Logo
image

অৰুণাচলক লৈ চীনৰ দাবী, প্ৰত্যুত্তৰ জয়শংকৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ চীনৰ লোলুপ দৃষ্টি এতিয়াও আছে অৰুণাচল প্ৰদেশৰ ওপৰত৷ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, সূৰুয উঠাৰ দেশ অৰুণাচল প্ৰদেশক আজিও চীনদেশে নিজৰ বুলি দাবী কৰে৷ মাজে সময়ে মানচিত্ৰ প্ৰকাশ কৰি চীনে সেই মানচিত্ৰত অন্তৰ্ভুক্ত কৰে ৰূপহী অৰুণাচলক৷ 

কিছুদিনৰ বিৰতিৰ পাছত পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চুবুৰীয়া অৰুণাচলক লৈ ভাৰত আৰু চীনে যুযুধান স্থিতিত অৱতীৰ্ণ হৈছে৷ আমেৰিকাই অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ বুলি স্বীকৃতি প্ৰদান কৰাৰ পাছতেই অৰুণাচলক লৈ পুনৰ সৰব হৈ পৰিছে বৈৰী ৰাষ্ট্ৰ চীন৷ ৰঙা চীনৰ প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ লিন জিয়ানে অৰুণাচল প্ৰদেশ চীনৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰিছে৷ প্ৰতিৰক্ষা মুখপাত্ৰজনে অৰুণাচলক চীনৰ জাংনান প্ৰদেশ বুলি দাবী কৰি কয় যে– চীন আৰু ভাৰতৰ সীমা বৰ্তমানেও নিৰ্ধাৰণ কৰা হোৱা নাই৷ চীনৰ পূৰ্বাঞ্চলীয় অংশৰ অন্তৰ্গত হৈছে জাংনান প্ৰদেশ (অৰুণাচলৰ চীনা স্বীকৃত নাম)৷ ভাৰতে অবৈধভাৱে এই অংশ দখল কৰি প্ৰশসন চলাই আছে৷ এয়াই হৈছে প্ৰকৃত সত্যতা আৰু ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ ১৯৮৭চনত ভাৰতে চীনৰ ভূখণ্ড দখল কৰি ‘তথাকথিত অৰুণাচল’ নাম দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও চীনে অৰুণাচলক নিজৰ ভূখণ্ড বুলি দাবী কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৰুণাচল প্ৰদেশত সুৰংগ পথৰ উদ্বোধন কৰাৰ পাছতেই চীনৰ অসন্তুষ্টি বৃদ্ধি পাইছিল৷ এই লৈ চীনৰ সামৰিক বিষয়া কৰ্ণেল জাং জিয়াও গঙে বেইজিঙে অৰুণাচলক ভাৰতৰ অংশ বুলি কেতিয়াও স্বীকৃতি নিদিয়াৰ কথা স্পষ্ট কৰি দিছিল৷ অৱশ্যে ইয়াৰ পাছতেই আমেৰিকাই অৰুণাচলক লৈ ভাৰতৰ পক্ষত থিয় দিছিল৷ কিন্তু বেইজিঙৰ এই দাবীৰ বিপৰীতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান অধ্যয়ন প্ৰতিষ্ঠানত ভাষণ প্ৰদান কৰি কয়– চীনৰ এই দাবী অযুক্তিকৰ৷ চীনে বাৰে বাৰে একেটা দাবীকে কৰি কূটনৈতিক হেঁচা প্ৰয়োগৰ চেষ্টা চলাই আহিছে৷ কিন্তু চীনৰ এনে দাবী হাস্যকৰ৷ অৰুণাচল প্ৰদেশ ভাৰতৰে অবিচ্ছেদ অংগ আছিল, আছে আৰু থাকিব৷ লক্ষণীয়ভাৱে চীন আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ এই স্থিতিয়ে স্বাভাৱিকতেই অৰুণাচলৰ সীমান্তবাসীক উদ্বিগ্ন কৰি তুলিছে৷