Logo
image

ধন নাই বাবেই গোচৰ প্ৰত্যাহাৰ জোনমণিৰ মাতৃৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ এপ্ৰিল : ধনৰ অভাৱতেই এছআই জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰটো প্ৰত্যাহাৰ কৰা বুলি সদৰী কৰিছে জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই৷ বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত সুমিত্ৰা ৰাভাই জখলাবন্ধা থানাত জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগত ৰুজু কৰা ৮৭/২০২৩ নম্বৰৰ গোচৰটো প্ৰত্যাহাৰৰ বাবে আবেদন জনাইছিল৷ জোনমণিৰ মাতৃৰ এই আবেদন গ্ৰহণ কৰিছিল মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে৷ কিন্তু এছআই জোনমণি ৰাভাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই  নগাঁও আৰক্ষীৰ তদানীন্তন কেইবাজনো শীৰ্ষ বিষয়াই কন্যাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা মাতৃ সুমিত্ৰা ৰাভাই আকস্মিকভাৱে গোচৰ উঠাই লোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আনকি সামাজিক মাধ্যমত বহুতে জোনমণিৰ মাতৃয়ে টকাৰ লোভত গোচৰ প্ৰত্যাহাৰ কৰা বুলিও সমালোচনা কৰিছিল৷ এই সমালোচনা পাছতেই মুখ খুলিছে জোনমণিৰ মাতৃয়ে৷ শনিবাৰে সাংসদ মাধ্যমৰ আগত ধনৰ অভাৱ, স্বাস্থ্যজনিত সমস্যা আৰু কলিয়াবৰৰ আদালতত গুৱাহাটীৰ পৰা তাঁতবাটি কাঢ়ি গোচৰ চলাবলৈ অসমৰ্থ বুলি সদৰি কৰি গোচৰটো প্ৰত্যাহাৰৰ কাৰণ ব্যাখ্যা কৰিছে সুমিত্ৰা ৰাভাই৷ যদিহে কলিয়াবৰৰ পৰা গুৱাহাটীৰ আদালতলৈ গোচৰটো হস্তান্তৰ হয়, তেনেহ’লে জোনমণিক ন্যায় দি হত্যাকাৰী শান্তি প্ৰদানৰ চেষ্টা চলাব বুলিও মনৰ ভাৱ প্ৰকাশ কৰিছে জোনমণিৰ মাতৃয়ে৷ এই সন্দৰ্ভত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘মোৰ গা বৰ বেছি ভাল নহয়৷ ছোৱালীজনী হত্যাৰ মই একো উলিয়াব নোৱাৰিলো৷ কেচটো মই উঠাই ল’লো৷ মোৰ গাটো বেয়া হৈ থাকে৷ কলিয়াবৰ-জখলাবন্ধালৈ গৈ মই কেচ খেলিব নোৱাৰো৷ যদি গুৱাহাটীতে হ’ল হয়, তেতিয়া চেষ্টা কৰি চালো হয়৷ এক নম্বৰ মোৰ দেহাটো ঠিক নাথাকে৷ দুই নম্বৰ মোৰ মানুহৰ অভাৱ আৰু তিনি নম্বৰ টকা-পইচাৰ অভাৱ৷ ঘৰ-মাটি বিক্ৰী কৰিওতো কেচত  জিকিব নোৱাৰিম৷ সেই কাৰণেই মই কেচটো উঠাই ল’বলগীয়া হ’ল৷ মানুহে ভাবিৱ পাৰে– জোনমণিৰ মাকে টকা পইচা পালে নেকিঙ্গ কাৰোবাৰ লগত মিলা-মিছা কৰিলে নেকিঙ্গ মানুহে বিভিন্ন ধৰণৰ কথা ভাৱিব পাৰে আৰু এনে কথা ওলায়ো আছে৷ সেয়েহে মই ৰাইজক ক’ব বিচাৰিছো–মই কাৰোৰে পৰা এটকাও লোৱা নাই৷ কাৰোৰে পৰা বুদ্ধিও লোৱা নাই৷ মই মনৰ পৰা যি ভাৱি পাইছো তাকে সিদ্ধান্ত লৈছো৷ গতিকে ৰাইজক কি কাৰণে জোনমণিৰ গোচৰটো উঠালো তাকে  জনালো৷ চিবিআয়ে মোক একো কোৱা নাই৷ তেওঁলোকে কৈছে আপোনাৰ যদি কিবা আপত্তি বা ক’বলগীয়া আছে, তাক আদালতক কৈ দিয়ক৷  আমাৰ যিখিনি কাম আছিল তাক আমি কৰিলো৷ আমি ইয়াতে কেচটো সামৰণি মাৰিলো৷ মই আৰক্ষীক সুধিছিলো কেচটো গুৱাহাটীৰ আদালতলৈ হস্তান্তৰ কৰিব পাৰি নেকি? আৰক্ষীয়ে মোক নোৱাৰি বুলি কৈছিল৷ কেচটো কলিয়াবৰতেই খেলিব লাগিব বুলি কৈছিল৷ যদি গুৱাহাটীলৈ কেচটো আহিলহেঁতেন, তেনেহ’লে মই চেষ্টা এটা কৰি চাব পৰিলোহেঁতেন৷ মই এতিয়াও মানি ল’ব পৰা নাই, জোনমণিৰ দুৰ্ঘটনাতেই যে মৃত্যু হৈছিল৷ অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰটোত মোৰ ফালৰ পৰা সহযোগিতা থাকিব৷ কিন্তু অসম আৰক্ষীৰ তদন্ত  অলপো বিশ্বাস নাই৷ যদি সঠিক তদন্ত হ’ল হয়, প্ৰথমেই চিআইডিয়ে কৰিলেহেঁতেন৷ কাৰণ জোনমণিক ষড়যন্ত্ৰ কৰি হত্যা কৰিলে৷ সেইসকলে আজিও চাকৰি কৰি খাই আছে৷ নগাঁৱৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে শাস্তি পোৱাটো মই বিচাৰিছিলো৷ কিন্তু মই একো কৰিবই নোৱাৰিলো৷ জোনমণিৰ কিয়-কেনেকৈ মৃত্যু হ’ল, আদালতত তাৰ কোনো বিচাৰ নহ’ল৷ চিবিআয়ে যিখিনি পাৰে কৰিছে৷ চিবিআয়ে মোৰ ওচৰতেই তথ্য বিচাৰি আহে৷ কিন্তু মই নিজেই যি জানো অসমৰ ৰাইজক জনাই দিছিলো৷ মইটো চকুৰে নেদেখাকৈ কাকো হত্যাকাৰী বুলি ক’ব নোৱাৰো৷’  উল্লেখ্য, বিগত বৰ্ষৰ ১৫ মে’ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল টাউন মৰিকলং থানাৰ এছ আই জোনমণি ৰাভাক৷ এখন চাহপাত কঢ়িওৱা কণ্টেইনাৰ ট্ৰাকৰ সৈতে এছ আই জোনমণি ৰাভাৰ এক্সপ্ৰেছ বাহনখন মুখামুখি সংঘৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল৷ এই ঘটনাৰ পাছতেই জোনমণিৰ মাতৃয়ে নগাঁও আৰক্ষীৰ তদানীন্তন কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে জোনমণি ৰাভাৰ হত্যাৰে জড়িত থকাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিতে জখলাবন্ধা থানাই ৮৭/২০২৩ নম্বৰত গোচৰটো পঞ্জীয়ন কৰিছিল৷ একে সময়ত দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই ৮৪/২০২৩ নম্বৰত আন এটা গোচৰ ৰুজু কৰিছিল৷ ইফালে দুৰ্ঘটনাৰ পূৰ্বে জোনমণি ৰাভাই নকল সোণ, জালনোট চক্ৰৰ বিৰুদ্ধে নগাঁও থানাতো এটা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰৰ বাবে উত্তৰ লখিমপুৰত অভিযান চলাবলৈ গৈ জোনমণি ৰাভাই আজগড় আলি নামৰ এটা নকল সোণ বেপাৰীক ঘৰৰ পৰা উঠাই আনি ধন দাবী কৰা বুলিও জোনমণিৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এটা পৃথক গোচৰ পঞ্জীয়ন হৈছিল৷ উত্তৰ লখিমপুৰ থানাৰ এই গোচৰ ভিত্তিতে নগাঁৱৰ তদানীন্তন এছ পি লীনা দলেৰ ওচৰত জবাবদিহি হ’বলগীয়া হৈছিল এছ আই জোনমণি ৰাভা৷ ইয়াৰ মাজতে ৰহস্যজনক দুৰ্ঘটনাত জোনমণিৰ মৃত্যু হোৱাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে জোনমণিৰ মৃত্যুত আৰক্ষী জড়িত থকাৰো অভিযোগৰ আঙুলি উঠিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত গৃহ বিভাগে জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় চাৰিওটা গোচৰৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰিছিল৷ চি বি আয়ে তদন্ত কৰি বিগত ৭ ফেব্ৰুৱাৰীত আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত জোনমণি ৰাভা দুৰ্ঘটনাত মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল৷ চি বি আইৰ পৰা ন্যায় পোৱাৰ আশাত বন্দী হৈ থকা জোনমণিৰ মাতৃয়ে তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জোনমণিৰ মৃত্যুৰ ঘটনাক ৰাইজে বিচাৰ কৰিব বুলি শোকত ভাগি পৰিছিল৷ কিন্তু জোনমণি ৰাভাৰ মাতৃৰ এই অসন্তুষ্টিৰ মাজতে বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চি বি আৰ তদন্তত সন্তুষ্ট বুলিহে উল্লেখ কৰি গোচৰটো প্ৰত্যাহাৰ কৰে দুৰ্ভগীয়া মাতৃগৰাকীয়ে৷ আদালতত দাখিল কৰা আবেদনত  সুমিত্ৰা ৰাভাই উল্লেখ কৰিছিল এইদৰে–‘বিচাৰপতি, বিনীত সন্মান পূৰ্বক নিবেদন এই যে জখলাবন্ধা থানাৰ ৮৭/২০২৩ বছৰৰ গোচৰত তদন্তকাৰী বিষয়াই যি চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে, উক্ত চূড়ান্ত প্ৰতিবেদনত গোচৰীয়াৰ কোনো আপত্তি নাই আৰু চি বি আয়ে যি তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছে তাত মই সন্তুষ্ট হৈছো৷ গোচৰীয়াই এই গোচৰ নচলায়৷’