Logo
image

খেজুৰ কিয় খাব লাগে, কি উপকাৰ হয়?

যুগ যুগ ধনি দেশে দেশে বমজানৰ ইফটাবত খেজুৰ খোৱাটো এটা বীতি। জানেনে বমজান মাহত কিয় খেজুর খাব লাগে। ধর্মীয় বিশ্বাস নে স্বাস্থ্যকৰ খাদ্য হিচাপে খেজুৰ খাব লাগে। ইছলামধর্মী দেশসমূহত খেজুৰ খায়েই বোজা ভঙাটো এটা ৰীতি-নীতিত পৰিণত হৈছে। গোটেই দিন উপবাসে থাকি এনেকুৱা কিছুমান খাদ্য খোৱাটো জৰুৰী যি কম সময়তে কর্মশক্তি যোগায়। সেই দিশব পবা খেজুৰ খুব উপকাৰী খাদ্য। তদুপৰি খেজুবত আছে নানান বৰণৰ গুণ। সকলো সময়তে খেজুৰ খাব পাৰি। শীতকালত সুস্থ হৈ থাকিবলৈ শৰীৰক পর্যাপ্ত পুষ্টিকৰ উপাদানৰ প্রয়োজন। শীতকালি খেজুৰ খোৱাটো অতি উপকাৰী। খেজুৰে শর্ষীকক নানান যোগৰ পৰা ৰক্ষা কৰিব পাৰে। খেজুৰে আমাৰ শৰীৰত কি কি উপকাৰ কৰে তাৰে গম লও আহক- 

- খেজুৰে হজম শক্তি বৃদ্ধি৷ গোটেই দিন উপবাসে থাকি সন্ধিয়া ইফটাৰৰ আয়োজন চলে। খেজুৰে খাদ্যসমূহক হজম কৰাত বিশেষভাবে সহায় কৰে।

- খেজুৰত আছে নানান পুষ্টিকৰ উপাদান। বিশেষকৈ খেজুবে শৰীৰক ফাইবাৰ যোগান ধৰে। তদুপৰি খেজুৰত পটাডিয়াম, ফচফৰাছ থাকে মি হাড় মজবুত কবি ৰখাত বিশেষভাবে সহায় কৰে৷

- খেজুৰত আছে মেগনেছিয়াম, আইৰণ আৰু ভিটামিন। এই তিনিটা উপাদানে শৰীৰ সচল কৰি ৰাখে। 

- খেজুৰত পোৱা যায় খাৰিয় লবণ। যি ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। তদুপৰি খেজুৰত গ্লুক'জ, চুক্রজ আদি পোৱা যায়। সেইদৰে খেজুৰে তেজৰ শৰ্কৰাৰ মাত্রাও নিয়ন্ত্রণত ৰাখে। 

- উপবাসে থকাৰ পাছত শৰীৰত যথেষ্ট পৰিমাণে পানীৰ নাটনি হয়। সেই সমস্যা দূৰ কৰাত বিশেষভাবে সহায় কবে খেজুৰে। শীতকালত খেজুৰ খালে ঠাণ্ডা কম অনুভব কৰা যায়। কাৰণ খেজুৰে শৰীৰ গৰম কৰি ৰাখে।