Logo
image

২৩ এপ্ৰিলত উচ্ছতম ন্যায়ালয়ত ‘কা’ গোচৰৰ শুনানি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ এপ্ৰিলঃ অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতেই অনুষ্ঠিত হ’ব নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত ৰুজু হোৱা গোচৰৰ শুনানি৷ নৰেন্দ্ৰ মোদী চৰকাৰে অসমকে ধৰি দেশৰ বিভিন্ন ঠাইত হোৱা প্ৰতিবাদ নেওচি বিগত ১১ মাৰ্চত ‘কা’ৰ বিধি প্ৰস্তুত কৰাৰ বিৰোধিতা কৰি অসমৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে সৰ্বোচ্ছ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল৷ ‘কা’ক লৈ কেন্দ্ৰীয় চৰকাৰৰ ১১ মাৰ্চৰ জাননীৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই তথা বিধি বলৱৎকৰণত স্থগিতাদেশ বিচাৰি ৰুজু কৰা সকলো গোচৰৰে ৯ এপ্ৰিল, মঙলবাৰে শুনানিৰ দিন ধাৰ্য কৰিছিল উচ্ছতম ন্যায়ালয়ে৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া খণ্ড বিচাৰপীঠত গোচৰটো মঙলবাৰে দিনৰ ২  বজাত শুনানিৰ বাবে তালিকাভুক্ত হৈছিল যদিও শেষ মুহূৰ্তত শুনানি বাতিল হৈছিল৷ ‘কা’ক লৈ ৰুজু হোৱা এই গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ দিন সৰ্বোচ্ছ ন্যায়ালয়ে ২৩ এপ্ৰিল নিৰ্ধাৰণ কৰিছে৷ বুধবাৰে সন্ধিয়া সৰ্বোচ্ছ ন্যায়ালয়ৰ তালিকাত ২৩ এপ্ৰিলত ‘কা’ গোচৰৰ শুনানিৰ দিন অন্তৰ্ভুক্ত হৈছে৷