Logo
image

কোহলিৰ অভিলেখ স্পৰ্শ ৰোহিতৰ

নতুন দিল্লী, ৮ এপ্ৰিল: দিল্লী কেপিটেলছৰ বিৰুদ্ধে অংশ লোৱা আই পি এলৰ দেওবাৰৰ খেলখনত বিৰাট কোহলিৰ এক কৃতিত্ব স্পৰ্শ কৰে মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই৷ মেচখনত ইনিংছ মুকলি কৰি ৰোহিতে ২৭ বলত ৪৯ ৰান সংগ্ৰহ কৰে৷ এনে প্ৰদৰ্শনেৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ১০০০ ৰান কৰা দ্বিতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰোহিত৷ দিল্লীৰ বিৰুদ্ধে এনে সফলতা লাভ কৰা আনজন বেটাৰ হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বিৰাট কোহলি৷ দেওবাৰৰ আগলৈকে দিল্লীৰ বিৰুদ্ধে ৩৩ টা ইনিংছত ৰোহিতৰ সংগ্ৰহ আছিল ৯৭৭ ৰান৷ গড় ৩২.৫৬৷ দিল্লীৰ বিৰুদ্ধে ২৭ টা ইনিংছত কোহলিৰ সংগ্ৰহ ১০৩০ ৰান৷ গড় ৫১.৫০৷ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধেও ৰোহিতৰ নামত ১০০০১ অধিক ৰান আছে৷ আনহাতে, কোহলিয়ে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধেও ১০০০ ৰান কৰিবলৈ সক্ষম হৈছে৷ দিল্লী কেপিটেলছৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে এনে সফলতা লাভ কৰিছে পঞ্জাব কিংছ আৰু কে কে আৰৰ বিৰুদ্ধে৷