Logo
image

ৰিয়ানৰ চমকত জাতীয় দলত প্ৰথম ক্ৰিকেটাৰ পোৱাৰ স্বপ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ এপ্ৰিলঃ আই পি এলৰ প্ৰথমটো ছীজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ এইবাৰ এতিয়ালৈকে নিজৰ তিনিওখন খেলতে জয়ী হৈছে আৰু  দলটোৰ এই জয়ত বিশেষ ভূমিকা আছে এজন অসম সন্তানৰ৷ তেওঁ হৈছে ৰিয়ান পৰাগ৷ দুৰ্দান্ত ফৰ্মত থকা ২২ বছৰীয়া ক্ৰিকেটাৰজনে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে প্ৰথমখন খেলত ২৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰাৰ পাছত দিল্লী কেপিটেলছ (অপৰাজিত ৮৪) আৰু সোমবাৰে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ (অপৰাজিত ৫৪) বিৰুদ্ধে খেলিছে অৰ্ধশতকীয় ইনিংছ৷ সোমবাৰৰ খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে ছয় উইকেটত৷ সেই খেলখনলৈকে তিনিটা ইনিংছত ৰিয়ানৰ সংগ্ৰহ ১৮১ ৰান, ৰানৰ গড় ১৮১.০০, যিটো হৈছে সেই পৰ্যন্ত সৰ্বাধিক৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়েও ১৮১ ৰান সংগ্ৰহ কৰিছে যদিও উন্নত ৰানৰ গড়ৰ ভিত্তিত ৰিয়ানে লাভ কৰে ‘অৰেঞ্জ কেপ’৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা ইনিংছটোৰ পাছত ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাজস্থান ৰয়েলছৰ সহকাৰী প্ৰশিক্ষক শ্বেন বণ্ড৷ খেলৰ অন্তত  সাংবাদিকৰ আগত তেওঁ কয় যে যুৱ ক্ৰিকেটাৰজনৰ প্ৰদৰ্শনে টীম ইণ্ডিয়াৰ সদস্য সূৰ্যকুমাৰ যাদৱলৈ মনত পেলাই দিয়ে৷ বয়স কেৱল ২২ বছৰ হ’লেও ক্ৰিকেটাৰ হিচাপে ৰিয়ানে পৰিপক্কতা লাভ কৰিছে৷ ভৱিষ্যতলৈও তেওঁৰ এনে প্ৰদৰ্শনে ৰাজস্থান ৰয়েলছক উপকৃত কৰিব বুলি তেওঁলোক আশাবাদী৷ কেৱল শ্বেন বণ্ডেই নহয়, দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰা, ৱেষ্ট ইণ্ডিজৰ ইয়ান বিশ্বপ, অষ্টে˜লিয়াৰ টম মুডীৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰেও ৰিয়ানৰ প্ৰদৰ্শনক উচ্ছ প্ৰশংসা কৰিছে৷ আই পি এলত ধাৰাভাষ্যকাৰ হিচাপে থকা প্ৰাক্তন ভাৰতীয় পেচ বলাৰ ইৰফান পাঠানৰ মতে, দুবছৰৰ ভিতৰতে ৰিয়ানে ৰাষ্ট্ৰীয় দলত স্থান পাব৷ অনুৰূপ মন্তব্য কৰিছে আন এজন প্ৰাক্তন ক্ৰিকেটাৰ আৰু বৰ্তমানৰ ধাৰাভাষ্যকাৰ সঞ্জয় মঞ্জৰেকাৰেও৷

২০১৯ চনৰ পৰা আই পি এলত খেলিবলৈ আৰম্ভ কৰা ৰিয়ানৰ ২০২৩ বৰ্ষত প্ৰদৰ্শন আছিল একেবাৰে নিৰাশাজনক৷ ছীজনটোত সাতখন খেলত তেওঁৰ সংগ্ৰহ আছিল কেৱল ৭৮ ৰান৷ সেই প্ৰদৰ্শনৰ পাছত তেওঁ যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছিল৷ এবছৰ পাছত এই পৰিৱৰ্তনৰ ৰহস্য কি? উত্তৰত ৰিয়ানে কয়– ‘এইবাৰ বিশেষ একো কৰা নাছিলো৷ লক্ষ্য আছিল এটায়ে, ভালদৰে বলটো চোৱা আৰু প্ৰহাৰ কৰা৷ তেনেদৰেই সফলতা আহিল৷’ বিগত বছৰটোত ৰিয়ানে নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল৷ সমালোচকৰ মন্তব্যবোৰ একাষৰীয়াকৈ থৈ মনোনিৱেশ কৰিছিল কেৱল বেটিঙত আৰু তাৰ ফল দেখা গৈছিল যোৱা বছৰৰ ছৈয়দ মুস্তাক আলী ট্ৰফী টুৱেণ্টী২০ টুৰ্নামেণ্টত৷ দহখন খেলত সংগ্ৰহ কৰিছিল ৫১০ ৰান, যিটো আছিল সৰ্বাধিক৷ ৰানৰ গড় আছিল ৮৫.০০৷ ৰঞ্জি ট্ৰফীত অসমে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰিলেও ৰিয়ানে খেলিছিল দৃষ্টি আকৰ্ষণ কৰিব পৰা ইনিংছ৷ ছৈয়দ মুস্তাক  আলী ট্ৰফীত ৰিয়ানৰ দুৰন্ত খেল দেখি সেই সময়তে বহুতে মন্তব্য কৰিছিল যে অচিৰেই ক্ৰিকেটাৰজনক দেখা যাব ৰাষ্ট্ৰীয় টুৱেণ্টী২০ দলত৷ মুস্তাক আলী ট্ৰফীৰ প্ৰদৰ্শনৰ ধাৰা আই পি এলৰ পৰৱৰ্তী খেলকেইখনতো অটুট ৰাখি অসমৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে ৰিয়ানে ৰাষ্ট্ৰীয় দলত সুযোগ পাওক– ইয়াকেই কামনা কৰিছে ৰাজ্যখনৰ ক্ৰিকেটপ্ৰেমীয়ে৷ ৰিয়ানৰ পূৰ্বে আবু নেছিম আহমেদেও সুযোগ পাইছিল আই পি এলত খেলাৰ৷ অনূধবৰ্ ১৯ বছৰৰ ৰাষ্ট্ৰীয় দলত খেলিলেও ছিনিয়ৰ দলত খেলাৰ সৌভাগ্য নহ’ল আবু নেছিমৰ৷ অসমবাসীৰ সেই সপোন এতিয়া পূৰণ কৰক ৰিয়ান পৰাগে৷