হবিব চৌধুৰীৰ হেলিকপ্টাৰত আয়োগৰ তালাচী, পালে কি?
আমাৰ অসম, ৫ মাৰ্চঃ নিৰ্বাচন মাত্ৰেই যেন হেলিকপ্টাৰৰ ৰাজনীতি৷ হেলিকপ্টাৰ নহ’লে নিৰ্বাচনত প্ৰচাৰ শূন্য৷ শাসকীয় বিজেপি দলৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ-এ আই ইউ ডি এফেও নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাই প্ৰচাৰ চলোৱাৰ বাবে সাজু হৈছে৷ লক্ষণীয়ভাৱে শাসক-বিৰোধী এনে তৎপৰতাৰ মাজতে বিগত প্ৰায় এমাহ ধৰি অসমৰ আকাশত হেলিকপ্টাৰ উৰুৱাই সংখ্যালঘু লোকৰ মাজত সজাগতা চলাই ফুৰা বুলি দাবী কৰিছে ৰাজ্যৰ এজন আগৰ ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীয়ে৷ হেলিকপ্টাৰ লৈ অসমৰ চৰ অঞ্চলসমূহত সংখ্যালঘু লোকসকলৰ মাজত শিক্ষাৰ সজাগতা চলোৱা আগৰ ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী এইবাৰ নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ স্কেনাৰত৷ বুধবাৰে নগাঁও জিলাৰ জুৰীয়াত এখন সজাগতা সভাত অংশ ল’বলৈ যোৱা আগৰ ব্যৱসায়ীজনৰ হেলিকপ্টাৰত আকস্মিকভাৱে নিৰ্বাচনত আয়োগৰ ফ্লায়িং স্কোৱাডে তালাচী চলোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ লাওচৰ আগৰ ব্যৱসায়ীজনে নিজকে অৰাজনৈতিক ব্যক্তি বুলি দাবী কৰি এটা ৰাজনৈতিক দলৰ হৈ গোপন এজেণ্ডাৰে সংখ্যালঘু লোকৰ মাজত ভয়ৰ পৰা স্বাধীনতা নাম লৈ হেলিকপ্টাৰেৰে প্ৰচাৰ অব্যাহত ৰাখিছে বুলিও অভিযোগ উঠিছে৷ সংখ্যালঘু অধ্যুষিত চৰ-চাপৰিসমূহত হেলিকপ্টাৰ উৰুৱাই সহজ-সৰল লোকসকলক আকৰ্ষণৰ চেষ্টা চলোৱা ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী হেলিকপ্টাৰত বুধবাৰে নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰৰ খেলপথাৰত অৱতৰণৰ লগে লগে নিৰ্বাচন আয়োগৰ দলে তালাচী চলায়৷ ব্যৱসায়ীজনে কোনো ৰাজনৈতিক দলৰ হৈ বিতৰণৰ উদ্দেশ্যেৰে ধনৰ টোপোলা লৈ ফুৰাৰ সন্দেহতে ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা ফ্লায়িং স্কোৱাডৰ দলটোৱে তন্ন তন্ন পৰীক্ষা কৰে৷ অৱশ্যে ব্যৱসায়ীজনৰ হেলিকপ্টাৰৰ পৰা ধন উদ্ধাৰ হৈছে নে নাই সেই তথ্য নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা নাই যদিও ব্যৱসায়ীজনৰ পৰা বিজেপিৰ প্ৰচাৰপত্ৰিকা সম্পক¹য় কেতবোৰ নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ব্যৱসায়ীজনে শিক্ষাৰ নামত সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা বুলি দাবী কৰি আহিলেও সংখ্যালঘু ভোট বিভাজনৰ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হেলিকপ্টাৰ লৈ প্ৰচাৰত নামি পৰা বুলিহে চৌধুৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে৷