Logo
image

২ পণবন্দীৰ মুক্তি কেতিয়া, ক’ত

আমাৰ অসম, ৪ মাৰ্চঃ কেতিয়া মুক্তি লাভ কৰিব আলফাই অপহৰণ কৰা তৈল খননকাৰী কোম্পানী কুইপ্প’ৰ দুই বিষয়া৷ মধ্যস্থতাকাৰী কৌশিক ফুকনৰ জৰিয়তে আলফা আৰু কুইপ্প’ কৰ্তৃপক্ষৰ আলোচনা সফল সমাপ্তি হ’ল যদিও অপহৃত বিষয়াদ্বয়ৰ মুক্তিক লৈ গভীৰ উৎকণ্ঠাই বিৰাজ কৰিছে৷ নিৰাপদে স্বগৃহত উপস্থিত নোহোৱা পৰ্যন্ত অপহূত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ পৰিয়াল দুটাৰ মনত পৰা সংশয় আঁতৰ হোৱা নাই৷ ইপিনে, মধ্যস্থতাকাৰী কৌশিক ফুকনে ‘আমাৰ অসম’ৰ আগত চলিত সপ্তাহৰ ভিতৰতে দুয়োজনে নিৰাপদে ঘৰত উপস্থিত হোৱাৰ আশা ব্যক্ত কৰিছে৷ কৌশিক ফুকনে জানিবলৈ দিয়া মতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁক অপহৃতদ্বয়ক মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে৷ ইতিমধ্যে কৌশিক ফুকনে দিল্লীত কুইপ্প’ কৰ্তৃপক্ষৰ সৈতে আলোচনা সফল সমাপ্তি কৰি বুধবাৰে তিনিচুকীয়াৰ বাসগৃহত উপস্থিত হয়৷ বৃহস্পতিবাৰে মধ্যস্থতাকাৰী ফুকনে অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালক সাক্ষাৎ কৰিব৷ ইপিনে বিদ্ৰোহী সংগঠনৰ এটা সূত্ৰই প্ৰকাশ কৰামতে, অপহৃত দুয়োজন বিষয়াকে ম্যানমাৰস্থিত এন এছ চি এনৰ শিবিৰত ৰখা হৈছিল৷ মুক্তিপণৰ বাবদ কুইপ্প’ই ১০ কোটি টকা আলফালৈ প্ৰেৰণৰ ব্যৱস্থা কৰাত মঙলবাৰে পৰেশ বৰুৱাই দুয়োজনকে মুক্তি দিবলৈ সেউজ সংকেত প্ৰদান কৰে৷ সূত্ৰটোৱে দাবী কৰামতে মঙলবাৰে বিয়লি ভাগতে ম্যানমাৰৰ পৰা অপহৃতদ্বয়ক লৈ মুক্তি দিয়াৰ উদ্দেশ্যেৰে ৰাওনা হৈছে আলফা-এন এছ চি এনৰ এটা দল৷ ম্যানমাৰৰ শিবিৰৰ পৰা খোজ কাঢ়ি অহা সশস্ত্ৰ কেডাৰৰ দলটোৱে অপহৃতদ্বয়ক মুক্তি দিব লগা স্থানত উপস্থিত হওঁতে  ৩-৪ দিনৰ প্ৰয়োজন হ’ব বুলিও প্ৰকাশ কৰিছে৷ ইপিনে, পৰেশ বৰুৱাই অপহৃত বিষয়াদ্বয়ৰ নিৰাপত্তা বিষয়টোত অধিক সতৰ্ক হ’বলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে আলফা-এন এছ চি এনৰ কেডাৰসকললৈ৷ উজনি অসমৰ এখন জিলাৰ সীমান্তত কুইপ্প’ৰ বিষয়া দুজনক আলফাই মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে যদিও সেনা-চোৰাংচোৱাৰ বাবে সম্ভৱ নহ’লে অৰুণাচল বা নাগালেণ্ডত মুক্তি দিব পাৰে বুলি বিদ্ৰোহী সংগঠনৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ অৰ্থাৎ চলিত সপ্তাহৰ যিকোনো সময়তে অপহৃতদ্বয়ৰ মুক্তিৰ সম্ভাৱনা আছে৷