Logo
image

গেংষ্টাৰ-সন্ত্ৰাসবাদী কেজৰিৱালৰ প্ৰতিবেশী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ এপ্ৰিলঃ অতি কমেও অহা দুসপ্তাহ তিহাৰ জে’ল ঠিকনা হৈ পৰা আম আদমি পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অহা দুসপ্তাহ আণ্ডাৰৱল্ডৰ্ৰ ডন, ভয়ংকৰ সন্ত্ৰাসবাদী আৰু নিৰ্দয় গেংষ্টাৰৰ সৈতে দিন অতিবাহিত কৰিব লাগিব৷ অৰবিন্দ কেজৰিৱালৰ বন্দিত্বই হতাশাগ্ৰস্ত কৰা আম আদমি পাৰ্টীক কেজৰিৱালৰ জে’লযাত্ৰাৰ পিছদিনাই আত্মবিশ্বাস আনি দিছে একেটা আবকাৰী নীতি কেলেংকাৰিত বিগত ৬ মাহ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দলটোৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ জামিনে৷ মূলতঃ সঞ্জয় সিঙৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰিত কেইবাকোটি টকা উৎকোচ লোৱাৰ অভিযোগ তুলি কাৰাবন্দী কৰি ৰখা ইডিয়ে সেই ঘোচৰ টকাৰ কোনো শুংসূত্ৰ বা প্ৰমাণ আদালতত দাখিল কৰিব নোৱাৰাৰ বাবেই মঙলবাৰে তদন্তকাৰী সংস্থাটোৱে অভিযুক্তৰ জামিনৰ বিৰোধিতা কৰাৰ পৰা বিৰত থাকে৷
যোৱা ২১ ফেব্ৰুৱাৰীত আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ জিম্মাত নিবিচৰাৰ বাবে সোমবাৰে তেওঁক ৰাউছ এভিনিউ আদালতৰ বিচাৰক কাবেৰী বাজৱাৰে ১৪ দিনৰ বাবে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ তিহাৰ কাৰাগাৰৰ ২ নম্বৰ চেলত বন্দী অৰবিন্দ কেজৰিৱালৰ সৈতে একেখন কাৰাগাৰতে প্ৰতিবেশীৰ ৰূপত আছে আণ্ডাৰৱল্ডৰ্ৰ কুখ্যাত ডন চোটা ৰাজন, নিৰ্দয় গেংষ্টাৰ নীৰজ বাৱানা আৰু জিয়াউৰ ৰহমানৰ দৰে সন্ত্ৰাসবাদী৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এই গেংষ্টাৰ, ডন, সন্ত্ৰাসবাদীৰ ওচৰা-ওচৰিকৈ ৰখাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সাধাৰণ অপৰাধীৰ দৰেই তিহাৰ কাৰাগাৰত থকা কেজৰিৱালে মঙলবাৰে পুৱা একাপ চাহ আৰু বিস্কুট খাই ৰ ঘণ্টা ধ্যানত বহে৷ এখন চিমেণ্টৰ বিচনাত পাতল গাডী, দুখন কম্বল, এটা গাৰুৰে শোৱাৰ চেষ্টা কৰিলেও সোমবাৰে তিহাৰ কাৰাগাৰৰ ২ নম্বৰ চেলত গভীৰ নিশা পায়চাৰী কৰি বিনিদ্ৰ ৰজণী কটায় কেজৰিৱালে৷ সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি কাৰাগাৰত কৰা প্ৰথম স্বাস্থ্য পৰীক্ষাত তেওঁৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ ৫০ৰ তললৈ নামি গৈছে৷ তাৰ বাবে তেওঁক ঔষধ দিয়া হৈছে৷ ইয়াৰ বাবেই কেজৰিৱালক ঘৰৰ খাদ্য যোগান ধৰা হৈছে৷ মঙলবাৰে দুপৰীয়া ১২ বজাত দিনৰ আহাৰ আৰু বিয়লি ৫ বজাত ঘৰৰ পৰা অনা নৈশাহাৰ দিয়াৰ পাছত সন্ধিয়া ৭ বজাত তেওঁক পুনৰ চেলত বন্দী কৰি ৰখা হৈছে৷ কেজৰিৱালৰ চেলৰ সন্মুখত দুজন নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে তেওঁক চিচি টিভিৰ নজৰত ৰখা হৈছে৷ অৱশ্যে তেওঁ প্ৰয়োজন হ’লে দিনৰ ভাগত নিজৰ অধিবক্তাৰ সৈতে আলোচনা কৰিব পাৰিব৷ উল্লেখ্য, ২০১১ চনত আন্না হাজাৰেৰ সৈতে প্ৰতিবাদ কৰাৰ সময়তো তিহাৰ জে’লত কম সময়ৰ বাবে বন্দী হৈ আছিল কেজৰিৱাল৷
ইপিনে, তিহাৰ কাৰাগাৰৰ ৫ নম্বৰৰ চেলত ৬ মাহ বন্দী হৈ থকা কেজৰিৱালৰ সতীৰ্থ, দিল্লীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে উচ্ছতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাত সংকটৰ মাজতো উজ্জীৱিত হৈ পৰিছে আম আদমি পাৰ্টী৷ অৱশ্যে শীৰ্ষ আদালতে জনায় যে সঞ্জয় সিঙৰ জামিনক এই বা এনে গোচৰৰ ক্ষেত্ৰত ‘উদাহৰণ’ হিচাপে ধৰা নাযাব৷ সঞ্জয় সিঙক দিল্লীৰ আবকাৰী কেলেংকাৰিত বেআইনী আৰ্থিক লেনদেনৰ অভিযোগত ২০২৩ চনৰ ৪ অক্টোবৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ সঞ্জয় সিঙে উৎকোচ লোৱা বুলি কৰা অভিযোগৰ প্ৰমাণ ইডিয়ে আদালতত দাখিল কৰিব নোৱাৰি মঙলবাৰে জামিনৰ বিৰোধিতা কৰাৰ পৰা বিৰত থাকে৷ ন্যায়াধীশ সঞ্জীৱ খান্না, দীপাংকৰ দত্ত আৰু পি বি ৱাৰালৰ বিচাৰপীঠে সেয়ে আপৰ ৰাজ্যসভাৰ সাংসদজনক জামিন প্ৰদান কৰে৷ সঞ্জয় সিঙৰ জামিনৰ লগে লগে আপৰ নেতাক আবকাৰী কেলেংকাৰিত ষড়যন্ত্ৰমূলকভাৱে মোদী চৰকাৰে গ্ৰেপ্তাৰ কৰাটো প্ৰমাণিত হোৱা বুলি সংবাদমেলত দাবী কৰিছে আপৰ মন্ত্ৰী আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজে৷ দুয়োৰে দাবী– অৱশেষত সত্য উন্মোচন হ’ল৷ ইডিয়ে যি অভিযোগত সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল, সেই উৎকোচৰ ধনৰ শুংসূত্ৰ তেওঁলোকে বিচাৰি নাপালে আৰু সেয়ে তেওঁলোকে আদালতত অভিযোগৰ প্ৰমাণ দাখিলত ব্যৰ্থ হ’ল বুলি আপৰ দুই নেতাই মন্তব্য কৰে৷ প্ৰসংগতঃ আবকাৰী কেলেংকাৰিত অভিযুক্ত হৈ পাছত ৰাজসাক্ষী হোৱা দীনেশ অৰোৰাই অভিযুক্ত অৱস্থাত দিয়া ১১বাৰৰ সাক্ষ্যত ইডিয়ে গুৰুত্ব দিয়া নাছিল আৰু লিপিবদ্ধ কৰা নাছিল৷ ১২ নম্বৰ সাক্ষ্যত দীনেশ অৰোৰাই সাংসদ সঞ্জয় সিঙে উৎকোচ লোৱা বুলি সাক্ষ্য প্ৰদান কৰাৰ লগে লগে ইডিয়ে সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে আৰু দীনেশ অৰোৰাক ৰাজসাক্ষী হোৱাৰ সুযোগ দি অভিযোগমুক্ত কৰে বুলি সংবাদমেলত দুই আপ নেতাই সদৰী কৰে৷