Logo
image

মই জীয়াই থকালৈকে ‘কা’ প্ৰত্যাহাৰ নহয়!মোদী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : ‘ভোট বেংকৰ ৰাজনীতিয়ে ‘কা’ [চিএএ]ৰ দৰে মানৱতাক ৰক্ষা কৰা আইনক ভিলেইন বনাই দিলে৷ ‘কা’ হ’ল পীড়িতক নাগৰিকত্ব দিয়া আইন৷ মই যেতিয়ালৈকে জীয়াই আছো, ‘কা’ক কোনেও ৰদ কৰিব নোৱাৰে৷ এয়া মোদীৰ গেৰাণ্টি৷ আপোনালোকে জানেই মোদীৰ গেৰাণ্টি মানে গেৰাণ্টি পূৰ্ণ হোৱাৰ গেৰাণ্টি৷’–এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ দেওবাৰে পশ্চিমবংগৰ বেৰেকপুৰত এক নিৰ্বাচনী সভাত ভাষণ দি এনেদৰে মন্তব্য কৰি মোদীয়ে কয়–‘কা হ’ল পীড়িতক নাগৰিকত্ব দিয়া আইন৷ চিএএয়েই কাকো নাগৰিকত্ব কাঢ়ি নানে৷ কিন্তু কংগ্ৰেছ, টি এম চিৰ নিচিনা দলে ‘কা’ৰ সন্দৰ্ভত ব্যাপক অপপ্ৰচাৰ চলালে৷ এওঁলোকে মতুৱা, নমঃসুদ্ৰ সকলক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰে৷  ইমানেই নহয় তেওঁলোকে চিএএ আইনখনক শেষ কৰি দিয়াৰো কথা কয়৷ আজি মই টিএমচি বা কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্সক প্ৰত্যাহ্বান জনাই পশ্চিমবংগক পাঁচটা গেৰাণ্টি দিছো৷ যেতিয়ালৈকে মোদী আছে কাকে ধৰ্মৰ আধাৰত আৰক্ষণ দিয়া নহ’ব৷ মোৰ দ্বিতীয়টো গেৰাণ্টি হ’ল যেতিয়ালৈকে মোদী আছে এছটি, এছচি, অবিচিৰ সংৰক্ষণ কোনেও খতম কৰিব নোৱাৰিব৷ তৃতীয় গেৰাণ্টিটো হ’ল যেতিয়ালৈকে মোদী আছে¸ ৰাম নৱমী উদযাপন কৰিবলৈ, ভগৱানৰ ৰামৰ পূজা কৰিবলৈ কোনেও বাধা দিব নোৱাৰিব৷ চতুৰ্থটো গেৰাণ্টি যেতিয়ালৈকে মোদী আছে ৰাম মন্দিৰ সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ৰ সিদ্ধান্তক কোনেও বদলাব নোৱাৰিব৷ পঞ্চমটো গেৰাণ্টি হৈছে যেতিয়ালৈকে মোদী আছে চি এ এ আইনক কোনেও ৰদ কৰিব নোৱাৰিব৷ আপোনালোকে মানেই মোদীৰ গেৰাণ্টি মানে গেৰাণ্টি পূৰা হোৱাৰ গেৰাণ্টি৷ পুনৰ বেংগলীত মোদীয়ে কয়–‘মোদী গেৰাণ্টি হ’ল গেৰাণ্টি পূৰ্ণ হোৱাৰ গেৰাণ্টি৷’ এই ভোটৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় পশ্চিমবংগত তৃণমূলৰ ছত্ৰছায়াত অনুপ্ৰৱেশকাৰী বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ বিভিন্ন স্থানত বোমা বাৰুদ বনোৱা নিষিদ্ধ কাম কাজো অব্যাহত আছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰিৰ সৈতে জড়িত কাকো মাফ কৰা নহ’ব৷ শিক্ষক নিযুক্তিৰ নামত উৎকোচ খোৱা তৃণমূল কংগ্ৰেছৰ নেতাৰ ধন ৰাইজক ঘূৰাই দিয়া হ’ব৷’ উল্লেখ্য যে পশ্চিমবংগৰ বাহৰামপুৰ, কৃষ্ণনগৰ, ৰাণাঘাট, বৰ্ধমান, বলপুৰ-বীৰভূম আদি স্থানত ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কা বলবতৰ প্ৰতিশ্ৰুতিৰে ১৮ খন আসন লাভ কৰিছিল৷