Logo
image

নেডাৰলেণ্ডছত বেডমিণ্টনৰ শীৰ্ষ খিতাপ অসমৰ ঈশাৰাণীলৈ

নতুন দিল্লী, ১৯ মাৰ্চ: নেডাৰলেণ্ডছত এক আন্তঃৰাষ্টীয় প্ৰতিযোগিতাত খিতাপ জয়েৰে বিশেষ সফলতা লাভ কৰিছে অসমৰ বেডমিণ্টন খেলুৱৈ ঈশাৰাণী বৰুৱাই৷ দেওবাৰে অনুষ্ঠিত এফজেড ফৰ্জা ডাচচ ইণ্টাৰনেশ্বনেল ছিৰিজ বেডমিণ্টন প্ৰতিযোগিতাত ঈশাৰানীয়ে মহিলাৰ  ছিংগলছৰ খিতাপ জয় কৰে৷ দুৰন্ত প্ৰদৰ্শনেৰে তেওঁ খিতাপৰ যুঁজত পৰাস্ত কৰে ভাৰতৰেই ১৮ বৰ্ষীয় খেলুৱৈ দেৱিকা ছিহাগক৷ ইউৰোপত খিতাপৰ হেট্ৰিক অৰ্জনৰ পথত আগবঢ়া দেৱিকাৰ সন্মুখত ঈশাৰাণী বাধা হৈ থিয় হয়৷ বিশ্বক্ৰমৰ ৯৭ সংখ্যক স্থানৰ খেলুৱৈ ঈশাৰাণীয়ে খিতাপৰ যুঁজত দেৱিকাক পৰাস্ত কৰে ১৯-২১, ২৩-২১, ২১-১৪ গেমত৷ যুঁজখন চলে এঘণ্টা৷ উল্লেখ্য, ঈশাৰাণী আৰু দেৱিকা উভয়েই  প্ৰকাশ পাড়ুকন বেডমিণ্টন একাডেমীৰ প্ৰশিক্ষাৰ্থী৷ ফাইনেলত প্ৰথম গেমত পৰাস্ত  হোৱাৰ পাছত  ঈশাৰাণী দ্বিতীয় গেমতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷ কিন্তু নিৰ্ণায়ক তৃতীয় গেমত তেওঁ প্ৰত্যয়জনক জয় অৰ্জন কৰে৷ অসম সন্তান ঈশাৰাণীয়ে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছিল সপ্তম বাছনিৰ খেলুৱৈ ইংলেণ্ডৰ ফ্ৰেয়া ৰেডফেয়াৰ্নক৷ ঢাকাত ২০২১ চনত ঈশাৰাণীয়ে বাংলাদেশ ইণ্টাৰনেশ্বনেলৰ খিতাপ জয়  কৰিছিল৷ ২০২০ খেলো ইণ্ডিয়া গেমছত গুৱাহাটীত শ্বাটলাৰ গৰাকীয়ে ৰূপৰ পদক জয় কৰিছিল৷ যোৱা বছৰ তেওঁ বেংগালুৰুত অনুষ্ঠিত ইণ্টাৰনেশ্বনেল চেলেঞ্জ বেডমিণ্টনত মহিলাৰ ছিংগলছৰ খিতাপ জয় কৰিছিল৷ নেডাৰলেণ্ডছত খিতাপ জয় কৰি তেওঁ নিজৰ কেৰিয়াৰক এক নতুন মাত্ৰা দিলে৷