Logo
image

কংগনাৰ বিৰুদ্ধে অশ্লীল মন্তব্য, দেশ তোলপাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মাৰ্চঃ হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা অভিনেত্ৰী কংগনা ৰানাৱতৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে অশালীন-অশ্লীল মন্তব্য কৰাৰ অভিযোগ উঠিছে৷ বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকাত কংগনাৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পাছতে সামাজিক মাধ্যমত সুপ্ৰিয়া শ্ৰীনেটে ‘মাণ্ডিত কি দাম চলিছে’ বুলি মন্তব্য কৰিছিল৷ অৱশ্যে পাছত তেওঁ ইনষ্টাগ্ৰামৰ এই কথাখিনি ডিটিল কৰে৷ শ্ৰীনাটেৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী কংগনা ৰাণাৱটে লিখিছে– ‘প্ৰত্যেক মহিলাই সন্মানৰ যোগ্য৷ প্ৰিয় সুপ্ৰিয়া জী, শিল্পী হিচাপে কেৰিয়াৰৰ ২০ বছৰে বিভিন্ন ধৰণৰ নাৰী চৰিত্ৰত অভিনয় কৰিছোঁ৷ কুইন’ত এজনী সহজ-সৰল ছোৱালীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে মণিকৰ্ণিকাত যুদ্ধৰত ৰাণীৰ চৰিত্ৰত অভিনয় কৰিছোঁ৷ আমাৰ মহিলাসকলক কু-সংস্কাৰ কৱলৰ পৰা মহিলাসকলেই মুক্তি দিব লাগিব৷’ মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ নেত্ৰী শ্ৰীনাটেক ওভটি ধৰে৷ কংগনাৰ পক্ষত তেওঁ বক্তব্য আগবঢ়ায়৷ এক কথাত ক’বলৈ গ’লে শ্ৰীনাটেৰ মন্তব্যত দেশ তোলপাৰ লাগে৷