দুই-এদিনতে মুক্তি ২ পণবন্দীৰ পৰেশ বৰুৱাৰ বাৰ্তা
আমাৰ অসম, ৩ মাৰ্চঃ শীঘ্ৰে আপোন ঘৰলৈ উভতিব কুইপ্প’ৰ অপহৃত দুই বিষয়া৷ আলফা আৰু কুইপ্প’ কতৃৰ্পক্ষৰ সৈতে কৰা আলোচনাৰ সফল সমাপ্তি হোৱাত দুই-এদিনৰ ভিতৰতে অপহৃত দুই বিষয়াক আলফা-এনএছচিএনে মুকলি কৰি দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷ কুইপ্প’ৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত বিগত ৪ দিন ধৰি কুইপ্প’ কতৃৰ্পক্ষ আৰু মধ্যস্থতাকাৰী কৌশিক ফুকনৰ মাজত চলা আলোচনাত দুইপক্ষ ঐক্যবদ্ধ সিদ্ধান্তত উপনীত হয়৷ এই আলোচনাত দুয়ো পক্ষই সৰ্বসন্মতভাৱে কেইবাটাও সিদ্ধান্তত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ মধ্যস্থতাকাৰী কৌশিক ফুকনে সদৰী কৰা মতে, আলফাই মুক্তিপণ হিচাপে তৈল খননকাৰী কোম্পানীটোক দিয়া থলুৱা নিযুক্তিৰ চৰ্ত মানি লৈছে কুইপ্প’ কৰ্তৃপক্ষই৷ আলফাই দাবী কৰাৰ দৰে অনাগত সময়ছোৱাত কুইপ্প’ত ৫ হাজাৰ থলুৱা নিবনুৱাৰ লগতে যোগ্য অভিযন্তাক সংস্থাপন দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে কোম্পানীটো৷ স্বাভাৱিকতে অপহৃতদ্বয়ৰ মুক্তিৰ বিনিময়ত অসমৰ থলুৱা নিযুক্তিৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা বিষয়টোৱে আশাৰ বতৰা কঢ়িয়াই অনা বুলি বিভিন্নজনে মত ব্যক্তি কৰিছে৷ অৱশ্যে চোৰাংচোৱাৰ এটা সূত্ৰই দাবী কৰা মতে, আলফাই অপহৰণ কৰা বিষয়া শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তিৰ বাবদ ২০ কোটি টকা দাবী কৰিছিল কুইপ্প’ক৷ মধ্যস্থতাকাৰীৰ জৰিয়তে হোৱা দুয়োপক্ষৰ আলোচনাত কুইপ্প’ৱে ১০ কোটি টকা দিবলৈ সন্মত হোৱাত আলফায়ো ইতিবাচক সঁহাৰি জনাইছে৷ ইতিমধ্যে দাবীকৃত ধনৰ এটা অংশ আলফালৈ বুলি প্ৰেৰণ কৰিছে কুইপ্প’ কতৃৰ্পক্ষই৷ এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে, আলফা আৰু এনএছচিএন বিদ্ৰোহীৰ জিম্মাত থকা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক বুধবাৰ বা বৃহস্পতিবাৰে মুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ উজনি অসমৰ এখন জিলাৰ সীমান্তত অপহৃতদ্বয়ক মুক্তি দিবলৈ আলফা সাজু হোৱা বুলিও জানিবলৈ দিছে বিশেষ সূত্ৰটোৱে৷ অৱশ্যে নিৰাপত্তাজনিত কাৰণত সেয়া সম্ভৱ নহ’লে ভাৰত-ম্যানমাৰ সীমান্তত আন কোনো স্থানত আলফাই মুক্তি দিব অপহৃতদ্বয়ক৷ লক্ষণীয়ভাৱে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো দুই-এদিনৰ ভিতৰতে অপহূত বিষয়াদ্বয়ক মুক্তি দিব বুলি ঘনিষ্ঠ মহললৈ বাৰ্তা প্ৰেৰণ কৰিছে৷ ইপিনে আলফাই প্ৰণৱ কুমাৰ গগৈক মুক্তি দিব বুলি মধ্যস্থতাকাৰীৰ ফালৰ পৰা খবৰ অহাত আনন্দৰ চকুলো বৈছে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালত৷ অপহৃত গগৈৰ পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃয়ে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মধ্যস্থতাকাৰী কৌশিক ফুকনকো উক্ত পদক্ষেপৰ বাবে ধন্যবাদ জনাইছে৷