Logo
image

প্ৰধানমন্ত্ৰী হ’ব কোন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩মে’ : তিহাৰ জে’লৰ বন্ধ কুঠৰীৰ পৰা ওলাই আহিয়েই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিক কটাক্ষ কৰি দেশত এক নতুন নেৰেটিভ আৰম্ভ কৰিলে৷ সেয়া হৈছে–প্ৰধানমন্ত্ৰী হ’ব কোন৷ মুখ্যতঃ মোদী-অমিত শ্বাহক শলঠেকত পেলায় কালি এক সংবাদমেলত কেজৰিৱালে প্ৰশ্ন কৰিছিল যে প্ৰকৃততে বিজেপিৰ প্ৰধানমন্ত্ৰী হ’ব কোন৷ মোদী নে অমিত শ্বাহ৷ অহা বছৰ ১৭ ছেপ্তেম্বৰত মোদীৰ ৭৫ বছৰীয়া হ’ব৷ মোদীয়ে নিজে বনোৱা নিয়ম অনুসৰিয়েই বিজেপিত ৭৫ বছৰীয়া নেতাক অৱসৰ দিয়া হ’ব৷ সেই নিয়মৰ আধাৰতে এল কে আদৱানি, মুৰুলী মনোহৰ যোশী আদিক অৱসৰ দিয়া হ’ল৷ কেজৰিৱালে সন্দেহ প্ৰকাশ কৰিছিল যে মোদীৰ পাছত অমিত শ্বাহহে প্ৰধানমন্ত্ৰী হ’ব৷ প্ৰকৃততে অমিত শ্বাহক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবৰ কাৰণেই মোদীয়ে এইবাৰ নিৰ্বাচন খেলিছে৷ মোদী-অমিত শ্বাহে এইবাৰ পুনৰ শাসনৰ ভাৰ পালেই মমতা বেনাৰ্জী, ষ্টেলিন, উদ্ধৱ ঠাকৰেকে ধৰি সকলো বিৰোধীক দুৰ্নীতিৰ ভুৱা গোচৰত জেললৈ পঠিয়াব আৰু বিজেপিৰ অভ্যন্তৰৰ যোগী আদিত্য নাথৰ দৰে নেতাক একাষৰীয়া কৰিব৷ কাৰ্যতঃ অৰবিন্দ কেজৰিৱালৰ এই কৌশলী এম্বুছত ধাৰাসায়ী হৈ পৰিল বিজেপি৷ অনিচ্ছা স্বত্ত্বেও কেজৰিৱালৰ মন্তব্যৰ সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই৷ এই সন্দৰ্ভত অমিত শ্বাহে টপ্পনী কৰি কয় যে–‘বিজেপিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ’ব৷ মোদীৰ ৭৫ বছৰ হোৱাৰ বাবে কেজৰিৱাল বা ইণ্ডিয়া  এলায়েন্সে ফূৰ্তি কৰিব নালাগে৷ বিজেপিৰ সংবিধানত ক’তো লিখা নাই যে মোদী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে৷’ উচ্ছতম ন্যায়ালয়ে ১ জুনলৈকে দিয়া অন্তৰৱৰ্তীকালীন জামিনক ক্লীন শ্বীট খুলি গণ্য নকৰিবলৈও কেজৰিৱালক লগতে সকীয়নি দিয়ে অমিত শ্বাহে৷ একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই টুইট যোগে কেজৰিৱালৰ মন্তব্যৰ বিৰোধিতা কৰি অমিত শ্বাহৰ কথাখিনিকে দোহাৰে৷ ইফালে দিল্লীৰ মখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি পুনৰ বিজেপিৰ প্ৰধানমন্ত্ৰী কোন হ’ব বুলি সৰব হয়৷ শনিবাৰে উল্লেখ কৰা কথাখিনিকে দোহাৰি কেজৰিৱালে কয় যে ‘মোদীজীৰ উত্তৰসূৰী কোন, সেয়া ৰাজহুৱা কৰিব লাগে৷’ কেজৰিৱালৰ সুৰতে সুৰ মিলাই কংগ্ৰেছ নেতা শশী থাৰুৰেও কয় যে বিজেপিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন সেয়া স্পষ্ট কৰিব লাগে৷ ইফালে পশ্চিমবংগত আজি ভোটৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া এলায়েন্সৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন বুলি প্ৰশ্ন কৰে৷ এক কথাত ক’বলৈ ক’লে প্ৰধানমন্ত্ৰী হ’ব কোন দেশৰ শাসক-বিৰোধীৰ এতিয়া নতুন ইচ্ছ্যু৷