিছেই দেশৰ প্ৰথম এ আই শিক্ষিকা হোৱাৰ অভিলেখো স্থাপন কৰিছে৷ কিয়নো আন ক্ষেত্ৰত এ আই ব্যৱহাৰ হ’লেও দেশৰ কোনো বিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ মানৱ ৰবট শিক্ষক হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ পূৰ্বে নাই৷ কেটিচিটি স্কুলত আইৰিছক যোগান ধৰিছে কাডুভায়িল থাংগাল দাতব্য নিধিয়ে আৰু এইগৰাকী এ আই শিক্ষিকা নীতি আয়োগৰ ‘অটল টিংকেৰিং লেব’ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰিছে মাৰ্কেটলেব এডুটেকে৷ ২০২১ চনত নীতি আয়োগৰ অধীনত পাঠ্যক্ৰম বহিৰ্ভূত বিষয়ত গুৰুত্ব প্ৰদান কৰা হয় আৰু আইৰিছৰ নিৰ্মাণ তথা নিয়োগ তাৰেই ইতিবাচক পৰিণতি৷
আইৰিছ নামৰ কৃত্ৰিম বুদ্ধিমত্তাসম্বলিত শিক্ষিকাগৰাকীয়ে একে সময়তে অনেক বিষয় পঢ়ুৱাব পাৰে৷ কঠিন অংকৰ পৰা কঠিনতম ‘ৰিজনিং’ সমাধান, বুৰঞ্জী-সমাজবিদ্যাৰ পৰা বিজ্ঞান-সাহিত্যলৈ সকলো বিষয়তে অগাধ বুৎপত্তি এই এ আই ৰবট শিক্ষিকাৰ৷ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক বিস্ময়াবিভূত কৰি আইৰিছে কেইবাটাও ভাষাত শিক্ষাদান কৰিছে যোৱা ফেব্ৰুৱাৰীৰ পৰা৷ আইৰিছে ইটো শ্ৰেণীকোঠাৰ পৰা সিটোলৈ অহা-যোৱা কৰে ভৰিত লগোৱা চকাৰ সহায়ত৷ অগাধ বুদ্ধিমত্তা আৰু বুৎপত্তিৰে সকলো বিষয় নিমিষতে সম্পাদন কৰি কমদিনৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় হৈ পৰিছে আইৰিছ বাইদেউ৷