Logo
image

২৬ মাৰ্চত প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিব আপে

নতুন দিল্লী, ২৩ মাৰ্চত: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত অহা ২৬ মাৰ্চত আপে প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিব৷ আজি নিশা এই কথা ঘোষণা কৰে আম আদমি পাৰ্টীয়ে৷ উল্লেখ্য, বৃহস্পতিবাৰে নিশা দিল্লীৰ আৱকাৰী আইন কেলেংকাৰি গোচৰত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতে দেশজুৰি ‘আপে’ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সেই অনুসৰি আজি পুৱাৰে পৰা দিল্লীৰ লগতে অসমসহ দেশৰ বিভিন্ন প্ৰান্তত আপৰ সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷ আপৰ লগতে বিৰোধী দলসমূহেও কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দেশত বিজেপিয়ে স্বেচ্ছাচাৰী শাসন চলোৱা বুলি উল্লেখ কৰে৷