Logo
image

আহি আছোঁ!মোক বান্ধি ৰাখিব নোৱাৰে

নতুন দিল্লী, ২৪ মাৰ্চঃ ‘মোক কোনেও আৱদ্ধ কৰি ৰাখিব নোৱাৰে৷ মই আহি আছোঁ৷’ ইডিৰ জিম্মাৰ পৰাই এই ভাষ্য প্ৰেৰণ কৰিছে সদ্য গ্ৰেপ্তাৰাধীন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ পত্নী সুনীতা কেজৰিৱালৰ জৰিয়তে আজি দলীয় কৰ্মী তথা দেশবাসীলৈ উদ্দেশ্যি অৰবিন্দ কেজৰিৱালে বাৰ্তা  প্ৰেৰণ কৰে৷ উক্ত বাৰ্তাত কেজৰিৱালে নিজৰ জীৱন দেশ মাতৃৰ বাবে উৎচৰ্গা কৰা বুলি উল্লেখ কৰি জে’লৰ ভিতৰতেই হওক বা বাহিৰতেই হওক প্ৰতি মুহূৰ্তত দেশৰ সেৱা কৰি যাব বুলি কয়৷ বিজেপিৰ কৰ্মীসকলক ভাই-ভনী বুলি সম্বোধন কৰি কেজৰিৱালে তেওঁলোকক যাতে আম আদমী পাৰ্টীৰ কৰ্মীসকলে ঘৃণা নকৰে তাৰ বাবেও আহ্বান জনায়৷ নিজকে লোহাৰ সৈতে তুলনা কৰি কেজৰিৱালে বাৰ্তাটোত লগতে উল্লেখ কৰে–মোৰ শৰীৰ লোহাৰে তৈয়াৰী৷ জীৱনটো সংগ্ৰামেৰে পাৰ কৰিছোঁ৷ দেশ মাতৃৰ বাবে মোৰ সংগ্ৰাম আমৃত্যু চলাই যাম৷ তদুপৰি দিল্লীবাসীলৈ উদ্দেশ্যি কেজৰিৱালে নিজৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিব বুলি বাৰ্তাটোত জনায়৷ এই সন্দৰ্ভত কেজৰিৱালে উল্লেখ কৰে–‘দিল্লীৰ মা-ভনীসকলে হয়তো ভাবিছে, কেজৰিৱাল জে’ললৈ গৈছে, এতিয়া মাহিলী ১০০০ টকাৰ ভাট্টা পাবনে নেপায়! মই সকলো মাতৃ-ভগ্নীক আস্থা ৰাখিবলৈ অনুৰোধ জনাইছো৷ মই মুকলি হৈয়েই প্ৰতিটো আশ্বাস পূৰণ কৰিম৷’ উল্লেখ্য যে আজি পত্নী সুনীতা কেজৰিৱালে ইডিৰ জিম্মাত থকা স্বামী কেজৰিৱালক সাক্ষাৎ কৰে৷ সেই সময়তে কেজৰিৱালে দলীয় কৰ্মী তথা দেশবাসীলৈ পত্নীৰ জৰিয়তে বাৰ্তাসমূহ প্ৰেৰণ কৰে৷ ইপিনে, ইডিৰ বিৰুদ্ধে দিল্লী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ ইডিয়ে কৰা গ্ৰেপ্তাৰ বেআইনী বুলি অভিযোগ কৰি আজি দিল্লী আদালতত কেজৰিৱালে তেওঁৰ অধিবক্তাৰ জৰিয়তে আবেদন জনায়৷ উল্লেখ্য যে আবকাৰী নীতি কেলেংকাৰী গোচৰত যোৱা বৃহস্পতিবাৰে কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতে শুকুৰবাৰে তেওঁক দিল্লীৰ ৰাউচ এভিনিউ আদালতে ৭ দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰে৷ সেই অনুসৰি অহা ২৮ মাৰ্চলৈ কেজৰিৱাল ইডিৰ জিম্মাত থাকিব লাগিব৷ কিন্তু কেজৰিৱালৰ দাবী, তেওঁৰ গ্ৰেপ্তাৰ আৰু ইডিৰ জিম্মালৈ প্ৰেৰণ দুয়োটাই বেআইনী৷ যাৰ বাবে অবিলম্বে মুক্তি বিচাৰি দিল্লী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয় সদ্য গ্ৰেপ্তাৰাধীন মুখ্যমন্ত্ৰীজন৷ আজি কেজৰিৱালৰ আইনী উপদেষ্টা তথা অধিবক্তাৰ দলে কেজৰিৱালে কৰা আবেদনৰ শুনানী যাতে কাইলৈ অৰ্থাৎ ২৪ মাৰ্চত জৰুৰী ভিত্তিত কৰা হয় তাৰ বাবেও আবেদন জনায়৷ কিন্তু আদালতে উক্ত আৱেদন অগ্ৰাহ্য কৰি অহা ২৭ মাৰ্চত শুনানিৰ দিন ধাৰ্য কৰে৷ উল্লেখ্য যে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীত মুখ্যমন্ত্ৰী কেজৰিৱাল আৰ্থিকভাৱে আটাইতকৈ বেছি লাভৱান হোৱা বুলি দাবী কৰিছিল ইডিয়ে৷ যাৰ বাবে ইডিয়ে কেজৰিৱালক ১০ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায়৷ কিন্তু আদালতে ১০ দিনৰ সলনি ৭ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে কেজৰিৱালক৷

তাৎপৰ্যপূৰ্ণ যে শেহতীয়াকৈ অভিনেত্ৰী জেকুইলিন ফাৰ্ণাণ্ডেজৰ একালৰ ঘনিষ্ঠ বন্ধু সুকেশ চন্দ্ৰশেখৰ নামৰ এজন প্ৰৱঞ্চকে তেওঁৰ হাতত কেজৰিৱাল আবকাৰী আইন কেলেংকাৰিত জড়িত থকাৰ প্ৰমাণ মজুত থকা বুলি দাবী কৰিছে৷ সুকেশ চন্দ্ৰশেখৰ সম্প্ৰতি তিহাৰ জে’লত বন্দী হৈ আছে৷ বিভিন্ন প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত সুকেশ প্ৰায় ২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত কাৰাগাৰত থাকিবলগীয়া হৈছে৷ এইজন সুকেশে কেজৰিৱাল আবকাৰী আইন কেলেংকাৰিৰ মূল পৰিকল্পনাকাৰী বুলি দাবী কৰি তেওঁৰ হাতত ইয়াৰ প্ৰমাণ থকা বুলি কৈ গোচৰটোৰ সাক্ষী হ’ব বিচাৰিছে৷ স্বাভাৱিকতে সুকেশৰ দৰে প্ৰৱঞ্চনক এজনে কৰা এই দাবীক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷