Logo
image

পৰেশ বৰুৱাৰ ভ্ৰাতৃ আহিল দললৈ, আমবাৰীত উছাহ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১০ এপ্ৰিল : অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আলফা [স্বা]ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ তথা মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিমল বৰুৱাই৷ আজি চাবুৱাত অনুষ্ঠিত হোৱা অগপৰ এক সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কৰে বিমল বৰুৱাই৷ বিধায়ক পোনাকণ বৰুৱাৰ আহ৩ানত বিমল বৰুৱাই নিজৰ আদৰ্শৰাজি আৰু আঞ্চলিককতাবাদৰ প্ৰতি বিশ্বাসী হোৱাৰ বাবে দলটোত যোগদান কৰা বুলি প্ৰকাশ কৰে৷ মটক স্বায়ত্তশাসিত পৰিষদৰ প্ৰায় সকলো সদস্যই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলেও পূৰ্বৰ পৰাই আঞ্চলিকতাবাদত বিশ্বাস ৰাখি আহিছিল বৰুৱাই আৰু আজি নিজৰ ইচ্ছামতে অগপত যোগদান কৰাৰ কথা সদৰি কৰে৷ অগপৰ ঐক্য, শান্তি, প্ৰগতিৰ মূলমন্ত্ৰৰে আগন্তক দিনত একত্ৰিতভাৱে ৰাজ্যৰ শান্তিৰ বাবে কাম কৰি যাবলৈ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰি বিমল বৰুৱাই অনাগত দিনত আলফা সমস্যাটো সমাধানৰ বাবে প্ৰয়োজন হ’লে নৰেন্দ্ৰ মোদীৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে এই যোগদান কাৰ্যসূচীত বিমল বৰুৱাৰ নেতৃত্বত মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পদ্মাৱতী গগৈৰ লগতে আন বহু ৰাজনৈতিক দলৰ পৰা দুই শতাধিক নেতা-কৰ্মীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে৷ ইফালে, আজি অসম গণ পৰিষদে চাবুৱাত নিজৰ শক্তি প্ৰদৰ্শন কৰে৷ হাজাৰ হাজাৰ অগপ কৰ্মীয়ে ‘অগপ জিন্দাবাদ’, ‘জয় আই অসম’ ধবনিৰে চাবুৱাৰ আকাশ-বতাহ কঁপাই তোলা পৰিলক্ষিত হয়৷ আজি অগপৰ চাবুৱা-লাহোৱাল সমষ্টিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত হাজাৰ-হাজাৰ কৰ্মীৰ উপস্থিতিত উদুলু-মুদুলি পৰিৱেশৰ সূচনা হয়৷ উল্লেখ্য যে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ উদ্যোগত চাবুৱাত নিৰ্মাণ কৰা অগপৰ কাৰ্যালয়টো আজি উদ্বোধন কৰা হয়৷ নৱগঠিত চাবুৱা-লাহোৱাল সমষ্টিকেন্দ্ৰিক দলটোৰ কাৰ্যালয়টো আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ফিতা কাটি উদ্বোধন কৰে৷ উদ্বোধন কৰাৰ পূৰ্বে বৰাই অসমৰ জাতীয় শ্বহীদৰ স্মাৰকত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তদুপৰি তিনিচুকীয়াৰ পৰা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এক মটৰ চাইকেল ৰে’লীৰে উপস্থিত হয়৷ ডিব্ৰুগড় সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ উপস্থিতিত কাৰ্যালয়টো উদ্বোধন কৰি সভাপতি অতুল বৰা অভিভূত হোৱা প্ৰকাশ কৰে৷ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ বহুদিনীয়া এক অভাৱ দূৰ হোৱাৰ ক্ষেত্ৰত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ পদক্ষেপক সভাপতি গৰাকীয়ে আদৰণি জনাই প্ৰশংসা কৰি কয়– দলৰ কৰ্মকৰ্তাসকলৰ স্থায়ী ঠিকনা হ’ল কাৰ্যালয়টো৷ আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাসী ৰাইজ আৰু অসম গণ পৰিষদৰ শুভকাংক্ষীৰ প্ৰচেষ্টাত গঢ়ি উঠা কাৰ্যালয়টোৰ বাবে বিধায়ক বৰুৱা আৰু চাবুৱা-লাহোৱালৰ স্থানীয় কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী বৰাই৷ চলিত নিৰ্বাচন, সন্মুখত ব’হাগ, মানুহৰ মন প্ৰাণ কুলি-কেতেকীৰ মাতত প্ৰফুল্ল হৈ থকাৰ সময়তে কাৰ্যালয়টো পৰিৱেশ দেখি আনন্দিত হোৱাৰ কথাও ব্যক্ত কৰা পৰিলক্ষিত হয় সভাপতি বৰাৰ মুখত৷ নিৰ্বাচনৰ বাবে এই কাৰ্যালয়টোৰ পৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ কৰিবলগীয়া কামসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও কয় সভাপতিজনে৷ ৮৫ চনৰ আন্দোলনত বহুতো উত্তৰণ আৰু বিপৰ্যয়ৰ পিছত দলটোক আজিৰ দিনত নতুনকৈ সজাবলৈ প্ৰয়াস কৰাৰ লগতে দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট আৰু বিশ্বাস ৰাখি বহু শিক্ষিত যুৱক-যুৱতী অগপত যোগদান কৰিছে৷ তাৰবাবে আমি আশাবাদী বুলি প্ৰকাশ কৰি কংগ্ৰেছক বাক্যবাণেৰে আক্ৰমণ কৰা পৰিলক্ষিত হয় সভাপতি অতুল বৰাই৷ ভূপেন বৰাই বহু সপোন দেখে আৰু সপোন দেখিয়েই থাকিব৷ নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভতো মন্ত্ৰী অতুল বৰাই কয়– আমি জনসাধাৰণৰ মত লৈছোঁ আৰু জনসাধাৰণৰ মতামতৰ ভিত্তিত পৰিচালিত হৈছোঁ৷ ‘কা’ সম্পৰ্কত মহামান্য উচ্ছতম ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে আৰু উচ্ছতম ন্যায়ালৰ ৰায়ক সকলোৱে মানি ল’ব৷

কংগ্ৰেছ, চিপিএমৰ তিনি শতাধিক অগপলৈ

‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদক : বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধনাত আজি অনুষ্ঠিত অগপ দলৰ এখন সভাত তিনিশ কংগ্ৰেছ, এআইইউডিএফ আৰু চিপিআইএমৰ কৰ্মীয়ে অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ উল্লেখ্য যে বৰপেটাৰ এনডিএৰ প্ৰাৰ্থী ফণীভুষণ চৌধুৰীৰ সমৰ্থনত অনুষ্ঠিত অগপৰ সভাত কংগ্ৰেছ, চিপিআইএম, এআইইউডিএফৰ কৰ্মীয়ে অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ অনুষ্ঠানত উপস্থিত থাকি চিপিএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক তীব্ৰ সমালোচনা কৰে৷ গোৱৰ্ধনা সমূহীয়া প্ৰেক্ষাগৃহ বিশিষ্ট সমাজকৰ্মী ওছমান গণিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ মনোৰঞ্জন দাস, অগপৰ কেন্দ্ৰীয় সম্পাদক ধ্ৰnৱ তালুকদাৰ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নৱ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যদ্বয় মণ্টু ওজা, জগন্নাথ দাস, অসম মহিলা পৰিষদৰ ভৱানীপুৰ-সৰভোগ বিধান পৰিষদৰ সভানেত্ৰী গীতা দেৱী বৰ্মনে কংগ্ৰেছ, চিপিআইএম দলক চোকা সমালোচনাৰে বক্তৃতা প্ৰদান কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ তথা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিশাল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও দাবী কৰে৷

লখিমপুৰত দুই কংগ্ৰেছ নেতাৰ গেৰুৱা বসন

‘আমাৰ অসম’ৰ লখিমপুৰৰ প্ৰতিনিধি : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লখিমপুৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আজি লখিমপুৰৰ দুই কংগ্ৰেছী নেতাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত৷ লখিমপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি মহিম হাজৰিকা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নেতা পদ্মেশ্বৰ দলেয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিৰ লখিমপুৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণোজ পেগু, জিলা সভাপতি ফণীধৰ বৰুৱা, প্ৰদান বৰুৱাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

মাজুলীত চাৰি শতাধিক কংগ্ৰেছী বিজেপিলৈ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান৷ যোৰহাট লোকসভা সমষ্টিত বাহৰ পাতি মন্ত্ৰী পীয়ুষ হাজিৰকাই দলীয় প্ৰাৰ্থী তপন গগৈৰ হৈ ব্যাপক প্ৰচাৰ চলাই আছে৷ মঙলবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই মাজুলীত প্ৰচাৰ অভিযান চলায়৷ মন্ত্ৰীজনৰ উপস্থিতত মাজুলীৰ ৰাৱনাপাৰত চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে৷ মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰা হ’ব৷ দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম৷ দুবছৰৰ ভিতৰত মাজুলীৰ গড়া খহনীয়া ৰোধৰ বাবে অতি কমেও ১০০ কোটি টকা মোকলাই দিয়া হ’ব বুলিও মন্ত্ৰীজনে প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ বাট-পথৰ অৱস্থা অতি শোচনীয় আছিল৷ কিন্তু এতিয়া মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ এটা এটা পথ পকীকৰণ কৰিলে৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ সময়তে মাজুলীয়ে জিলাৰ মৰ্যাদা লাভ কৰে৷ আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছে সূতা-কম্বলৰ ৰাজনীতি কৰিছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাবলৈ হ’লে ১০-২০ লাখ টকা দিব লগা হৈছিল৷ মন্ত্ৰী বিধায়কৰ অঙহী-বঙহীয়ে চাকৰি লাভ কৰিছিল৷ এপিএছচি চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিবলগীয়া হৈছিল৷ এতিয়া সেই পৰিৱেশ নাই৷ সেইবোৰ দুৰ্নীতিৰ বাবেই সকলোৱে কংগ্ৰেছ এৰিবলৈ বাধ্য হ’ল৷ এতিয়া আৰু সূতা কম্বলৰ ৰাজনীতি নচলে৷ গতিকে, সকলোকে বিজেপিক ভোট দিবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনায়৷