Logo
image

আই পি এলৰ প্ৰস্তুতি আৰম্ভ এম এছ ধোনিৰ

ভাৰতৰ অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনি৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও ক্ৰিকেটপ্ৰেমীৰ মাজত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই৷ চলিত মাহতে আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) নতুন ছীজন আৰু ৰ্টুৰ্নামেণ্টখনৰ প্ৰস্তুতিৰ বাবে চেন্নাইত উৱস্থিত হোৱাৰ সময়ত ক্ৰিকেটপ্ৰেমীৰ মাজত ধোনিক কেন্দ্ৰ কৰি যি উচ্ছাস দেখা গৈছিল, সেয়াই ক্ৰিকেটাৰজনৰ জনপ্ৰিয়তাৰ প্ৰমাণ৷ চেন্নাই হৈছে ধোনিৰ প্ৰিয় চহৰ৷ আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে এই চহৰখনক বহুতো দিছে৷  ক্ৰিকেটাৰ হিচাপে হয়তো এইবাৰ অন্তিমবাৰ দেখা যাব ধোনিক৷ আই পি এলৰ পৰা অৱসৰ ল’লেও তেওঁ আন ভূমিকাত চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হৈ থকাটো বিচাৰে তেওঁৰ অনুৰাগীসকলে৷ চেন্নাই ছুপাৰ কিংছৰ সতীৰ্থৰ সৈতে অনুশীলন আৰম্ভ কৰাৰ পাছত ধোনিৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে আৰু মুহূৰ্ততে সেই ফটো ভাইৰেল হৈ পৰিছে৷ উল্লেখ্য, ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছ দহবাৰ আই পি এলৰ ফাইনেলত উপনীত হৈছিল আৰু পাঁচবাৰ দলটো চেম্পিয়ন হৈছে৷ তাৰ উপৰি ২০১০ আৰু ২০১৪ চনত তেওঁ চেন্নাই ছুপাৰ কিংছক চেম্পিয়নছ লীগ টুৱেণ্টী২০ টুৰ্নামেণ্টৰ চেম্পিয়ন কৰাইছিল৷
ধোনিৰ বৰ্তমান বয়স ৪২ বছৰ৷ আই পি এলৰ ২০২৩ বৰ্ষৰ টুৰ্নামেণ্টৰ সমাপ্তিৰ পাছত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনে কৈছিল যে আৰু আই পি এলত আৰু দুটামান ছীজন খেলাৰ ইচ্ছা আছে৷ কিন্তু সকলোখিনি নিৰ্ভৰ কৰিব তেওঁৰ ফিটনেছৰ ওপৰত৷ এই বয়সতো ধোনিৰ ফিটনেছৰ স্তৰ আন বহু ক্ৰিকেটাৰৰ তুলনাত যথেষ্ট উন্নত যদিও তেওঁৰ প্ৰদৰ্শন এতিয়া আগৰ দৰে নাই৷ সেই কথা তেওঁ নিজেও উপলব্ধি কৰিব পাৰিছে৷ চেন্নাই ছুপাৰ কিংছৰ লৈ ২০০ বা ততোধিক খেলত ভাগ লোৱা প্ৰথমজন ক্ৰিকেটাৰ হৈছে ধোনি৷ তেওঁ এতিয়ালৈকে আই পি এলত ২৫০খন খেল খেলি সংগ্ৰহ কৰিছে ৫,০৮২ ৰান৷ ৰানৰ গড় হৈছে ৩৯.০৯৷ তেওঁৰ নামত আছে আই পি এলৰ ২৪টা অৰ্ধশতক৷ চেন্নাই ছুপাৰ কিংছৰ দুজন আগশাৰীৰ ক্ৰিকেটাৰ মঈন আলী  আৰু দীপক চাহৰে অলপতে কৈছিল যে ধোনি এনে এজন ক্ৰিকেটাৰ, যে ড্ৰেছিং ৰুমত তেওঁৰ উপস্থিতিয়ে দলৰ আন সদস্যকো উৎসাহিত কৰে৷ সকলো সদস্যৰ সৈতে তেওঁ ভাল সম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিয়ে৷ নেতৃত্বত তেওঁৰ বিচক্ষণতাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে৷ সেয়েহে ধোনিৰ উপস্থিতি সদায় চেন্নাই ছুপাৰ কিংছৰ বাবে প্লাছ পইণ্ট৷