Logo
image

বিজেপিত যোগ নিদিলে ইডিৰ দ্বাৰা গ্ৰেপ্তাৰৰ হুমকি আতিশীক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ এপ্ৰিলঃ অৰবিন্দ কেজৰিৱালৰ পাছত এইবাৰ ইডিয়ে আপৰ নেত্ৰী তথা কেজৰিৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আতিশী মাৰলেনা আৰু তিনিজন আগশাৰীৰ নেতাক গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে৷ তেওঁক পৰিচিত ব্যক্তিৰ জৰিয়তে বিজেপিত যোগদান কৰি নিজৰ ৰাজনৈতিক জীৱন ৰক্ষা কৰাৰ বাবে হেঁচা দিয়া হৈছে, অন্যথা অচিৰেই গ্ৰেপ্তাৰ হ’ব বুলি জনোৱা হৈছে৷ কেজৰিৱালৰ অৱৰ্তমানত দিল্লীৰ আপ চৰকাৰ পৰিচালনা কৰি থকা আতিশী মাৰলেনাই মঙলবাৰে এখন সংবাদমেলত এই বিস্ফোৰক দাবী কৰিছে৷ সংবাদমেলত আতিশীৰ সৈতে উপস্থিত আছিল কেজৰিৱাল মন্ত্ৰীসভাৰ আন এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী সৌৰভ ভৰদ্বাজ৷ কাৰ্যতঃ এই দুই নেতা-নেত্ৰীৰ দ্বাৰাই সম্প্ৰতি দিল্লীৰ আপ চৰকাৰখন পৰিচালিত হৈ আছে৷ আতিশীয়ে নিজৰ বাহিৰে গ্ৰেপ্তাৰৰ আশংকা থকা আন তিনি মন্ত্ৰী ক্ৰমে সৌৰভ ভৰদ্বাজ, গৌৰৱ চাড্ডা আৰু দুৰ্গেশ ঠাকুৰ বুলি নাম প্ৰকাশ কৰিছে৷ সম্প্ৰতি মুখ্যমন্ত্ৰী কেজৰিৱালৰ উপৰি আবকাৰী নীতি কেলেংকাৰি গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে কেজৰিৱালৰ সোঁহাত, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া আৰু আৰ্থিক কেলেংকাৰিৰ গোচৰত একেখন কাৰাগাৰতে বন্দী হৈ আছে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন৷ এওঁলোকৰ অনুপস্থিতিত দিল্লী চৰকাৰ অতি জটিল পৰিস্থিতিত পৰিচালনা কৰি থকা ৪জন আপৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ প্ৰশাসন স্থবিৰ হৈ পৰাৰ আশংকা আছে৷ তদুপৰি তেনে এক পৰিস্থিতিত সাম্প্ৰতিক লোকসভা নিৰ্বাচনত দলৰ হৈ প্ৰচাৰ চলাবলৈ তেনে কোনো উল্লেখযোগ্য নেতা নাথাকিবগৈ৷
আতিশীৰ দাবী– ইডিয়ে সোমবাৰে কেজৰিৱাল সন্দৰ্ভত কৰা মন্তব্যতো তেওঁ আৰু আন ৩ সতীৰ্থক গ্ৰেপ্তাৰ কৰাৰ ইংগিত প্ৰকাশ পাইছে৷ কেজৰিৱালে ইডিৰ জেৰাত সহযোগিতা নকৰা আৰু আবকাৰী কেলেংকাৰিৰ ক্ষেত্ৰত কেতবোৰ দিশত আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজৰ সংযোগ থকা বুলি কেজৰিৱলে জেৰাত স্বীকাৰ কৰাৰ কথা কালি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছিল৷ আতিশীৰ মতে এয়া ইডিৰ স্পষ্ট ইংগিত আৰু এতিয়া ইডিয়ে তেওঁৰ ঘৰত তালাচী চলাব আৰু অচিৰেই গ্ৰেপ্তাৰ কৰিব৷ তদুপৰি আতিশীয়ে কয়– ‘মোক ব্যক্তিগত পৰিসৰৰ পৰা বিজেপিত যোগদান কৰিবলৈ হেঁচা দিয়া হৈছে৷ কোৱা হৈছে, মই যদি ৰাজনৈতিক জীৱন ৰক্ষা কৰিব বিচাৰোঁ, তেন্তে অচিৰেই বিজেপিত যোগদান কৰিব লাগিব৷ অন্যথা ৰ মাহৰ ভিতৰত মোক গ্ৰেপ্তাৰ কৰা হ’ব৷ আমাৰ আন ৩জন মন্ত্ৰীৰো একে দশা হ’ব বুলি মোক জনোৱা হৈছে৷’