Logo
image

কংগ্ৰেছৰ প্ৰতীক হ’ব লাগিছিল লুঙী! হিমন্ত

◾মহাজোঁটবন্ধন অপৱিত্ৰঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১ মাৰ্চঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমল অসমৰ সভ্যতা-সংস্কৃতি ৰক্ষক হ’ব নোৱাৰে৷ কংগ্ৰেছ আৰু আজমল হৈছে মোগলৰ প্ৰতিনিধি৷ ডিব্ৰুগড় চিৰিং ডাইনিজানত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যুৱ সমাৰোহত অংশগ্ৰহণ কৰি এইদৰে সমালোচনা কৰিলে বিজেপি যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ তেজস্বী সূৰ্যই৷ চিৰিং ডাইনিজানৰ সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সমাৰোহত বিজেপি যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই নিজৰ ভাষণত কয় যে, অসমে এক গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ সন্মুখীন হ’বলৈ ওলাইছে৷ এই নিৰ্বাচন কেৱল অসমৰ ভৱিষ্যৎ নিৰূপণ নকৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব৷ বিগত ৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম এখোজ বিকাশৰ দিশে গতি কৰিছে৷ এই বিকাশক আমি কোনোৱে বাধা দিব নোৱাৰো৷ একেটা ভাষণত কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত গঠন হোৱা মহাজোঁটবন্ধনকো সমালোচনা কৰিছে বিজেপিৰ যুৱ নেতাজনে৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ কোনো স্পষ্ট নীতি নাই৷ কংগ্ৰেছৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছে৷ এই নিৰ্বাচনক সভ্যতা-সংস্কৃতি ৰক্ষা কৰাৰ যুঁজ বুলি উল্লেখ কৰি অসমৰ ভাষা, সংস্কৃতি তথা পৰম্পৰাক ৰক্ষা কৰিবলৈ হ’লে মোগলক হৰুৱাব লাগিব বুলি মন্তব্য কৰে৷ যিদৰে বীৰ লাচিত বৰফুকনে মোগলক খেদি পঠাইছিল সেইদৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটবন্ধনক ধূলিস্যাৎ কৰিবলৈকো আহ্বান জনায়৷ ইফালে এই সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ মহাজোঁটবন্ধনক আখ্যা দিলে অপৱিত্ৰ বুলি৷ কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনকালত ৰাজ্যত অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছিল বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, কংগ্ৰেছ দলটোৰ কোনো ৰাষ্ট্ৰীয়, সামাজিক, নৈতিক চৰিত্ৰ নাই৷ সেইবাবে ৫৫ বছৰে শাসনত থাকিও জনসাধাৰণৰ বাবে কোনো ভাল কাম কৰিব নোৱাৰিলে৷ তেওঁলোকৰ এই কুকৰ্মৰ ফলত ৰাজ্যখনত উন্নয়নৰ বাতাৱৰণৰ পৰিৱৰ্তে সৃষ্টি কৰা হ’ল সংঘাতৰ পৰিৱেশ৷ মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰি সমাজখন দুৰ্বল কৰাৰ পৰিৱেশ ৰচনা কৰিলে৷ এই ক্ষেত্ৰত আমাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল৷ বিজেপিৰ শাসনকালত কৰ্মসংস্কৃতিয়ে সৱল ৰূপ ধাৰণ কৰিছে৷ অসমীয়া জাতিক ৰক্ষা কৰিবলৈ হ’লে বিজেপিক শাসনত আনিব লাগিব৷ অসমৰ ভাষা, সাহিত্য, মাটি, ভেঁটি, সংস্কৃতি নিঃশেষ কৰিবলৈ কংগ্ৰেছে অসৰহ প্ৰচেষ্টা চলাইছে৷ সমাৰোহত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকি কঠোৰ ভাষাৰে সমালোচনা কৰিলে কংগ্ৰেছক৷ বিজেপিয়ে যোৱা পাঁচ বছৰত পৰিৱৰ্তনৰ বাবে কাম কৰি সফল হোৱা বুলি দাবী কৰি কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজত বহু পাৰ্থক্য থকা বুলি উল্লেখ কৰে৷ কংগ্ৰেছৰ চৰকাৰ মানেই লুঙি, ধূতি আৰু সূঁতা বুলি সমালোচনা কৰি কংগ্ৰেছ বুলিলে ধূতি, সূতা, লুঙিৰ কথাই মনলৈ আহে বুলি কটাক্ষ কৰে৷ কংগ্ৰেছৰ প্ৰতীক চিহ্ন ‘হাত’ৰ পৰিৱৰ্তে ‘লুঙি’ হ’ব লাগিছিল বুলি মন্তব্য কৰি আমি সূতা আৰু লুঙি দিয়াৰ পৰিৱৰ্তে দৰিদ্ৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰি সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা প্ৰকাশ কৰে৷ আমি অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই৷ নিজৰ ভাষণত কংগ্ৰেছৰ ‘অসম বচাওক অভিযান’ৰ প্ৰসংগতো সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী শৰ্মাই কয় যে, মই ভাবিছো কংগ্ৰেছে ‘অসম বচাওক’ শব্দটো কৰপৰা কপি কৰিছে৷ ৰকিবুল হুছেইনৰ দিনত যেতিয়া কাজিৰঙাত গড় মৰিছিল তেতিয়া কাজিৰঙাত পোষ্টাৰ ওলাইছিল ‘আমাক বচাওক’ বুলি৷ অৰ্থাৎ গড় বিলাকে কৈ আছিল আমাক বচাওক৷ এতিয়া সেইটোকে কপি কৰি কংগ্ৰেছে কৈ আছে অসম বচাওক৷ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত লগ লাগি অসম বচাব আহিছে৷ ৫০০ বছৰ আগতে বাবৰে ৰাম জনমভূমিৰ মন্দিৰ ভাঙিছিল৷ কামাখ্যা মন্দিৰত চুলতানৰ সেনানীয়ে কালাপাহাৰ ভাঙিছিল আৰু বটদ্ৰৱা মন্দিৰত আজমলৰ বাহিনীয়ে অধিকাৰ কৰিছিল৷ সেই কথা আজিও অসমৰ ৰাইজে মনত আছে৷ কাজিৰঙাৰ এশিঙিয়া গড়বিলাকৰ এটা এটাকৈ গড়ৰ খড়গ কাটি নিৰ্মমভাৱে গড় হত্যা কৰা কংগ্ৰেছে অসম বচাব নেকি? কংগ্ৰেছে অসম বচোৱাৰ কথা চিন্তা নকৰি বাংলাদেশত গৈ নিজে বচোৱাৰ চিন্তা কৰক৷ এইটো হৈছে আজিৰ সময়ৰ আহ্বান৷ অসম বচাবলৈ নৰেন্দ্ৰ মোদী আছে৷ আজমল আহি আমাক বচাব নালাগে৷ আজমলে অসমৰ কথা চিন্তা নকৰে, বাংলাদেশৰ কথা চিন্তা কৰে৷ একেটা ভাষণত আজমলক ব্ৰহ্মপুত্ৰত ডুবাই চিৰজীৱনৰ কাৰণে বাংলাদেশলৈ পঠাব লাগিব বুলি উল্লেখ কৰি আজমলৰ লগত মহাজোঁট কৰাসকলক মহাজঁট লগাম বুলিও কটাক্ষ কৰি কয়, যি মহাজঁটৰ গাঁঠি চিঙিব নোৱাৰিব৷ আজিৰ এই সমাৰোহত কেন্দ্ৰীয় খাদ্য আৰু সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ যুৱ-মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনকে ধৰি ভালেকেইজন বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদসকল উপস্থিত থাকে৷