Logo
image

শিক্ষিতসকল ৰাজনৈতিকভাৱে কিমান সচেতন

গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানৰ জৰিয়তে লোকসভা,বিধানসভা, পঞ্চায়ত আদি নিৰ্বাচনত প্ৰতিজন ভোটাৰেই উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰাটো এক সাংবিধানিক দায়িত্ব৷ যিহেতু নিৰ্বাচনত এটা ভোটেও প্ৰাৰ্থীৰ জয়-পৰাজয়ত প্ৰভাৱ পেলায়, সেয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক ভোটাৰেই ভোটাধিকাৰ সাব্যস্ত কৰা উচিত৷ কিন্তু বাস্তৱক্ষেত্ৰত সকলো ভোটাৰে ভোটদান কৰেনে? ৰোগ-চিকিৎসাজনিত কাৰণত ভোট দিবলৈ কোনো লোকে নোৱাৰিব পাৰে, কিন্তু বাকীসকলে ভোট দিবলৈ চেষ্টা কৰা উচিত৷ ৰাজনৈতিকভাৱে সচেতন নোহোৱাৰ বাবে বহু লোকে ভোট দিবলৈ এলাহ কৰে৷ অথচ সেইসকল লোকেই শাসকীয় দল বা বিৰোধী দলক সমালোচনাৰে থকা-সৰকা কৰে৷ নিজৰ দায়িত্ব পালন নকৰা এইসকল লোকে পাছত কোনো ৰাজনৈতিক দল বা নেতাক সমালোচনা কৰিলে জানো কিবা লাভ হ’ব৷ ভোটদানৰ প্ৰতি সচেতন নোহোৱাৰ বাবেই নিৰ্বাচনসমূহত ভোটদানৰ হাৰ কেতিয়াবা পঞ্চাছ-ষাঠি শতাংশ বা বেছি হ’লে সত্তৰ-আশী শতাংশ হয়৷ নিৰ্বাচনত ভোট নিদিয়াসকলৰ ভিতৰত কিন্তু বেছিভাগেই শিক্ষিত লোক৷ তদুপৰি মধ্যবিত্ত শ্ৰেণীৰ বহু লোকেও ভোট দিবলৈ এলাহ কৰে৷ অথচ সামাজিক-ৰাজনৈতিক আড্ডা, আলোচনাত অনানুষ্ঠানিকভাৱেই হওক অথবা সামাজিক-ৰাজনৈতিক সচেতনতাবিষয়ক কোনো সভা, আলোচনা-চক্ৰত বিশিষ্ট অতিথি বা নিৰ্দিষ্ট বক্তা হিচাপেই হওক বৰ বৰ কথা কোৱা, পৰামৰ্শ দিয়া বহু শিক্ষিত চাকৰিয়ালৰ ক্ষেত্ৰতো ৰাজনৈতিক সচেতনতাৰ অভাৱ৷ এই বিষয়টো বিশেষভাৱে লক্ষ্য কৰা যায় নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনী দায়িত্বত থকা চৰকাৰী কৰ্মচাৰী কিছুসংখ্যকৰ আলেখ-লেখ দেখি৷ যিহেতু চৰকাৰী কৰ্মচাৰীসকল নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা বিভিন্ন ঠাইত নিৰ্বাচনী দায়িত্বত নিয়োজিত হয়, সেয়ে সেইদিনা ভোটকেন্দ্ৰলৈ গৈ নিজৰ ভোটটো দিব নোৱাৰে৷ তেওঁলোকে পোষ্টেল বেলেটৰ জৰিয়তে ভোটটো দিব পাৰে৷ ইয়াৰ বাবে প্ৰয়োজন হয় অন্য এক প্ৰক্ৰিয়া, অতিৰিক্ত ব্যক্তিগত সময়ৰ৷ নিৰ্বাচনী বিষয়াৰ ট্ৰেইনিঙৰ দিনটোত তেওঁলোকে ইয়াৰ বাবে বিশেষ এখন ফৰ্ম সংগ্ৰহ কৰিব লাগে আৰু সেইখনত নিজৰ নাম, ঠিকনা, নিজৰ ভোটাৰ নম্বৰ আৰু ভোটকেন্দ্ৰৰ নাম সমষ্টিৰ নামসহ পূৰণ কৰি নিজৰ ভোটাৰ কাৰ্ড আৰু নিৰ্বাচনী বিষয়াৰ দায়িত্ব থকাৰ প্ৰমাণস্বৰূপে নিৰ্বাচন আয়োগে দিয়া দায়িত্বৰ চিঠিৰ জেৰক্স কপীসহ জমা দিব লাগে৷ সেই অনুসৰি লাভ কৰা বেলট পেপাৰ পূৰণ কৰি নিৰ্দিষ্ট ঠাইত জমা দিব লাগে৷ এই গোটেই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু ইয়াৰ বাবে কৰ্মচাৰীয়ে নিজাববীয়াকৈ শাৰী পাতি ফৰ্ম সংগ্ৰহ কৰা, জমা দিয়া আদি কামত অতিৰিক্ত সময় আৰু অৰ্থ ব্যয় কৰিব লগা হয়৷ ইয়াৰ বাবে সুকীয়াকৈ এটা দিন ছুটীও নাপায়৷ সেইবাবে গৰিষ্ঠসংখ্যক চৰকাৰী চাকৰিয়ালে সম্ভৱতঃ নিজৰ ভোটটো নিদিয়ে৷ 

বহু চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰক প্ৰশংসা কৰে অথবা ৰাজনৈতিক পৰিৱৰ্তন বিচাৰে৷ একোটা সমষ্টিতে বহু হাজাৰ এনে চৰকাৰী কৰ্মচাৰী থাকে৷ পৰিতাপৰ কথা যে কোনো ৰাজনৈতিক দলৰ স’তে আওপকীয়াকৈ হ’লেও ব্যক্তিগত সম্পৰ্ক-সংযোগ থকাসকলক বাদ দি ৰাজনৈতিকভাৱে নিৰপেক্ষ গৰিষ্ঠসংখ্যক [সম্ভৱতঃ] চৰকাৰী কৰ্মচাৰীয়েই নিজৰ ভোটটো নিদিয়ে৷

স্বাভাৱিকতেই প্ৰশ্ন হয় সততে সামাজিক-ৰাজনৈতিক সচেতনতাৰে আড্ডা, সভা-সমিতিয়ে কথা কোৱা চৰকাৰী কৰ্মচাৰীসকল [সকলো নহয়] প্ৰকৃততে নিজে ৰাজনৈতিকভাৱে কিমান সচেতন৷ তদুপৰি পোষ্টেল বেলেট পেপাৰৰ কামত নিৰ্বাচন আয়োগে নিয়োগ কৰা কৰ্মচাৰীসকলো [সকলো নহয়] কামত লেহেমীয়া বুলি অভিযোগ পোৱা যায়৷ শিক্ষিত মানুহেই নিজৰ অধিকাৰক লৈ সচেতন নোহোৱাৰ ফলত তেওঁলোকৰ ভোট অথলে যায় আৰু যোগ্য প্ৰাৰ্থী নিৰ্বাচনত তেওঁলোকৰ কোনো অৱদান নাথাকে৷ গতিকে সময় থাকোঁতেই নিৰ্বাচনী দায়িত্বত নিয়োজিতসকলে নিজ ভোটাধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে তাৰ বাবে বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা উচিত৷