Logo
image

২০১৪-২০২৪ সাদৃশ্য-বৈসাদৃশ্য

২০১৪ আৰু ২০২৪ সাধাৰণ নিৰ্বাচন দুটাৰ মাজত ক্ৰমান্বয়ে এটা সাদৃশ্য ফুটি উঠিছে৷ ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল আৰু এতিয়া ২০২৪১ সাধাৰণ নিৰ্বাচনৰ আগে আগে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধেও ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ শক্তিশালী আৰু ব্যাপক হৈ পৰিছে উচ্ছতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড অসাংবিধানিক বুলি ঘোষণা কৰাৰ পাছত৷ এই বণ্ড বেআইনী বুলি ঘোষিত হোৱাৰ পাছতো ইলেক্টৰেল বণ্ডৰ প্ৰকৃত তথ্য প্ৰকাশ নোহোৱাকৈ ৰাখিবলৈ ষ্টেট বেংকে সকলোধৰণৰ প্ৰচেষ্টা চলাইছিল যদিও এই প্ৰচেষ্টাই উচ্ছতম ন্যায়ালয়ত মুখথেকেচা খাইছিল আৰু ষ্টেট বেংকে ইলেক্টৰেল বণ্ডৰ সমস্ত তথ্য নিৰ্বাচন আয়োগৰ জৰিয়তে ৰাজহুৱা কৰিবলৈ বাধ্য হৈছিল৷ তথ্য ৰাজহুৱা হোৱাৰ পাছত বিজেপিৰ বিৰুদ্ধে অভিযোগৰ জোৱাৰ উঠিছে৷ বহু ব্যৱসায়ীয়ে বিজেপিক ইলেক্টৰেল বণ্ডৰ জৰিয়তে বৰঙণি আগবঢ়োৱাৰ তথ্য উন্মোচন হৈছে আৰু ঘটনাক্ৰম ফঁহিয়াই চাওঁতে দেখা গৈছে যে এই ব্যৱসায়ীসকলে তেওঁলোকৰ বিৰুদ্ধে আৰম্ভ হোৱা  ইডি, আয় কৰ, চিবিআই আদিৰ অনুসন্ধানৰ পাছতেই তেওঁলোকে বেজেপিক এই ইলেক্টৰেল বণ্ডৰ জৰিয়তে কেইবাহাজাৰ কোটি টকাৰ বৰঙণি দিছিল আৰু এই বৰঙণি দিয়াৰ আগে-পাছে তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ চোক কমি আহিছিল বা বন্ধ হৈছিল৷ বহু কোম্পানীয়ে ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিজেপিলৈ বৰঙিণ আগবঢ়োৰ পাছত চৰকাৰৰ পৰা ব্যৱসায়ত বিশেষ ৰেহাই তথা অনুগ্ৰহ পাইছিল৷ প্ৰশ্ন উত্থাপন হৈছে যে ষ্টেট বেংকে ইলেক্টৰেল বণ্ডৰ তথ্য ৰাজহুৱা নকৰিবলৈ কিয় ইমান যত্ন কৰিছিল, চৰকাৰেও চৰকাৰী অধিবক্তাৰ জৰিয়তে কিয় সেই প্ৰচেষ্টাৰ অংশীদাৰ হৈছিল৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ উদ্যোগী আৰু ব্যৱসায়ীসকলেও উচ্ছতম ন্যায়ালয়ত তেওঁলোকে ইলেক্টৰেল বণ্ডৰ জৰিয়তে দিয়া বৰঙিণ ৰাজহুৱা নকৰিবলৈ আৱেদন জনাইছিল যদিও উচ্ছতম ন্যায়ালয়ে তেওঁলোকৰ আৱেদনক অকণো গুৰুত্ব নিদিলে৷ সমস্ত ঘটনাৰাজিৰ পৰা এই কথা জলজল পটপট হৈ পৰিল যে বিজেপি চৰকাৰে ইলেক্টৰেল বণ্ডৰ প্ৰকৃত সত্য ৰাইজে জনাটো বিচৰা নাই৷ কিন্তু এই তথ্য ৰাজহুৱা হোৱাৰ পাছত এতিয়া বিজেপি চৰকাৰে বৰঙিণৰ ধনৰ বিনিময়ত ব্যৱসায়ীক সুবিধা আগবঢ়োৱাৰ বহু অভিযোগ উত্থাপন হৈছে৷ এনে বহু অভিযোগ ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ স’তে একে৷ নিলাম বা নিবিদা নকৰাকৈ ম’বাইল ফোনৰ কোম্পানীক স্পেকট্ৰাম আবন্টন দি মনমোহন সিং চৰকাৰে বৃহৎ কেলেংকাৰী কৰা বুলি আৰু ইয়াৰ ফলত দেশে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগা  হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল [পাছত আদালতত সেই অভিযোগ প্ৰমাণ নহ’ল], ঠিক একে অভিযোগ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে৷ নিলাম নকৰাকৈ ম’বাইল কোম্পানীক বিজেপি চৰকাৰেও স্পেকট্ৰাম আবণ্টন দিয়াৰ বাবে আইন সংশোধন কৰিছে আৰু এই সংশোধনৰ জৰিয়তে লাভ হোৱা কোম্পানীয়ে বিজেপিক ইলেক্টৰেল বণ্ডক জৰিয়তে বৃহৎ পৰিমাণৰ বৰঙণি দিছে৷ 

দহ বছৰৰ পাছত অভিযোগসমূহ বিজেপিলৈ উভতি আহিছে৷ ২০১৪ আৰু ২০২৪১ মাজত এয়া হ’ল সাদৃশ্য৷ কিন্তু বৈসাদৃশ্যও আছে৷ মূল বৈসাদৃশ্যটো হ’ল– ২০১৪ চনত তথাকথিত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমকে ধৰি প্ৰায় সকলো বাতৰিকাকত, টিভি চেনেলে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিৰ ব্যাপক প্ৰচাৰ চলাইছিল, নানা বিশে¡ষণ কৰিছিল৷ চৰকাৰখনৰ প্ৰতিটো দুনীৰ্তিৰ খবৰ ৰইজৰ চকুত পৰিছিল, ৰাইজে জানিছিল৷ ২০২৪ চনত ইয়াৰ ঠিক বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে, বিশেষকৈ তথাকথিত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমৰ ক্ষেত্ৰত৷ সকলো ৰাষ্ট্ৰীয় তথা হিন্দীবলয়ৰ প্ৰচাৰ মাধ্যম বাতৰিকাকত, টিভি চেনেলত বিজেপিৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ কোনো উল্লেখ নাই বা সামান্য চকুত নপৰা উল্লেখহে আছে৷ ২০১৪ চনত প্ৰচাৰ মাধ্যম প্ৰায় সম্পূৰ্ণৰূপে চৰকাৰৰ দুৰ্নীতি উদঙাই দি চৰকাৰবিৰোধী পক্ষত আৰু প্ৰকাৰান্তৰে ৰাইজৰ পক্ষত বা বিৰোধীৰ পক্ষত আছিল৷ এইবাৰ ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে৷ তথাকথিত মূলসুঁতিৰ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমবোৰ এতিয়া সম্পূৰ্ণৰূপে চৰকাৰৰ পক্ষত আৰু সেয়েহে এইবোৰত চৰকাৰৰ দুৰ্নীতিৰ সকলো খবৰ অন্তৰ্ধান হৈছে৷ এইবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী পক্ষক৷ আৰু এইদৰে দেশৰ জনগণৰ এক বৃহৎ অংশ প্ৰকৃত তথ্য তথা খবৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছে আৰু ফলস্বৰূপে আধৰুৱা আৰু ভুল তথ্যৰ আধাৰত জনগণৰ এক বৃহৎ অংশই ভুল সিদ্ধান্তত উপনীত হৈছে৷   

একমাত্ৰ আঞ্চলিক প্ৰচাৰ মাধ্যমৰ একাংশই আৰু  ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সাংবাদিকতা কৰা কিছুমানে বহু অসুবিধা আৰু বাধাৰ মাজতো প্ৰকৃত তথ্য ৰাইজক  জনাবলৈ প্ৰচেষ্টা চলাই আছে৷ ৰাইজে-নাগৰিকে-ভোটাৰে প্ৰকৃততে কি ঘটি আছে তাৰ একো উমান নোপোৱাকৈ কাৰোবাৰ হাতত ৰাষ্ট্ৰৰ শাসন ক্ষমতা তুলি দিলে সেই সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু ভোটাৰে প্ৰকৃত তথ্য তথা সত্য গম পোৱাৰ বাটত এতিয়া বহু বাধা আছে৷ এইক্ষেত্ৰত ২০১৪ চনতকৈ ২০২৪ চনত আমাৰ প্ৰচুৰ অধোন্নতি হৈছে৷