Logo
image

উবেৰ কাপৰ দলত অসমৰ অস্মিতা-ঈশাৰাণী

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ এপ্ৰিল: অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ আগশাৰীৰ প্ৰতিযোগিতা উবেৰ কাপৰ বাবে ভাৰতীয় দলত স্থান পাইছে৷ উল্লেখ্য যে প্ৰায় তিনি দশকৰ বিৰতিৰ পাছত উবেৰ কাপৰ ভাৰতীয় দলত স্থান পাইছে অসম শ্বাটলাৰে৷ ইয়াৰ পূৰ্বে অসমৰ মল্লিকা বৰুৱা শৰ্মাই ৰাজ্যৰ প্ৰথম শ্বাটলাৰ হিচাপে সন্মানীয় উবেৰ কাপত খেলিছিল৷  ২৭ এপ্ৰিলৰ পৰা পাঁচ মে’লৈ চীনৰ চেংডুত অনুষ্ঠিত হ’বলগীয়া থমাছ আৰু উবেৰ কাপৰ বাবে ভাৰতীয় বেডমিণ্টন সন্থাই [বাই] পুৰুষ আৰু মহিলাৰ দল দুটা বৃহস্পতিবাৰে ঘোষণা কৰিছে৷ থমাছ কাপৰ বাবে ১০ জনীয়া দলটোত পাঁচজন ছিংগলছ খেলুৱৈৰ লগতে দুটা ডাবলছ যুটি তথা এজন বেক-আপ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে৷ দলটোত স্থান লাভ কৰা ছিংগলছৰ খেলুৱৈসকল হ’ল : এইচ এছ প্ৰণয়, লক্ষ্য সেন, কিদাম্বী শ্ৰীকান্ত, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ৷ আনহাতে, ডাবলছ খেলুৱৈৰূপে দলত আছে সাত্বিকছাইৰাজ ৰেংকিৰেড্ডী, চিৰাগ শেট্টী, এম আৰ অজুৰ্ন, ধ্ৰৱ কপিলা আৰু সাই প্ৰথিক৷ উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ খিতাপ লাভ কৰিছিল৷ ইফালে, উবেৰ কাপৰ বাবে ছিংগলছ আৰু ডাবলছ দুয়োটা শাখাতে নিৰ্বাচকসকলে নবাগতক সুযোগ দিয়াৰ সিদ্ধান্ত লয়৷ পি ভি সিন্ধুৱে ইতিপূৰ্বে নিৰ্বাচকসকলক জনাইছে যে পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে তেওঁ প্ৰতিযোগিতাখনত অংশ নলয়৷ উবেৰ কাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা ছিংগলছ খেলুৱৈসকল হৈছে: অনমোল খাৰব, তনৱী শৰ্মা, অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱা আনহাতে, ডাবলছত খেলিব শ্ৰুতি মিশ্ৰ, প্ৰিয়া কনজেংবাম, ছিমৰন সিংহী আৰু ঋতিকা ঠাকাৰে৷ ইফালে, প্ৰায় তিনি দশকৰ পাছত অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈষাৰাণী বৰুৱাই  কাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে খেলুৱৈদ্বয়ক শুভেচ্ছা জনাইছে৷