Logo
image

৩০ পৰীক্ষকক চিআইডিৰ তলব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ এপ্ৰিল : অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত এইবাৰ এপিএছচিৰ তদানীন্তন নিৰীক্ষক আৰু পৰীক্ষকে জেৰাৰ সন্মুখীন হৈছে এছআইটিৰ৷ কুখ্যাত ৰাকেশ পালৰ আমোলত বক্ৰ পথেৰে চাকৰি লাভ কৰা প্ৰায় কুৰিজন ৰাজপত্ৰিত বিষয়াক নিয়ম-মাফিক জেৰা কৰিয়েই দায়িত্ব সামৰাৰ পাছত এইবাৰ বিশেষ তদন্তকাৰী দলে ২০১৩ বৰ্ষৰ পৰীক্ষত নিৰীক্ষক আৰু পৰীক্ষাকৰ দায়িত্বত থকা ৩০জন অধ্যাপক-শিক্ষকক জেৰাৰ বাবে তলব কৰিছে৷ সেই অনুসৰি প্ৰথম পৰ্যায়ত সোমবাৰে চিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে ৭ জন পৰীক্ষকক সোধা-পোছা কৰে তদন্তকাৰী বিষয়াই৷ প্ৰায় ৩ঘণ্টা ধৰি এছআইটিৰ জেৰাৰ সন্মুখীন হোৱা এপিএছচি পৰীক্ষাৰ নিৰীক্ষক তথা পৰীক্ষক কেইজনৰ অন্যতম হৈছে বিপুল গগৈ, অভিজিৎ বৰা, ভূপেন্দ্ৰ তালুকদাৰ, অৰ্জুন শৰ্মা আৰু জ্যোতিৰাজ পাঠক৷ তদন্তকাৰী আৰক্ষীয়ে আটাইকেইজন নিৰীক্ষককে সাক্ষী হিচাপেহে সোধা-পোছা কৰা বুলি জানিবলৈ দিছে যদিও এছ আই টিৰ এই তৎপৰতাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ উল্লেখ্য, বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বক্ৰপথেৰে  চাকৰি লোৱা বিষয়াসকলৰ মূল উত্তৰ বহীৰ সৈতে যিসমূহ অতিৰিক্ত পৃষ্ঠ সংলগ্ন কৰা হৈছিল, সেই অতিৰিক্ত পৃষ্ঠাসমূহত নাছিল নিৰীক্ষকৰ স্বাক্ষৰ৷  অথচ নিয়ম অনুসৰি পৰীক্ষাৰ্থীয়ে অতিৰিক্ত পৃষ্ঠা ল’লে নিৰীক্ষকে বাধ্যতামূলকভাৱে স্বাক্ষৰ কৰিব লাগে৷ তদুপৰি উত্তৰ বহীত প্ৰাপ্ত নম্বৰৰ বিপৰীতে টেবুলেশ্বন শ্বীটত আছিল বিপৰীত নম্বৰ৷ আনকি উত্তৰ বহীত প্ৰশ্নোত্তৰৰ বিপৰীতে প্ৰদান কৰা নম্বৰ সন্দেহজনকভাৱে কটাকটি কৰি বৃদ্ধি কৰাও দেখা গৈছিল৷ কিবা কাৰণত  এবাৰ দিয়া নম্বৰ কৰ্তন কৰি নতুনকৈ নম্বৰ দিলে পৰীক্ষকে স্বাক্ষৰ কৰিব লাগে৷ বহু কটা কটি কৰা নম্বৰৰ বিপৰীতে পৰীক্ষকৰ স্বাক্ষৰ আছে যদিও সেই স্বাক্ষৰ প্ৰকৃত পৰীক্ষকজনৰ হয় নে নহয় আৰু কিয় কটাকটি কৰিবলগীয়া হৈছিল সেই সন্দৰ্ভতো তদন্তকাৰী বিষয়াই অধ্যাপককেইজনক  সোধাপোছা কৰা বুলিও জানিব পৰা গৈছে৷ পৰ্যায়ক্ৰমে বাকী নিৰীক্ষক সকলকো জেৰা কৰিব বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিছে৷ অৱশ্যে নিৰীক্ষকক জেৰা কৰা এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবে এণ্ড কোম্পানীয়ে নিৰ্ধাৰিত ৬ মাহ উকলি যোৱাৰ পাছতো তদন্ত সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই৷