Logo
image

২৮ মাৰ্চলৈ ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱাল

নতুন দিল্লী, ২২ মাৰ্চ : আবকাৰী আইন কেলেংকাৰি গোচৰত কালি নিশা গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰৱিলাক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে দিল্লীৰ ৰাউচ এভিনিউ আদালতে৷ ইডিয়ে কেজৰিৱালক ১০ দিনৰ বাবে বিচাৰিছিল যদিও আদালতে ৭ দিনৰ বাবেহে জিম্মালৈ প্ৰেৰণ কৰে৷ সেই অনুসৰি অহা ২৮ মাৰ্চলৈ ইডিৰ জিম্মাত দিল্লীৰ আবকাৰী আইন কেলেংকাৰিৰ গোচৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব লাগিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ উল্লেখ্য যে কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে আবকাৰী আইন কেলেংকাৰিত ১০০ কোটি টকাৰ দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে হাৱালাৰ জৰিয়তে ৪৫ কোটি টকা গোৱালৈ প্ৰেৰণ কৰা বুলি আদালতত উল্লেখ কৰে৷ উক্ত টকাখিনি গোৱাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হয় বুলি ইডিৰ অধিবক্তাই আদালতত উল্লেখ কৰে৷ অৱশ্যে ইডিৰ এই অভিযোগ খণ্ডন কৰি কেজৰিৱালৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে কেজৰিৱালক বে-আইনীভাৱে গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁৰ বিৰুদ্ধে আদালতত ইডিয়ে অভিযোগ প্ৰমাণ কৰিব লাগিব৷ অকল অভিযোগৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰাটো কিমান আইন সন্মত বুলিও কেজৰিৱালৰ অধিবক্তাই আদালতক প্ৰশ্ন কৰে৷ উল্লেখ্য যে দিল্লীৰ আবকাৰী আইন কেলেংকাৰি গোচৰ সন্দৰ্ভত কালি নিশা ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰি নিয়ে৷ আদালতত আজি ইডিৰ হৈ যুক্তি দৰ্শায় অধিবক্তা এছ ভি ৰাজুৱে৷ ইয়াৰ পূৰ্বে আজি দুপৰীয়া ২ বজাত ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাউচ এভিনিউ আদালতত হাজিৰ কৰি ১০ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে৷ লগতে আবকাৰী কেলেংকাৰিটোৰ মাষ্টাৰ মাইণ্ড অৰবিন্দ কেজৰিৱালেই বুলি ইডিয়ে উল্লেখ কৰে৷ ইডিৰ হৈ অধিবক্তা ৰাজুৱে আদালতক জনায় যে কেজৰিৱালৰ নেতৃত্বতে দিল্লীৰ আবকাৰী আইনখন নতুনকৈ প্ৰবৰ্তন কৰা হৈছে৷ এই আইনৰ জৰিয়তে কেজৰিৱালে প্ৰায় ১০০ কোটি টকা উৎকোচ হিচাপে লাভ কৰে৷ সেই ধনৰ ৪৫ কোটি টকা গোৱাৰ নিৰ্বাচনত খৰচ কৰা হয়৷ স্মৰ্তব্য যে কালি নিশা কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দেশজুৰি আম আদমি পাৰ্টীয়ে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে৷ সেই অনুসৰি কালি নিশাৰে পৰা দিল্লীত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ আম আদমি পাৰ্টীৰ সমৰ্থকসকলে আনকি বিজেপিৰ দিল্লী কাৰ্যালয়ৰ সন্মুখতো দীৰ্ঘ সময় ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে৷ আজি পুৱাৰে পৰা দিল্লী আৰক্ষীয়ে ৰাজধানী চহৰখনত নিচ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে কুৰুক্ষেত্ৰত কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিবলৈ অহা একাংশ প্ৰতিবাদীৰ ওপৰত লাঠী চালনা আৰু পানীহিলৈ নিক্ষেপ কৰে৷ আনহাতে আজি পুৱা কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় কেজৰিৱালৰ দুই সহযোগী মন্ত্ৰী অতিশী আৰু সৌৰভ ভৰদ্বাজ৷ কাইলৈ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিৰোধী দলসমূহে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব৷ স্মৰ্তব্য যে ২০২১ চনৰ ১৭ নৱেম্বৰত দিল্লীত আম আদমী পাৰ্টী চৰকাৰে নতুন সুৰা নীতিৰ প্ৰচলন কৰিছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০২২ চনৰ ৮ জুলাইত দিল্লীৰ মুখ্য সচিবে নতুন সুৰা নীতিত কেলেংকাৰি হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ ২৮ জুলাইত দিল্লী চৰকাৰে নতুন সুৰা নীতি স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷ ইয়াৰ পাছত ১৭ আগষ্টৰ পৰা সুৰা নীতিৰ কেলেংকাৰিৰ তদন্ত আৰম্ভ হয়৷ ২০২২ ৰ ১৯ আগষ্টত সুৰা নীতিৰ কেলেংকাৰি সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ বাসগৃহসহ ৩১ ঠাইত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তালাচী অভিযান চলে৷ ২২ আগষ্টত ইডিত ধন সৰৱৰাহৰ গোচৰ ৰুজু হয়৷ একেটা বছৰৰ ৩০ আগষ্টত ইডিয়ে মনীষ ছিচোদিয়াৰ পাঞ্জাব নেছনেল বেংকৰ লকাৰত তালাচী চলায়৷ ২৭ ছেপ্তেম্বৰত আপৰ মুখপাত্ৰ বিজয় নায়াৰক ইডিয়ে গ্ৰেপ্তাৰ কৰে৷ ২৮ ছেপ্তেম্বৰ সুৰা ব্যৱসায়ী সমীৰ মহেন্দ্ৰ গ্ৰেপ্তাৰ হয়৷ ২০২২ ৰ ১৬ অক্টোবৰত মনীষ ছিচোদিয়াক ইডিয়ে ৯ ঘণ্টা জেৰা কৰে৷ ২৫ ছেপ্টেম্বৰত চিবিআইয়ে গোচৰটো সন্দৰ্ভত ৭ জনৰ বিৰুদ্ধে চাৰ্জিশ্বিট দাখিল কৰে৷ ৩০ নৱেম্বৰত মনীষ ছিচোদিয়াৰ ঘনিষ্ঠ অমিত অৰোৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে একেটা দিনতে তেলেংগানাৰ তদানীন্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা বি আৰ এছৰ নেত্ৰী কে কবিতাৰ নাম সাঙোৰ খাই পৰে আবকাৰী কেলেংকাৰি গোচৰটোত৷ ২০২৩ ৰ ১৪ জানুৱাৰীত মনীষ ছিচোদিয়াৰ বাসগৃহত পুনৰ ইডিয়ে তালাচী চলায়৷ ৪ ফেব্ৰুৱাৰীত ছিচোদিয়াক ইডিয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত ১৬ এপ্ৰিলত চি বি আইৰ জেৰাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ ৪ অক্টোবৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক৷ চলিত বৰ্ষৰ ১৫ মাৰ্চত গ্ৰেপ্তাৰ হয় বি আৰ এছৰ নেত্ৰী কে কবিতা৷ আৰু অৱশেষত কালি গোচৰটোৰ সংক্ৰান্তত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে৷