Logo
image

ইডিৰ পাছত এইবাৰ নতুন প্ৰত্যাঘাতঃ ১,৮০০ কোটি টকাৰ আয়কৰ জাননী কংগ্ৰেছক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত ২৫ দিন সময় বাকী থকা অৱস্থাত পুনৰ আয়কৰ বিভাগৰ হেঁচাত কাহিল হৈ পৰিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ ইতিপূৰ্বে কংগ্ৰেছৰ দলীয় বেংক একাউণ্ট ফ্ৰীজ কৰা, বলপূৰ্বক একাউণ্টৰ পৰা ১৩৫ কোটিৰো অধিক টকা বাজেয়াপ্ত কৰাৰ পাছত শুকুৰবাৰে আয়কৰ বিভাগে দলটোক অবিলম্বে আয়কৰ বাবদ ১৮শ ২৩ কোটি ৭ লাখ টকা আদায়ৰ নিৰ্দেশ দিছে৷ আয়কৰ বিভাগে প্ৰেৰণ কৰা জাননীত কংগ্ৰেছ দলক জনাইছে যে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈ আয়কৰ ৰিটাৰ্ণ পৰ্যালোচনা কৰি তেওঁলোকে কংগ্ৰেছ দলক আয়কৰ, ইমান বছৰৰ সূদ আৰু জৰিমনাৰ বাবদ ১৮২৩.০৭ কোটি টকা আদায়ৰ নিৰ্দেশ দিছে৷ আয়কৰ আইনৰ ১৩ (১) নম্বৰ ধাৰা উলংঘা কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জাননীত জনোৱা হৈছে৷ কেন্দ্ৰীয় আয়কৰ বিভাগৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ কোষাধ্যক্ষ অজয় মাকেনে কয়– ‘পুৰণি আৰু ভিত্তিহীন অভিযোগৰ ভিত্তিত আয়কৰ ৰিটাৰ্ণ পূণৰ্মূল্যায়নৰ নামত এইদৰে কংগ্ৰেছ দলক হাৰাশাস্তি কৰা হৈছে৷  এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ কংগ্ৰেছৰ বিৰুদ্ধে পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ৷ যিদিনা উচ্ছতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ড অসাংবিধানিক বুলি খাৰিজ কৰিলে, তাৰ পিছদিনাই আয়কৰ বিভাগ কংগ্ৰেছৰ ওপৰত জপিয়াই পৰিছিল৷ কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ, বলপূৰ্বক একাউণ্টৰ পৰা টকা আদায় কৰি নিৰ্বাচনত কংগ্ৰেছক আৰ্থিকভাৱে পংগু কৰি দিয়াৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে৷ সেই পৰিকল্পনা আয়কৰ বিভাগে কাৰ্যকৰী কৰিছে৷’ 

কংগ্ৰেছ দলৰ পুঁজিত ১৪ লাখ টকাৰ হিচাপত খেলিমেলি পাইছিল আয়কৰ বিভাগে৷ দলৰ একাউণ্টত ১৪.৪৯ লাখ নগদ টকা চান্দা দিছিল কংগ্ৰেছ সাংসদে৷ মুঠ ১৯৯ কোটি টকাৰ ০.০৭ শতাংশ নগদ লেনদেনৰ বাবে কংগ্ৰেছ দলক ১০৬% জৰিমনা বিহি ১৩৫ কোটি টকা একাউণ্টৰ পৰা বলপূৰ্বক লৈ গৈছিল আয়কৰ বিভাগে৷ এতিয়া ২০১৭-১৮ বিত্তীয় বৰ্ষৰ উপৰি ৩১ বছৰ পূৰ্বে অৰ্থাৎ ১৯৯৩-৯৪ চনত হোৱা আয়কৰ বিবাদৰ পৰা ২০২০-২১ লৈকে সৰ্বমুঠ ১৮২৩.০৭ কোটি টকা আয়কৰ, সূদ আৰু জৰিমনা বিহা হৈছে কংগ্ৰেছক৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এয়া বিজেপি চৰকাৰৰ কৰ সন্ত্ৰাস বুলি অভিহিত কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷