Logo
image

কংগ্ৰেছৰ 'অসম বচাও'ক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আমাৰ অসম, ৪ মাৰ্চঃ ৰাজ্য়ত এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰত্যাশাৰ মাজতে বিভিন্ন জনৰ লগতে দল বিশেষে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। শেহতীয়াকৈ কংগ্ৰেছ দলৰ প্ৰচাৰ পৃষ্ঠা 'অসম বচাও'ৰ শেহতীয়া এটা আপডেটক লৈ ছ'চিয়েল মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলৰ প্ৰচাৰ পৃষ্ঠা 'অসম বচাও' অসমৰ চাহ বাগিছাৰ সলনি টাইৱানৰ চাহ বাগিছাৰ ফটো ব্যৱহাৰ কৰাৰ অভিযোগ তুলি তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে কংগ্ৰেছৰ নেতাসকলে অসমকো ভালদৰে মান্যতা প্ৰদান কৰিব পৰা নাই। লগতে কয়, ইয়াত আমাৰ ৰাজ্য অসম আৰু চাহ শ্ৰমিকসকলক অপমান কৰা হৈছে।