Logo
image

‘আপ’ৰ কাৰ্যালয় ছীল, দাবী মন্ত্ৰী আতিশীৰ

নতুন দিল্লী, ২৪ মাৰ্চঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ‘আপ’ৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়টো কাৰ্যতঃ ‘ছীল’ কৰি দিয়া হৈছে৷ এই অভিযোগ কেজৰিৱাল মন্ত্ৰীসভাৰ অন্যতম সদস্য তথা ‘আপ’ৰ জ্যেষ্ঠ নেত্ৰী আতিশীৰ৷ আজি এক সংবাদমেল যোগে ‘আপ’ৰ নেত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ‘আপ’ৰ কাৰ্যালয়টো চাৰিওপিনে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘেৰি ৰাখিছে৷ কাৰ্যালয়টোলৈ দলৰ নেতা-কৰ্মীসকলৰ আহ-যাহ বন্ধ কৰি দিয়া হৈছে৷ নিৰ্বাচনৰ আগমুহূৰ্তত ৰাষ্ট্ৰীয় দল এটাৰ ক্ষেত্ৰত কৰা এনে প্ৰতিহিংসা পৰায়ন আচৰণে কেন্দ্ৰৰ স্বেচ্ছাচাৰিতাক উদঙাই দিছে৷ এই সন্দৰ্ভত দলৰ তৰফৰ পৰা শীঘ্ৰে নিৰ্বাচন আয়োগক অৱগত কৰা হ’ব বুলি সংবাদ মেলত জনায় মন্ত্ৰী আতিশীয়ে৷