Logo
image

গোলাপ ফুল ঔষধ হিচাপেও ব্যৱহাৰ হয়

 গোলাপ সকলোৰে প্ৰিয়৷ এইবিধ ফুলক সৌন্দৰ্যৰ ৰাণী বুলি কোৱা হয়৷ প্ৰিয়জনক ফুল উপহাৰ দিবলৈ হ’লে প্ৰথমেই মনলৈ আহে গোলাপ৷ গোলাপ অকল সুন্দৰ তথা সুগন্ধিযুক্ত ফুলেই নহয়, ইয়াত বহু ঔষধি গুণো থাকে৷ ঔষধি গুণৰ বাবে বহুতে গোলাপৰ পাহি শুকাই সংৰক্ষণ কৰি ৰাখে৷ উল্লেখ কৰা হ’ল গোলাপৰ পাহিত থকা ঔষধি গুণ– 

# ডায়েৰিয়া হ’লে গোলাপৰ পাহি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে মিহলাই খালে পৰিত্ৰাণ পোৱা যায়৷ কোষ্ঠ-কাঠিন্যৰ সমস্যাতো গোলাপৰ পাহি উপকাৰী৷

# গোলাপ ফুলৰ কলিত ভিটামিন ‘চি’ থাকে৷ কাহ আৰু পানীলগা সমস্যাত গোলাপৰ কলিৰে প্ৰস্তুত কৰা চাহ খাব পাৰে৷ 

# শুকান গোলাপৰ পাহিৰ পৰা প্ৰস্তুত কৰা গোলাপজলেৰে ছালৰ যতন  ল’ব পৰা যায়৷

# গোলাপ পাহি গুড়ি কৰি পানীৰ সৈতে মিহলাই আঘাত পোৱা স্থানত লগালে যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷ 

# শুকান গোলাপৰ পাহি গুড়ি কৰি গাখীৰৰ সৈতে মিহলাই খালে এচিডিটি আৰু আলছাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ 

# বিভিন্ন মছলাৰ সৈতে শুকান গোলাপৰ পাহি ব্যৱহাৰ কৰি দাঁতৰ কেভিটি বা ক্ষয়ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷ 

# ডিঙিৰ বিষ অথবা অত্যধিক কাহৰ ফলত হোৱা ডিঙিৰ যন্ত্ৰণাত  শুকান গোলাপৰ পাহি পানীৰ সৈতে মিহলাই উতলাই লওক৷ কুহুমীয়া হ’লে সেই পানীৰে গাৰ্গল কৰক৷ সকাহ পাব৷

# গোলাপৰ পাহিৰ সৈতে নাৰিকল তেল মিহলাই ৰ’জ অইল প্ৰস্তুত কৰি ল’ব পৰা যায়৷ ইয়াৰ বাবে শুকান গোলাপৰ পাহি গুড়ি কৰি নাৰিকল তেলৰ সৈতে ভালদৰে মিহলাই গৰম কৰক৷ 

# হাৰ্বেল চাহ প্ৰস্তুতৰ ক্ষেত্ৰত গোলাপৰ পাহি ব্যৱহাৰ কৰা হয়৷ 

গোলাপৰ পাহি কেনেদৰে সংৰক্ষণ কৰিব  

প্ৰথমে পাহিবোৰ চিঙি লওক৷ এইবাৰ টিছু পেপাৰেৰে পাহিবোৰ ভালদৰে চেপি শুকাবলৈ দিয়ক৷ শুকান হ’লে পুনৰ টিছু পেপাৰৰ সহায়ত পাহিবোৰ মচি লৈ এয়াৰ টাইট বক্সত সুমুৱাই ৰাখক৷ চ্ছ্ৰ-প্ত দিন এনেদৰে ৰাখিলে পাহিবোৰ ভালদৰে শুকাব৷ ইয়াৰ পাছত যেতিয়াই প্ৰয়োজন হয় গোলাপৰ শুকান পাহি ব্যৱহাৰ কৰক৷