Logo
image

ৰোহিত-হাৰ্দিকৰ সৈতে কোন এইগৰাকী ৰহস্যময়ী?

আইপিএলৰ মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত হাৰ্দিকৰ সৈতে এগৰাকী মডেল-অভিনেত্ৰীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ তাৰকা খেলুৱৈৰ সৈতে ফটোৰ বাবে প’জ দিয়া কোন এইগৰাকী ষোড়শী সুন্দৰী এয়া নেটিজেনৰ প্ৰশ্ন৷ বাতৰি প্ৰকাশ যে ষোড়শী মল্লিকা গৰাকী এগৰাকী অভিনেত্ৰী৷ নাম তেওঁৰ ছেজল জয়ছোৱাল৷ সুন্দৰী ছেজল হ’ল নাগালেণ্ডৰ৷ ছেজলে চাৰ্টাৰ্ড বিমানৰ জনসংযোগ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে৷ সেয়ে তেওঁ আই পি এলৰ তাৰকা খেলুৱৈৰ সৈতে লগ কৰা ফটো উঠাৰ দৰে কামবোৰ কৰিবলৈ সুযোগ লাভ কৰিছে৷ ছেজলে ‘দিল মাংগে ম’ৰ’ আৰু ‘ডেটিং ইন দ্য ডাৰ্ক’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে৷ ৰোহিত শৰ্মা প্ৰসংগত নাগালেণ্ডৰ ছেজলে কয়– ৰোহিত শৰ্মাক লগ পোৱাটো ভাল অনুভৱ৷ তেওঁ ডাউন টু আৰ্থ৷ ক্ৰিকেট তাৰকাৰ লগত ছেজলৰ বহু মিম আৰু গল্প-গুজব ৰটনা হৈছে৷ ছেজলে কয়– মোৰ ফোনত নটিফিকেশ্বনৰ জোৱাৰ উঠিছে৷ মোক লৈ ৰিল, মিম বনোৱা হৈছে৷ মই কিন্তু নেটিজেনৰ বাবে ৰহস্যময় হৈ থাকিব বিচাৰো, কাৰণ ই বৰ আমোদজনক৷’ ৰোহিত আৰু হাৰ্দিকৰ সৈতে ফটো ভাইৰেল হোৱাৰ পাছতে ছেজল জয়ছোৱালৰ ফল’ৱাৰৰ সংখ্যা ৭০ হাজাৰৰ পৰা ৰ.২০ লাখ হয়গৈ৷ আই পি এলৰ অনুৰাগীয়ে তেওঁৰ কমেণ্ট বক্স মৰমেৰে উপচাই পেলাইছে৷