Logo
image

ফণীক কটাক্ষ মনোৰঞ্জনৰঃ অসমীয়াতে কেঁচা, সদনত হ'ব নিমাতী কন্যা

'আমাৰ অসম'ৰ ষ্টাফ ৰিপোৰ্টাৰ, বৰপেটা ৪ এপ্ৰিলঃ "ফণীভূষণ চৌধুৰীয়ে অসমীয়া ভাষাই ভালকৈ ক'ব নাজানে৷ সদনত ফণীভূষণ চৌধুৰীয়ে কি ভাষাত কথা ক'ব৷ সদনত ফণীভূষণ চৌধুৰী নিমাতী কন্যা হৈ বহি থাকিব ৷"-  এই তীৰ্যক মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ৷ 

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে প্ৰতিনিধিত্ব কৰা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অলিয়ে-গলিয়ে নিৰ্বাচনী প্ৰচাৰৰ চলাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সৰভোগ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ৷ বৰপেটা লোকসভা সমষ্টিত জয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰি চি পি আই (এম)ৰ প্ৰাৰ্থীজনে কয় যে অগপৰৰ স'তে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব ৷ অগপক আমি শত্ৰু হিচাপে চিহ্নিত কৰিছে৷ ইপিনে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলেও প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰসংগত তেও কয় যে মনোনয়ন পত্ৰ উঠাই লোৱাৰ শেষ মূহুৰ্তলৈকে কংগ্ৰেছৰ স'তে বুজাবুজিৰ বাবে বাট চাম৷ ৰাইজে কংগ্ৰেছক চাই আছে৷ কংগ্ৰেছৰ ওপৰত মোৰো সন্দেহ আছে৷ কংগ্ৰেছৰ দুজনকৈ কাৰ্যকৰী সভাপতি বিজেপি অফিচত বহি আছে৷ জাকিৰ শিকদাৰৰ সমষ্টিত মই বহু বেছি ভোট পাম৷ 

উল্লেখ্য যে চি পি আই (এম)ৰ প্ৰাৰ্থীজনে আজি শুকমানাহ বজাৰ¸ কালজাৰ বজাৰ¸ বৰবালা বজাৰ¸ জাৰাবাৰী চক বজাৰ¸ পাকাবেতবাৰী-নিত্যানন্দ চ'ক বজাৰ¸ কেউটপাৰা চক বজাৰ¸ চকিৰভিঠা মৰিছা হৈ কয়াকুছি বজাৰস্থিত পাকাবেতবাৰী সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হয় আৰু বিয়লি ফজু বজাৰ¸ নলীগাঁৱ চাৰিআলি চক বজাৰ ¸ ভক্তৰডবা বজাৰ¸ জিৰু বজাৰ¸ পিঠাদি বজাৰ¸ বাগোদী বজাৰ¸ ভৈৰাগুৰি বজাৰ¸ বি কে বজাৰ ভেৰাৰভিঠাহৈ চিকাৰভিঠাত উপস্থিত হৈ দিনজোৰা নিৰ্বাচনী সমদলৰ সমাপ্ত কৰে। মাজগাঁওৰ পৰা কয়াকুছি বজাৰ হৈ চিকাৰভিঠালৈ পাকাবেতবাৰী বিধানসভা সমষ্টি ভিত্তিত মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী যাত্ৰাত সহযোগ কৰে বাওঁপন্থী নেতা তথা  ৰাজ্যিক সদস্য পিয়াৰুল ইছলাম আহমেদ¸ প্ৰাক্তন বিধায়ক ডঃ আলি হুছেইন, কৃষক নেতা জয়নাল আবেদিন¸ অৱসৰপ্ৰাপ্ত শিক্ষক আহম্মদ খান¸ অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৃষক নেতা মনিৰ উদ্দিন আহমেদ¸ পাকাবেতবাৰী সমষ্টিৰ নিৰ্বাচনী কমিটিৰ সম্পাদক দেৱান ছিদ্দিকুৰ ৰহমান¸ কৰ্মী তাহেৰ আলী¸ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বৰপেটা জিলা কমিটিৰ সভাপতি দেৱান ইফটিকাৰ হুছেইনৰ লগতে কেইবা শতাধিক কৰ্মী আৰু সমৰ্থকে৷